--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধাৰৰ বোজাত পোত গৈ আছে তেওঁ। ধাৰ পৰিশোধ  কৰিব নোৱাৰি তীব্ৰ হতাশাত ভোগা বৃধ্দ লোকজনে অৱশেষত সিদ্ধান্ত লৈছিল নিজৰ থকা ঘৰটোকে বিক্ৰী কৰি দিয়াৰ। কিন্তু মানুহৰ ভাগ্যৰ চকৰি কেতিয়া কোন পিনে ঘূৰি যায় সেয়া কোনেও ক’ব নোৱাৰে। ঠিক তেনে ঘটনাই ঘটিল কোঝিকোডৰ বৃদ্ধগৰাকীৰ ক্ষেত্ৰতো। ঘৰ বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱাৰ দুঘণ্টা পিছতে কোঝিকোডৰ বৃদ্ধগৰাকীয়ে লাভ কৰিলে এক ভাবিব নোৱাৰা ধৰণৰ সংবাদ, তেওঁ লটাৰীত কোটি টকা জিকিছে। 

এই খবৰ শুনি ঠাইতে শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ’ৰ বৃদ্ধ ব্যক্তিগৰাকী।চিনেমা চিনেমা লগা এই কাহিনীৰ নায়ক হৈছে কেৰালাৰ কোঝিকোডৰ চিত্ৰশিল্পী মহম্মদ বাভা।

ঘৰ চলাবলৈয়েই শিল্পীজনে বহু টকা ধাৰ কৰি পেলাইছিল। ধাৰকত ডিঙিলৈকে পোত যোৱা বাভাৰে ধাৰ পৰিশোধৰ অন্তিম উপায় হিচাবে নিজৰ থকা ঘৰটোকে বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছিল।

কিন্তু  ঘৰটো বিক্ৰী হোৱাৰ মাত্ৰ দুঘণ্টা আগতে তেওঁ  ১ কোটি টকাৰ লটাৰী জিকাৰ খবৰটো পায়।
চিত্ৰশিল্পী মহম্মদ বাভাৰ  পৰিয়ালটো বেছ ডাঙৰ। পৰিয়ালত  তেওঁৰ পত্নীৰ বাহিৰেও, তেওঁৰ চাৰিজনী কন্যা আৰু এজন পুত্ৰ আছে। ঘৰ চলাবলৈ তেওঁ বেংকৰ লগতে  আত্মীয়ৰ পৰা ঋণ লৈছিল।এই ধাৰৰ পৰিমাণ বৃদ্ধি হৈ গৈ গৈ প্ৰায় ৫০ লাখ টকা হৈছিল। এই  ঋণ কেনেদৰে পৰিশোধ কৰিব লাগে সেই চিন্তাতে বাভাৰ টোপনি নোহোৱা হৈ পৰিছিল। সেয়ে শিল্পীজনে ঘৰটো বিক্ৰী কৰি সকলো ঋণ পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছিল। সিদ্ধান্ত হৈছিল ঘৰৰ সকলোকে তেওঁ এটা ভাড়াঘৰলৈ লৈ যাব।

সেইমৰ্মে তেওঁ তেওঁৰ ২,০০০ বৰ্গফুটৰ ঘৰটো বিক্ৰী কৰিবলৈ গ্ৰাহক ঠিক কৰিছিল।কিন্তু মুহূৰ্তৰ ভিতৰতে সকলো কথা সলনি হৈ পৰিল। কিছুদিন পূৰ্বে বাভাৰে বজাৰলৈ যাওঁতে লগৰ কেইজনমানে কিনা দেখি নিজেও এখন লটাৰীৰ টিকট কিনিছিল।
সেই লটাৰীৰ টিকট খনেই যে তেওঁৰ ভাগ্যৰ চকৰি ঘূৰাই দিব সেই কথা তেওঁ ভুলতেও ভাবিব পৰা নাছিল।

নিজৰ ঘৰটো ৪০ লাখ টকাত বিক্ৰী কৰাৰ ঠিক আগমুহূৰ্ততে  তেওঁ লটাৰীত ধন জিকাৰ খবৰটো পায়। জানিব পৰা মতে  কৰ বাদ দি প্ৰায় ৬০ লাখ টকা তেওঁৰ হাতলৈ আহিব।এনেদৰে ভাগ্যই অন্য দিশেৰে গতি কৰা কথাত হতভম্ব হৈ পৰিছে শিল্পীগৰাকী। তেওঁৰ মাত্ৰ এতিয়া এটাই চিন্তা, লটাৰীৰ ধনেৰে ধাৰ খিনি পৰিশোধ কৰিব লাগিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু