--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধাৰৰ বোজাত পোত গৈ আছে তেওঁ। ধাৰ পৰিশোধ  কৰিব নোৱাৰি তীব্ৰ হতাশাত ভোগা বৃধ্দ লোকজনে অৱশেষত সিদ্ধান্ত লৈছিল নিজৰ থকা ঘৰটোকে বিক্ৰী কৰি দিয়াৰ। কিন্তু মানুহৰ ভাগ্যৰ চকৰি কেতিয়া কোন পিনে ঘূৰি যায় সেয়া কোনেও ক’ব নোৱাৰে। ঠিক তেনে ঘটনাই ঘটিল কোঝিকোডৰ বৃদ্ধগৰাকীৰ ক্ষেত্ৰতো। ঘৰ বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱাৰ দুঘণ্টা পিছতে কোঝিকোডৰ বৃদ্ধগৰাকীয়ে লাভ কৰিলে এক ভাবিব নোৱাৰা ধৰণৰ সংবাদ, তেওঁ লটাৰীত কোটি টকা জিকিছে। 

এই খবৰ শুনি ঠাইতে শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ’ৰ বৃদ্ধ ব্যক্তিগৰাকী।চিনেমা চিনেমা লগা এই কাহিনীৰ নায়ক হৈছে কেৰালাৰ কোঝিকোডৰ চিত্ৰশিল্পী মহম্মদ বাভা।

ঘৰ চলাবলৈয়েই শিল্পীজনে বহু টকা ধাৰ কৰি পেলাইছিল। ধাৰকত ডিঙিলৈকে পোত যোৱা বাভাৰে ধাৰ পৰিশোধৰ অন্তিম উপায় হিচাবে নিজৰ থকা ঘৰটোকে বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছিল।

কিন্তু  ঘৰটো বিক্ৰী হোৱাৰ মাত্ৰ দুঘণ্টা আগতে তেওঁ  ১ কোটি টকাৰ লটাৰী জিকাৰ খবৰটো পায়।
চিত্ৰশিল্পী মহম্মদ বাভাৰ  পৰিয়ালটো বেছ ডাঙৰ। পৰিয়ালত  তেওঁৰ পত্নীৰ বাহিৰেও, তেওঁৰ চাৰিজনী কন্যা আৰু এজন পুত্ৰ আছে। ঘৰ চলাবলৈ তেওঁ বেংকৰ লগতে  আত্মীয়ৰ পৰা ঋণ লৈছিল।এই ধাৰৰ পৰিমাণ বৃদ্ধি হৈ গৈ গৈ প্ৰায় ৫০ লাখ টকা হৈছিল। এই  ঋণ কেনেদৰে পৰিশোধ কৰিব লাগে সেই চিন্তাতে বাভাৰ টোপনি নোহোৱা হৈ পৰিছিল। সেয়ে শিল্পীজনে ঘৰটো বিক্ৰী কৰি সকলো ঋণ পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছিল। সিদ্ধান্ত হৈছিল ঘৰৰ সকলোকে তেওঁ এটা ভাড়াঘৰলৈ লৈ যাব।

সেইমৰ্মে তেওঁ তেওঁৰ ২,০০০ বৰ্গফুটৰ ঘৰটো বিক্ৰী কৰিবলৈ গ্ৰাহক ঠিক কৰিছিল।কিন্তু মুহূৰ্তৰ ভিতৰতে সকলো কথা সলনি হৈ পৰিল। কিছুদিন পূৰ্বে বাভাৰে বজাৰলৈ যাওঁতে লগৰ কেইজনমানে কিনা দেখি নিজেও এখন লটাৰীৰ টিকট কিনিছিল।
সেই লটাৰীৰ টিকট খনেই যে তেওঁৰ ভাগ্যৰ চকৰি ঘূৰাই দিব সেই কথা তেওঁ ভুলতেও ভাবিব পৰা নাছিল।

নিজৰ ঘৰটো ৪০ লাখ টকাত বিক্ৰী কৰাৰ ঠিক আগমুহূৰ্ততে  তেওঁ লটাৰীত ধন জিকাৰ খবৰটো পায়। জানিব পৰা মতে  কৰ বাদ দি প্ৰায় ৬০ লাখ টকা তেওঁৰ হাতলৈ আহিব।এনেদৰে ভাগ্যই অন্য দিশেৰে গতি কৰা কথাত হতভম্ব হৈ পৰিছে শিল্পীগৰাকী। তেওঁৰ মাত্ৰ এতিয়া এটাই চিন্তা, লটাৰীৰ ধনেৰে ধাৰ খিনি পৰিশোধ কৰিব লাগিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ