ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি৷পুৱা ৭ বাজি ৫৪ মিনিটত ৩.৫ প্ৰাবল্যৰ ভূমিকম্পই অসমক স্পৰ্শ কৰি যায়৷ভূমিকম্পৰ অভিকেন্দ্ৰ মঙলদৈ,দৰং বুলি জানিব পৰা গৈছে৷বৰ্তমানলৈ কোনো বিস্তৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই যদিও মধ্য অসম বিশেষকৈ ওদালগুৰি,ঢেকিয়াজুলি,তেজপুৰ,মৰিগাঁও, নগাঁও আৰু কামৰূপ(ম)ত প্ৰভাৱ বিশেষকৈ দেখা পোৱা গৈছে বুলি জানিব পৰা গৈছে৷