--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক দিলজিৎ দোচাঞ্জৰ আজি জন্মদিন। ৩৮ বছৰীয়া হ'ল দিলজিৎ দোচাঞ্জ। ১৯৮৪ চনৰ ৬ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল দিলজিৎ দোচাঞ্জে। সমগ্ৰ দেশজুৰি তেওঁৰ বহুতো অনুৰাগী আছে। দিলজিতৰ জন্মদিনত অনুৰাগীসকলে তেওঁক শুভকামনাৰে ওপচাই পেলাইছে। . দিলজিতে নিজক লক্ষ্যত উপনীত হ'বলৈ সৰুৰে পৰা বহুত কঠোৰ পৰিশ্ৰম কৰিছিল। সৰুৰে পৰা গানৰ অনুৰাগী দিলজিতে নিজৰ সপোন পূৰণ কৰিবলৈ গুৰুদ্বাৰত গান গাইছিল আৰু আজিৰ তাৰিখত সকলোৱে তেওঁৰ গান শুনি ভাল পায়। দিলজিতে ২০২২ চনত তেওঁৰ অনুৰাগীসকলক এক ডাঙৰ উপহাৰ দিব। দিলজিৎক নৱদীপ সিঙৰ পৰিচালিত ছবি কানাডাত দেখা যাব যিখন ২০২২ চনৰ ৫ নৱেম্বৰত মুক্তি পাব। ইয়াৰ লগতে ১ ডিচেম্বৰত মুক্তি পাবলগীয়া ক্ৰেজি হোম চলচ্চিত্ৰখনতো তেওঁ অভিনয় কৰিছে।

গান আৰু অভিনয়ত সমানেই দক্ষতা থকা বাবে দিলজিতক সকলোৱে মাল্টি টেলেণ্টেড বুলি কয়। দিলজিতে কৃষক আন্দোলনত ভাগ লৈ সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ প্ৰতিবাৰেই কৃষকসকলৰ সমৰ্থনত থিয় দিছিল। কৃষকসকলক বিভিন্ন প্ৰকাৰেৰে সহায়ৰ হাত আগবঢ়াইছিল। ঠাণ্ডা দিনত প্ৰতিবাদকাৰী কৃষকসকলক গৰম কাপোৰ দিবৰ বাবে ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল দিলজিতে। কিন্তু এই সহায় তেওঁ নীৰৱে কৰিছিল, কাকো জনাব বিচৰা নাছিল।

দিলজিতৰ বন্ধু এজনে এই কথা ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰি সকলোকে জনাইছিল। তেওঁ কৈছিল দিলজিতৰ অনুমতি নোলোৱাকৈ মই এই কথা প্ৰকাশ কৰিলো। ইমান এটা মানৱ দৰদী খবৰ মানুহক নিদিয়াকৈ মই কেনেকৈ থাকোঁ। গতিকে দিলজিতে মোক বেয়া পালেও উপায় নাই, মই এই খবৰ মানুহক দিয়াতো মই মোৰ দায়িত্ব বুলি ভাবিলো। দিলজিতৰ এই কাৰ্যক সকলোৱে বৰ প্ৰশংসা কৰিছিল। মানৱ দৰদী দিলজিৎ দোচাঞ্জ কুশলে থাকক এয়াই তেওঁৰ অনুৰাগী তথা শুভাকাংক্ষীসকলৰ মনোকামনা।

আৰু পঢ়কঃ অভিনেত্ৰীৰ সৈতে প্ৰেমত থাকোতেই আহিল অন্য যুৱতী,এই যুৱতীয়ে হ’লগৈ কপিল দেৱৰ পত্নী


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক