--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক দিলজিৎ দোচাঞ্জৰ আজি জন্মদিন। ৩৮ বছৰীয়া হ'ল দিলজিৎ দোচাঞ্জ। ১৯৮৪ চনৰ ৬ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল দিলজিৎ দোচাঞ্জে। সমগ্ৰ দেশজুৰি তেওঁৰ বহুতো অনুৰাগী আছে। দিলজিতৰ জন্মদিনত অনুৰাগীসকলে তেওঁক শুভকামনাৰে ওপচাই পেলাইছে। . দিলজিতে নিজক লক্ষ্যত উপনীত হ'বলৈ সৰুৰে পৰা বহুত কঠোৰ পৰিশ্ৰম কৰিছিল। সৰুৰে পৰা গানৰ অনুৰাগী দিলজিতে নিজৰ সপোন পূৰণ কৰিবলৈ গুৰুদ্বাৰত গান গাইছিল আৰু আজিৰ তাৰিখত সকলোৱে তেওঁৰ গান শুনি ভাল পায়। দিলজিতে ২০২২ চনত তেওঁৰ অনুৰাগীসকলক এক ডাঙৰ উপহাৰ দিব। দিলজিৎক নৱদীপ সিঙৰ পৰিচালিত ছবি কানাডাত দেখা যাব যিখন ২০২২ চনৰ ৫ নৱেম্বৰত মুক্তি পাব। ইয়াৰ লগতে ১ ডিচেম্বৰত মুক্তি পাবলগীয়া ক্ৰেজি হোম চলচ্চিত্ৰখনতো তেওঁ অভিনয় কৰিছে।

গান আৰু অভিনয়ত সমানেই দক্ষতা থকা বাবে দিলজিতক সকলোৱে মাল্টি টেলেণ্টেড বুলি কয়। দিলজিতে কৃষক আন্দোলনত ভাগ লৈ সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ প্ৰতিবাৰেই কৃষকসকলৰ সমৰ্থনত থিয় দিছিল। কৃষকসকলক বিভিন্ন প্ৰকাৰেৰে সহায়ৰ হাত আগবঢ়াইছিল। ঠাণ্ডা দিনত প্ৰতিবাদকাৰী কৃষকসকলক গৰম কাপোৰ দিবৰ বাবে ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল দিলজিতে। কিন্তু এই সহায় তেওঁ নীৰৱে কৰিছিল, কাকো জনাব বিচৰা নাছিল।

দিলজিতৰ বন্ধু এজনে এই কথা ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰি সকলোকে জনাইছিল। তেওঁ কৈছিল দিলজিতৰ অনুমতি নোলোৱাকৈ মই এই কথা প্ৰকাশ কৰিলো। ইমান এটা মানৱ দৰদী খবৰ মানুহক নিদিয়াকৈ মই কেনেকৈ থাকোঁ। গতিকে দিলজিতে মোক বেয়া পালেও উপায় নাই, মই এই খবৰ মানুহক দিয়াতো মই মোৰ দায়িত্ব বুলি ভাবিলো। দিলজিতৰ এই কাৰ্যক সকলোৱে বৰ প্ৰশংসা কৰিছিল। মানৱ দৰদী দিলজিৎ দোচাঞ্জ কুশলে থাকক এয়াই তেওঁৰ অনুৰাগী তথা শুভাকাংক্ষীসকলৰ মনোকামনা।

আৰু পঢ়কঃ অভিনেত্ৰীৰ সৈতে প্ৰেমত থাকোতেই আহিল অন্য যুৱতী,এই যুৱতীয়ে হ’লগৈ কপিল দেৱৰ পত্নী


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি