--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পহিলা জানুৱাৰীৰ পৰাই অনলাইন খাদ্য সামগ্ৰী, কাপোৰ, জোতা ইত্যাদিত জিএছটি প্ৰযোজ্য হোৱাৰে পৰা উক্ত সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে৷ বছৰৰ প্ৰথমটো সপ্তাহতে পুনৰ জনতাক মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ৷ পুনৰ দাম বাঢ়িব আপুনি ব্যৱহাৰ কৰা খাদ্য আৰু অন্য সামগ্ৰীৰ৷ দেশৰ আগশাৰীৰ ফাষ্ট-মুভিং কনজিউমাৰ গুডছ্, চমুকৈ এফএমচিজি প্ৰতিষ্ঠানসমূহে ফেব্ৰুৱাৰীৰ পৰাই সামগ্ৰীৰ দামবৃদ্ধিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ লগে লগে আপুনি বিস্কুটখনৰ বাবে ভৰিবলগীয়া হ’ব ১০ শতাংশতকৈ অধিক ধন৷

এই সময়ছোৱাত বিস্কুটকে ধৰি আটা, বাচমতি চাউল, শ্বেম্পুৰ দাম ২ৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হ’ব৷ আদানী উইলমাৰ প্ৰতিষ্ঠানে পেকেজড্ আটাৰ দাম ৫ৰ পৰা ৮ শতাংশ আৰু বাচমতি চাউলৰ দাম ৮ৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব৷ দামবৃদ্ধি সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাবৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মহিত মালহোত্ৰাই কয় যে প্ৰতিষ্ঠানটোৱে অলপতে ডাবৰৰ সামগ্ৰীসমূহৰ দাম ৩-৪ শতাংশ বৃদ্ধি কৰিছে৷ প্ৰতিষ্ঠানটোৱে লগতে কয়, অহা সময়ছোৱাত আন প্ৰতিষ্ঠানে গ্ৰহণ কৰা পদক্ষেপৰ লগত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীৰ দামবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷

প্ৰসাধন সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কেভিন কেয়াৰেও অহা মাহৰ পৰা শ্বেম্পু আৰু ছালৰ পৰিচৰ্যাৰ সামগ্ৰীৰ মূল্য ২ৰ পৰা ৩ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব৷ সামগ্ৰীৰ ধাৰাবাহিক দামবৃদ্ধিক লৈ নীৰৱ কেন্দ্ৰীয় চৰকাৰ৷ ক’ভিডসৃষ্ট বিপৰ্যয় আৰু লকডাউনে আনি দিয়া অৰ্থনৈতিক স্থবিৰতাৰ পাছত জনসাধাৰণৰ সন্মুখত দামবৃদ্ধিৰ সমস্যাটো অতি গুৰুতৰ হৈ দেখা দিছে৷ এনেস্থলত বিস্কুট, আটা আৰু অইন প্ৰসাধন সামগ্ৰীৰ দামবৃদ্ধিয়ে যে পুনৰ জনসাধাৰণক বিপৰ্যস্ত কৰিব, সেয়া নিশ্চিত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক