--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পহিলা জানুৱাৰীৰ পৰাই অনলাইন খাদ্য সামগ্ৰী, কাপোৰ, জোতা ইত্যাদিত জিএছটি প্ৰযোজ্য হোৱাৰে পৰা উক্ত সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে৷ বছৰৰ প্ৰথমটো সপ্তাহতে পুনৰ জনতাক মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ৷ পুনৰ দাম বাঢ়িব আপুনি ব্যৱহাৰ কৰা খাদ্য আৰু অন্য সামগ্ৰীৰ৷ দেশৰ আগশাৰীৰ ফাষ্ট-মুভিং কনজিউমাৰ গুডছ্, চমুকৈ এফএমচিজি প্ৰতিষ্ঠানসমূহে ফেব্ৰুৱাৰীৰ পৰাই সামগ্ৰীৰ দামবৃদ্ধিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ লগে লগে আপুনি বিস্কুটখনৰ বাবে ভৰিবলগীয়া হ’ব ১০ শতাংশতকৈ অধিক ধন৷

এই সময়ছোৱাত বিস্কুটকে ধৰি আটা, বাচমতি চাউল, শ্বেম্পুৰ দাম ২ৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হ’ব৷ আদানী উইলমাৰ প্ৰতিষ্ঠানে পেকেজড্ আটাৰ দাম ৫ৰ পৰা ৮ শতাংশ আৰু বাচমতি চাউলৰ দাম ৮ৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব৷ দামবৃদ্ধি সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাবৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মহিত মালহোত্ৰাই কয় যে প্ৰতিষ্ঠানটোৱে অলপতে ডাবৰৰ সামগ্ৰীসমূহৰ দাম ৩-৪ শতাংশ বৃদ্ধি কৰিছে৷ প্ৰতিষ্ঠানটোৱে লগতে কয়, অহা সময়ছোৱাত আন প্ৰতিষ্ঠানে গ্ৰহণ কৰা পদক্ষেপৰ লগত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীৰ দামবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷

প্ৰসাধন সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কেভিন কেয়াৰেও অহা মাহৰ পৰা শ্বেম্পু আৰু ছালৰ পৰিচৰ্যাৰ সামগ্ৰীৰ মূল্য ২ৰ পৰা ৩ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব৷ সামগ্ৰীৰ ধাৰাবাহিক দামবৃদ্ধিক লৈ নীৰৱ কেন্দ্ৰীয় চৰকাৰ৷ ক’ভিডসৃষ্ট বিপৰ্যয় আৰু লকডাউনে আনি দিয়া অৰ্থনৈতিক স্থবিৰতাৰ পাছত জনসাধাৰণৰ সন্মুখত দামবৃদ্ধিৰ সমস্যাটো অতি গুৰুতৰ হৈ দেখা দিছে৷ এনেস্থলত বিস্কুট, আটা আৰু অইন প্ৰসাধন সামগ্ৰীৰ দামবৃদ্ধিয়ে যে পুনৰ জনসাধাৰণক বিপৰ্যস্ত কৰিব, সেয়া নিশ্চিত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ