--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰীয়েই সুৰক্ষিত নহয় দেশত । দেশৰ প্ৰধানমন্ত্ৰীয়েই এতিয়া নিৰাপত্তাহীন হৈ পৰিছে দেশত! শুনিবলৈ আচহুৱা যেন লাগিলেও এই কথাই এতিয়া তোলপাৰ লগাইছে। পঞ্জাবৰ ফিৰোজপুৰলৈ যোৱাৰ পথত বুধবাৰে প্ৰতিবাদী কৃষকসকলে প্ৰধানমন্ত্ৰীৰ পথ অৱৰোধ কৰা তথা বাধা বা আধা ৰাস্তাৰ পৰাই তেওঁ উভতি আহিবলগীয়া হোৱা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত এনে বাধাই এতিয়া তীব্ৰ ৰাজনৈতিক ৰূপ লাভ কৰিছে আৰু বিজেপিয়ে কংগ্ৰেছশাসিত ৰাজ্যখনৰ গাফিলতি হিচাপে ইয়াক প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে।

বিজেপিয়ে এই ঘটনাক গুৰুতৰ নিৰাপত্তজনিত গাফিলতি বুলি অভিযোগ কৰাৰ বিপৰীতে পঞ্জাব প্ৰদেশ কংগ্ৰেছে বিজেপিলৈকে অভিযোগৰ আঙুলি টোঁওৱা দেখা গৈছে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে মন্তব্য কৰিছে যে, প্ৰধানমন্ত্ৰীৰ সভাৰ খালী চকীবোৰৰ কথা ঢাকিবলৈকে নিৰাপত্তাজনিত গাফিলতিৰ প্ৰসংগ উত্থাপন কৰা হৈছে। ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি এই প্ৰসংগত দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বয়ং প্ৰধানমন্ত্ৰী ক্ষেত্ৰত হোৱা এই নিৰাপত্তাজনিত গাফিলতিক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰা বুলি জানিব পৰা গৈছে।

প্ৰতিবাদী কৃষকে ৰাস্তাত ট্ৰেক্টৰ ৰখাই লৈ পথ অৱৰোধ কৰাৰ ফলত ২০ মিনিট ধৰি প্ৰধানমন্ত্ৰী মোদীৰ কনভয় পথৰ ওপৰতে আবদ্ধ হৈ পৰে। তাৰ পাছতে তেওঁ নিজৰ এই কাৰ্যসূচী বাতিল কৰি আদবাটৰপৰা উভতি আহিবলগীয়া হয়। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ফিৰোজপুৰৰ এই কাৰ্যসূচীলৈ হেলিকপ্টাৰেৰে যোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে এই কাৰ্যসূচীত উপস্থিত হ’বলৈ প্ৰায় দুঘণ্টীয়া পথ যাত্ৰা কৰিবলগীয়া হৈছিল। আৰু যাত্ৰাকালতে এই অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই নিৰাপত্তজনিত গাফিলতিৰ কথা ৰাষ্ট্ৰপতিক অৱগত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক