--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰীয়েই সুৰক্ষিত নহয় দেশত । দেশৰ প্ৰধানমন্ত্ৰীয়েই এতিয়া নিৰাপত্তাহীন হৈ পৰিছে দেশত! শুনিবলৈ আচহুৱা যেন লাগিলেও এই কথাই এতিয়া তোলপাৰ লগাইছে। পঞ্জাবৰ ফিৰোজপুৰলৈ যোৱাৰ পথত বুধবাৰে প্ৰতিবাদী কৃষকসকলে প্ৰধানমন্ত্ৰীৰ পথ অৱৰোধ কৰা তথা বাধা বা আধা ৰাস্তাৰ পৰাই তেওঁ উভতি আহিবলগীয়া হোৱা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত এনে বাধাই এতিয়া তীব্ৰ ৰাজনৈতিক ৰূপ লাভ কৰিছে আৰু বিজেপিয়ে কংগ্ৰেছশাসিত ৰাজ্যখনৰ গাফিলতি হিচাপে ইয়াক প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে।

বিজেপিয়ে এই ঘটনাক গুৰুতৰ নিৰাপত্তজনিত গাফিলতি বুলি অভিযোগ কৰাৰ বিপৰীতে পঞ্জাব প্ৰদেশ কংগ্ৰেছে বিজেপিলৈকে অভিযোগৰ আঙুলি টোঁওৱা দেখা গৈছে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে মন্তব্য কৰিছে যে, প্ৰধানমন্ত্ৰীৰ সভাৰ খালী চকীবোৰৰ কথা ঢাকিবলৈকে নিৰাপত্তাজনিত গাফিলতিৰ প্ৰসংগ উত্থাপন কৰা হৈছে। ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি এই প্ৰসংগত দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বয়ং প্ৰধানমন্ত্ৰী ক্ষেত্ৰত হোৱা এই নিৰাপত্তাজনিত গাফিলতিক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰা বুলি জানিব পৰা গৈছে।

প্ৰতিবাদী কৃষকে ৰাস্তাত ট্ৰেক্টৰ ৰখাই লৈ পথ অৱৰোধ কৰাৰ ফলত ২০ মিনিট ধৰি প্ৰধানমন্ত্ৰী মোদীৰ কনভয় পথৰ ওপৰতে আবদ্ধ হৈ পৰে। তাৰ পাছতে তেওঁ নিজৰ এই কাৰ্যসূচী বাতিল কৰি আদবাটৰপৰা উভতি আহিবলগীয়া হয়। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ফিৰোজপুৰৰ এই কাৰ্যসূচীলৈ হেলিকপ্টাৰেৰে যোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে এই কাৰ্যসূচীত উপস্থিত হ’বলৈ প্ৰায় দুঘণ্টীয়া পথ যাত্ৰা কৰিবলগীয়া হৈছিল। আৰু যাত্ৰাকালতে এই অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই নিৰাপত্তজনিত গাফিলতিৰ কথা ৰাষ্ট্ৰপতিক অৱগত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?