--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স ৪০ বছৰ। এই বয়সতো মাজে মাজে সামাজিক মাধ্যমৰ যোগেদি চমক দি আহিছে এইগৰাকী অভিনেত্ৰীয়ে। আপুনি হয়তো ভাবিছে যে কোন হ’ব পাৰে এইগৰাকী লাস্যময়ী অভিনেত্ৰী। তেওঁ আন কোনো নহয়, 'বেবী ড’ল' খ্যাত ছানী লিয়নী। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰিয় গন্তব্য স্থান মালদ্বীপত অৱসৰৰ সময় অতিবাহিত কৰিছে। মালদ্বীপৰ পৰাই আহিছে ছ’চিয়েল মিডিয়া গৰম কৰা ছানী লিয়নীৰ কেইবাখনো ফটো। ছানীৰ ফটো দেখি উচ্ছসিত অনুৰাগী। বিকিনি পৰিহিতা ছানীৰ লাস্যময়ী ৰূপত এতিয়া থৰকাছুটী হেৰুৱাইছে অনুৰাগীয়ে। ছ’চিয়েল মিডিয়াত এতিয়া কেৱল লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ বন্যা। উল্লেখ্য যে, ছানী লিয়নী বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। এগৰাকী অভিনেত্ৰীৰ উপৰি ছানী এগৰাকী ভাল নৃত্যশিল্পীয়ো। ৰূপালী পৰ্দাত একাধিক আইটেম নম্বৰত দেখিবলৈ পোৱা গৈ এইগৰাকী অভিনেত্ৰীক।ইয়াৰোপৰি, কেইবাটাও মিউজিক ভিডিঅ'ত কাম কৰিছে ছানীয়ে। ভাৰততে নহয় বাংলাদেশৰ এটা ভিডিঅ'তো দেখা গৈছে ছানীৰ ঝলক। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সামাজিক মাধ্যমত মালদ্বীপৰ পৰা কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। কেতিয়াবা বিকিনি পিন্ধি পুলৰ কাষত আৰু কেতিয়াবা সাগৰৰ মাজৰ নাও এখনত চুইমচুটত দেখা গৈছে ছানীক।   কেৱল সেয়াই নহয়, কেতি য়াবা আকৌ সাগৰ তলিত স্কুৱা ডাইভিং কৰা ফটোও শ্বেয়াৰ কৰিছে তেওঁ। পানীৰ তলত কাছ চোৱাৰ আনন্দই সুকীয়া বুলি মন্তব্য কৰিছে ছানীয়ে। চুটি পোছাক পিন্ধি ৰিজৰ্টৰ বাৰান্দাত থিয় হৈ ফটো তোলা ছানীয়ে অুৰাগীত দেখুৱাইছে সাগৰ পাৰৰ নৈসৰ্গিক দৃশ্য। মুঠতে নিজৰ মাজতে সময় কটাইছে,জীৱন নামৰ পৃষ্ঠাবোৰ ৰঙীন কৰি তুলিছে সেয়া এই ছবিবোৰেই স্পষ্ট ৰূপত তুলি ধৰিছে।মন কৰিবলগীয়া যে, এই বয়সতো ছানী লিয়নীয়ে বহু অভিনেত্ৰীক বুঢ়া আঙুলি দেখুৱাই দিব পাৰে। সম্প্ৰতি এইগৰাকী অভিনেত্ৰীৰ ছবিবোৰে কিমানৰ যে হৃদয়ত জুই জ্বলালে তাৰ ‌ঠিক নাই!   New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ