--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স ৪০ বছৰ। এই বয়সতো মাজে মাজে সামাজিক মাধ্যমৰ যোগেদি চমক দি আহিছে এইগৰাকী অভিনেত্ৰীয়ে। আপুনি হয়তো ভাবিছে যে কোন হ’ব পাৰে এইগৰাকী লাস্যময়ী অভিনেত্ৰী। তেওঁ আন কোনো নহয়, 'বেবী ড’ল' খ্যাত ছানী লিয়নী। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰিয় গন্তব্য স্থান মালদ্বীপত অৱসৰৰ সময় অতিবাহিত কৰিছে। মালদ্বীপৰ পৰাই আহিছে ছ’চিয়েল মিডিয়া গৰম কৰা ছানী লিয়নীৰ কেইবাখনো ফটো। ছানীৰ ফটো দেখি উচ্ছসিত অনুৰাগী। বিকিনি পৰিহিতা ছানীৰ লাস্যময়ী ৰূপত এতিয়া থৰকাছুটী হেৰুৱাইছে অনুৰাগীয়ে। ছ’চিয়েল মিডিয়াত এতিয়া কেৱল লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ বন্যা। উল্লেখ্য যে, ছানী লিয়নী বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। এগৰাকী অভিনেত্ৰীৰ উপৰি ছানী এগৰাকী ভাল নৃত্যশিল্পীয়ো। ৰূপালী পৰ্দাত একাধিক আইটেম নম্বৰত দেখিবলৈ পোৱা গৈ এইগৰাকী অভিনেত্ৰীক।ইয়াৰোপৰি, কেইবাটাও মিউজিক ভিডিঅ'ত কাম কৰিছে ছানীয়ে। ভাৰততে নহয় বাংলাদেশৰ এটা ভিডিঅ'তো দেখা গৈছে ছানীৰ ঝলক। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সামাজিক মাধ্যমত মালদ্বীপৰ পৰা কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। কেতিয়াবা বিকিনি পিন্ধি পুলৰ কাষত আৰু কেতিয়াবা সাগৰৰ মাজৰ নাও এখনত চুইমচুটত দেখা গৈছে ছানীক।   কেৱল সেয়াই নহয়, কেতি য়াবা আকৌ সাগৰ তলিত স্কুৱা ডাইভিং কৰা ফটোও শ্বেয়াৰ কৰিছে তেওঁ। পানীৰ তলত কাছ চোৱাৰ আনন্দই সুকীয়া বুলি মন্তব্য কৰিছে ছানীয়ে। চুটি পোছাক পিন্ধি ৰিজৰ্টৰ বাৰান্দাত থিয় হৈ ফটো তোলা ছানীয়ে অুৰাগীত দেখুৱাইছে সাগৰ পাৰৰ নৈসৰ্গিক দৃশ্য। মুঠতে নিজৰ মাজতে সময় কটাইছে,জীৱন নামৰ পৃষ্ঠাবোৰ ৰঙীন কৰি তুলিছে সেয়া এই ছবিবোৰেই স্পষ্ট ৰূপত তুলি ধৰিছে।মন কৰিবলগীয়া যে, এই বয়সতো ছানী লিয়নীয়ে বহু অভিনেত্ৰীক বুঢ়া আঙুলি দেখুৱাই দিব পাৰে। সম্প্ৰতি এইগৰাকী অভিনেত্ৰীৰ ছবিবোৰে কিমানৰ যে হৃদয়ত জুই জ্বলালে তাৰ ‌ঠিক নাই!   New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু