--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পিছত আন এটা ঘটনাই জোকাৰি গৈছে ‘দ্য কাশ্মীৰ ফাইলছ’ক। চাৰিওফালে ছবিখনক লৈ চলিছে চৰ্চা। ২০০ কোটিতকৈ অধিক ব্যৱসায়েৰে অভিলেখ গঢ়িলেও মাৰ যোৱা নাই উত্তেজনা। সমালোচকৰ তীক্ষ্ণ বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হৈছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। চিনেমা চলি থকা সময়তে ‘পাকিস্তান জিন্দাবাদ’ শ্ল’গান দিয়াৰ উপৰি ছবিগৃহত অপ্ৰত্যাশিত পৰিৱেশৰ সৃষ্টি হোৱাৰ খবৰে আহত কৰিছে সচেতন লোকক। বলীউডৰ বহু অগ্ৰণী তাৰকাই ছবিখনক লৈ মন্তব্য কৰাৰ উপৰি ৰাজনৈতিক মহলতো বিশেষ প্ৰাধান্য লাভ কৰিছে ‘দ্য কাশ্মীৰ ফাইল’-এ। এইবাৰ ছবিখনক লৈ মুখ খুলিছে অৰবিন্দ কেজৰিৱালে। কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত গুৰুত্ব দিয়া 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ চলি থকা ৰাজনৈতিক হুলস্থূল বন্ধ হোৱা নাই এতিয়াও। শেহতীয়াকৈ, নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বিষয়টোৰ আলমত বিজেপিক তিক্ত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ২৪ মাৰ্চত বিধানসভাত ভাষণৰ সময়ত তেওঁ কয়, ‘আজি সমগ্ৰ দেশতে বিজেপিয়ে ৰাজপথত এখন ছবিৰ পোষ্টাৰ লগাই আছে। সেইকাৰণে আপুনি ৰাজনীতি কৰিবলৈ আহিছিল নেকি? আপুনি আপোনাৰ সন্তানক কি উত্তৰ দিব? আপোনাৰ সন্তানে যেতিয়া সুধিব যে, আপুনি কি কৰে? তেতিায়া কি ক’ব-মই ছবিৰ পোষ্টাৰ লগাওঁ। ’ ‘কাশ্মীৰ ফাইলছ’ত গীত গোৱাৰ কথা আছিল লতাজীৰ! পৰিচালকে সদৰি কৰিলে বহু অজানা কথা কেজৰিৱালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ কয় যে, ‘৮ বছৰ ধৰি চৰকাৰ চলোৱাৰ পাছত যদি এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে বিবেক অগ্নিহোত্ৰীৰ চৰণত শৰণ ল’ব লগীয়া হয় তেতিয়া হ’লে ইয়াৰ অৰ্থ হৈছে যে প্ৰধানমন্ত্ৰীয়ে একো কাম কৰা নাই। ৮ বছৰ এনেদৰে কাম নোহোৱাকৈয়ে চলি আছে চৰকাৰ। তেওঁলোকে কৈছে যে কাশ্মীৰৰ ফাইলছৰ ওপৰত কৰমুক্ত কৰি দিয়া হৈছে। ইউটিউবত দি দিয়ক, বিনামূলীয়া হৈ যাব। কৰমুক্ত কিয় কৰিছে? কাশ্মীৰী পণ্ডিতসকলক ব্যৱহাৰ কৰি কিছুমান লোকে কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু আপোনালোকক পোষ্টাৰ লগোৱাৰ কাম দিয়া হৈছে। চকু খোলা…' স্মৰ্তব্য যে, ১১ মাৰ্চত মুক্তি পাইছিল বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালবোৰৰ ওপৰত কেনেধৰণৰ বৰ্বৰ অত্যাচাৰ সংঘটিত হৈছিল তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰি আহিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। ছবিখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰে দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ আগৰ পৰাই ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ উত্তপ্ত হৈ পৰিছিল ৰাজনৈতিক মহল। ছবিখনৰ মুক্তিৰ পাছত ইয়াৰ প্ৰভাৱ আৰু দুগুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছবিখনৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছিল। দেশৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে। ছবিখনত প্ৰকৃত সত্যক লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপিত হৈছে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে। ইফালে, ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে। পৰিচালকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু