--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পিছত আন এটা ঘটনাই জোকাৰি গৈছে ‘দ্য কাশ্মীৰ ফাইলছ’ক। চাৰিওফালে ছবিখনক লৈ চলিছে চৰ্চা। ২০০ কোটিতকৈ অধিক ব্যৱসায়েৰে অভিলেখ গঢ়িলেও মাৰ যোৱা নাই উত্তেজনা। সমালোচকৰ তীক্ষ্ণ বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হৈছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। চিনেমা চলি থকা সময়তে ‘পাকিস্তান জিন্দাবাদ’ শ্ল’গান দিয়াৰ উপৰি ছবিগৃহত অপ্ৰত্যাশিত পৰিৱেশৰ সৃষ্টি হোৱাৰ খবৰে আহত কৰিছে সচেতন লোকক। বলীউডৰ বহু অগ্ৰণী তাৰকাই ছবিখনক লৈ মন্তব্য কৰাৰ উপৰি ৰাজনৈতিক মহলতো বিশেষ প্ৰাধান্য লাভ কৰিছে ‘দ্য কাশ্মীৰ ফাইল’-এ। এইবাৰ ছবিখনক লৈ মুখ খুলিছে অৰবিন্দ কেজৰিৱালে। কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত গুৰুত্ব দিয়া 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ চলি থকা ৰাজনৈতিক হুলস্থূল বন্ধ হোৱা নাই এতিয়াও। শেহতীয়াকৈ, নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বিষয়টোৰ আলমত বিজেপিক তিক্ত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ২৪ মাৰ্চত বিধানসভাত ভাষণৰ সময়ত তেওঁ কয়, ‘আজি সমগ্ৰ দেশতে বিজেপিয়ে ৰাজপথত এখন ছবিৰ পোষ্টাৰ লগাই আছে। সেইকাৰণে আপুনি ৰাজনীতি কৰিবলৈ আহিছিল নেকি? আপুনি আপোনাৰ সন্তানক কি উত্তৰ দিব? আপোনাৰ সন্তানে যেতিয়া সুধিব যে, আপুনি কি কৰে? তেতিায়া কি ক’ব-মই ছবিৰ পোষ্টাৰ লগাওঁ। ’ ‘কাশ্মীৰ ফাইলছ’ত গীত গোৱাৰ কথা আছিল লতাজীৰ! পৰিচালকে সদৰি কৰিলে বহু অজানা কথা কেজৰিৱালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ কয় যে, ‘৮ বছৰ ধৰি চৰকাৰ চলোৱাৰ পাছত যদি এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে বিবেক অগ্নিহোত্ৰীৰ চৰণত শৰণ ল’ব লগীয়া হয় তেতিয়া হ’লে ইয়াৰ অৰ্থ হৈছে যে প্ৰধানমন্ত্ৰীয়ে একো কাম কৰা নাই। ৮ বছৰ এনেদৰে কাম নোহোৱাকৈয়ে চলি আছে চৰকাৰ। তেওঁলোকে কৈছে যে কাশ্মীৰৰ ফাইলছৰ ওপৰত কৰমুক্ত কৰি দিয়া হৈছে। ইউটিউবত দি দিয়ক, বিনামূলীয়া হৈ যাব। কৰমুক্ত কিয় কৰিছে? কাশ্মীৰী পণ্ডিতসকলক ব্যৱহাৰ কৰি কিছুমান লোকে কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু আপোনালোকক পোষ্টাৰ লগোৱাৰ কাম দিয়া হৈছে। চকু খোলা…' স্মৰ্তব্য যে, ১১ মাৰ্চত মুক্তি পাইছিল বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালবোৰৰ ওপৰত কেনেধৰণৰ বৰ্বৰ অত্যাচাৰ সংঘটিত হৈছিল তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰি আহিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। ছবিখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰে দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ আগৰ পৰাই ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ উত্তপ্ত হৈ পৰিছিল ৰাজনৈতিক মহল। ছবিখনৰ মুক্তিৰ পাছত ইয়াৰ প্ৰভাৱ আৰু দুগুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছবিখনৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছিল। দেশৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে। ছবিখনত প্ৰকৃত সত্যক লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপিত হৈছে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে। ইফালে, ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে। পৰিচালকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ