--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ দুৰ্ঘটনাৰ সাক্ষী হ’ল দেশ৷আজি ৪০ ফুট দ গাঁতত পৰে এটি শিশু। দেওবাৰে পুৱাৰ ভাগত দিল্লীৰ কেশপুৰ মাণ্ডী অঞ্চলত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কেইবাঘণ্টাৰ চেষ্টা পাছতো শিশুটিক গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু NDRF তথা দিল্লী আৰক্ষীও মোতায়েন কৰা হৈছে।বৰ্তমান যুদ্ধকালীন পৰিস্থিতিত উদ্ধাৰ অভিযান চলি আছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দিল্লী জল ব’ৰ্ডৰ প্লাণ্টৰ পানী পৰিশোধন প্লাণ্টৰ এটা গাঁতত হঠাৎ বাগৰি পৰে শিশুটি। অৱশ্যে শিশুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। দিল্লীৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী অতুল গাৰ্গে ঘটনাস্থলীত পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন আছে বুলি জানিবলৈ দিয়ে।


ঘটনা সন্দৰ্ভত অৱগত কৰি দিল্লী আৰক্ষীৰ (পশ্চিম) উপ আয়ুক্ত বিচিত্ৰ ব’ৰে কয়, ‘বিকাশপুৰী আৰক্ষী থানাত ৰাতিপুৱাৰ ভাগত পিচিআৰ ফোন আহিছিল। গাঁতটোত এটি শিশু পৰি যোৱাৰ খবৰ পোৱা গৈছে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হয়। তদুপৰি NDRFক আহ্বান কৰা হয়। আমাৰ বাবে এতিয়া ডাঙৰ প্ৰত্যাহ্বানটো হ’ল গাঁতটোত আবদ্ধ হৈ থকা শিশুটিক নিৰাপদে উলিয়াই অনা।’

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত গুজৰাটৰ জামনগৰ জিলাত দুবছৰীয়া ল’ৰা এটা গাঁতত পৰিছিল। ৯ ঘণ্টাৰ চেষ্টাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটিক। ইয়াৰ বাহিৰেও ৰাজস্থানৰ গংগাপুৰ চহৰৰ ৰামনগৰ ধোছি গাঁৱত এগৰাকী ২৪ বছৰীয়া যুৱতী গাঁতত বাগৰি পৰে। মোনা বাই নামৰ যুৱতীগৰাকীক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও বচাব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু