--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ দুৰ্ঘটনাৰ সাক্ষী হ’ল দেশ৷আজি ৪০ ফুট দ গাঁতত পৰে এটি শিশু। দেওবাৰে পুৱাৰ ভাগত দিল্লীৰ কেশপুৰ মাণ্ডী অঞ্চলত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কেইবাঘণ্টাৰ চেষ্টা পাছতো শিশুটিক গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু NDRF তথা দিল্লী আৰক্ষীও মোতায়েন কৰা হৈছে।বৰ্তমান যুদ্ধকালীন পৰিস্থিতিত উদ্ধাৰ অভিযান চলি আছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দিল্লী জল ব’ৰ্ডৰ প্লাণ্টৰ পানী পৰিশোধন প্লাণ্টৰ এটা গাঁতত হঠাৎ বাগৰি পৰে শিশুটি। অৱশ্যে শিশুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। দিল্লীৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী অতুল গাৰ্গে ঘটনাস্থলীত পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন আছে বুলি জানিবলৈ দিয়ে।


ঘটনা সন্দৰ্ভত অৱগত কৰি দিল্লী আৰক্ষীৰ (পশ্চিম) উপ আয়ুক্ত বিচিত্ৰ ব’ৰে কয়, ‘বিকাশপুৰী আৰক্ষী থানাত ৰাতিপুৱাৰ ভাগত পিচিআৰ ফোন আহিছিল। গাঁতটোত এটি শিশু পৰি যোৱাৰ খবৰ পোৱা গৈছে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হয়। তদুপৰি NDRFক আহ্বান কৰা হয়। আমাৰ বাবে এতিয়া ডাঙৰ প্ৰত্যাহ্বানটো হ’ল গাঁতটোত আবদ্ধ হৈ থকা শিশুটিক নিৰাপদে উলিয়াই অনা।’

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত গুজৰাটৰ জামনগৰ জিলাত দুবছৰীয়া ল’ৰা এটা গাঁতত পৰিছিল। ৯ ঘণ্টাৰ চেষ্টাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটিক। ইয়াৰ বাহিৰেও ৰাজস্থানৰ গংগাপুৰ চহৰৰ ৰামনগৰ ধোছি গাঁৱত এগৰাকী ২৪ বছৰীয়া যুৱতী গাঁতত বাগৰি পৰে। মোনা বাই নামৰ যুৱতীগৰাকীক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও বচাব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ