--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছালাৰৰ পাছত জনপ্ৰিয় তাৰকা প্ৰভাসৰ আগন্তুক ছবি হৈছে কল্কি ২৮৯৮ AD। বহু দিনৰে পৰা এই ছবিখনৰ বিষয়ে চৰ্চা চলি আহিছে। প্ৰভাসৰ উপৰিও অমিতাভ বচ্চন, দিশা পাটানী, দীপিকা পাডুকনৰ দৰে বহু অভিনেতা-অভিনেত্ৰীক ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব। কল্কি ২৮৯৮ AD ছবিখনত অনুৰাগীসকলে প্ৰভাসৰ চৰিত্ৰ আৰু লুকৰ বাবে বহুত অপেক্ষা কৰি আছিল। কিন্তু এতিয়া প্ৰভাসৰ লৈ কৰি থকা এই অপেক্ষাৰ অন্ত পৰিল। প্ৰভাসে মুকলি কৰিছে কল্কি ২৮৯৮ ADৰ পৰা প্ৰথম লুক।


অভিনেতাজনে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত কল্কি ২৮৯৮ ADৰ সৈতে জড়িত প্ৰথম লুকটো শ্বেয়াৰ কৰিছে। প্ৰভাসক এটা চাৱনিৰে বহি থকা দেখা যায়। চকুত চশমা পিন্ধি বাহুত টেটু অংকন কৰা আছে। অভিনেতাগৰাকীয়ে কল্কি ২৮৯৮ ADত নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে। ছবিখনৰ লগতে কেপচনত লিখিছে ‘তেওঁৰ নাম ভৈৰৱ’। ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে প্ৰভাসৰ এই লুক। অনুৰাগীসকলে পোষ্টাৰ তলত মন্তব্য কৰি মনৰ ভাব প্ৰকাশ কৰিছে।


উল্লেখ্য যে কল্কি ২৮৯৮ AD অহা ৯ মে'ত চিনেমাগৃহত মুক্তি পাবলৈ গৈ আছে। ছালাৰৰ পাছত প্ৰভাসে আকৌ এবাৰ বক্স অফিচত হিট কৰিবলৈ ওলাইছে এখন বিগ বাজেটৰ চিনেমাৰে। ইপিনে বক্স অফিচত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব কল্কি ২৮৯৮ AD। এইবাৰ ছবিখনে প্লেনেট অৱ দ্য এপছৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। এই প্ৰত্যাহ্বানে প্ৰভাসৰ ছবিখনৰ ব্যৱসায়ত কি প্ৰভাৱ পেলাব সেয়া ক’ব নোৱাৰি, কিন্তু গেটছ চিনেমাই দাবী কৰিছে যে এই সংকটৰ বাবে প্ৰভাসৰ ছবিখনে কম সংখ্যক আইমেক্স থিয়েটাৰ পাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ