--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজত আৰু কিছুদিন বাকী ৷ চলিত বছৰতে ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷  নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে মহিলা ভোটাৰসকলক আকৃষ্ট কৰিবলৈ নানান আঁচনিৰ কথা ঘোষণা কৰিছে৷   গেহলটে  ঘোষণা কৰিছে  যে তেওঁৰ চৰকাৰে আগষ্ট মাহত ৰাখী বন্ধন  উৎসৱৰ সময়ত ৪০ লাখ মহিলাক বিনামূলীয়াকৈ স্মাৰ্টফোন প্ৰদান কৰিব। 

কেৱল ফোনেই নহয়, তেওঁলোকে  ওচৰত তিনি বছৰৰ বিনামূলীয়া ইণ্টাৰনেটো লাভ কৰিব৷ গেহলটে নিৰ্বাচনৰ পূৰ্বে কৰা  এনে ঘোষণাই বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাজস্থান চৰকাৰে ৩০ জানুৱাৰী, ২০২৩ পৰ্যন্ত 'চিৰঞ্জীৱী' আঁচনিৰ অধীনত ১,৩৭,৮২,৯৫১  টা পৰিয়াল পঞ্জীয়ন কৰা হৈছে। গেহলট প্ৰশাসনে এই পৰিয়ালবোৰৰ বাবে বছৰি সৰ্বাধিক ২৫ লাখ টকাৰ চিকিৎসা ব্যয় বহন কৰিব।

 এই সকলো পৰিয়ালৰ মহিলাসকলক পৰিয়ালটোৰ মুৰব্বী হিচাবে ধৰা  হৈছে। এই মহিলাসকলে, অৰ্থাৎ ১.৩৫  কোটিতকৈও অধিক মহিলাই এই স্মাৰ্টফোন  পাব।  যিহেতু ইমান কম সময়ৰ ভিতৰত ইমান বৃহৎ সংখ্যক ফোন সংগ্ৰহ কৰা সম্ভৱ নহয়,সেয়ে প্রথমাৱস্থাত  ৪০ লাখ মহিলাই এই উপহাৰ লাভ কৰিব।
অশোক গেহলটে হনুমানগড়ৰ এক  অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাসকলৰ বাবে এই  ঘোষণা কৰে ৷

 গেহলটে কয় "আমি সিদ্ধান্ত লৈছো যে এই ফোন ৪০ লাখ মহিলাক দিয়া হ'ব।’’  কিন্তু এই  ঘোষণাটো নতুন নহয়। জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে  ২০২২ চনত ৰাজ্যিক বাজেট উপস্থাপন কৰাৰ সময়তে  এই প্ৰতিশ্ৰুতি দিয়া দেখা গৈছিল। এতিয়া তেওঁ কৈছে যে ৰাখীৰ সময়ত ৪০ লাখ মহিলাক স্মাৰ্টফোনটো উপহাৰ হিচাবে  দিয়া হ'ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন