--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজত আৰু কিছুদিন বাকী ৷ চলিত বছৰতে ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷  নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে মহিলা ভোটাৰসকলক আকৃষ্ট কৰিবলৈ নানান আঁচনিৰ কথা ঘোষণা কৰিছে৷   গেহলটে  ঘোষণা কৰিছে  যে তেওঁৰ চৰকাৰে আগষ্ট মাহত ৰাখী বন্ধন  উৎসৱৰ সময়ত ৪০ লাখ মহিলাক বিনামূলীয়াকৈ স্মাৰ্টফোন প্ৰদান কৰিব। 

কেৱল ফোনেই নহয়, তেওঁলোকে  ওচৰত তিনি বছৰৰ বিনামূলীয়া ইণ্টাৰনেটো লাভ কৰিব৷ গেহলটে নিৰ্বাচনৰ পূৰ্বে কৰা  এনে ঘোষণাই বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাজস্থান চৰকাৰে ৩০ জানুৱাৰী, ২০২৩ পৰ্যন্ত 'চিৰঞ্জীৱী' আঁচনিৰ অধীনত ১,৩৭,৮২,৯৫১  টা পৰিয়াল পঞ্জীয়ন কৰা হৈছে। গেহলট প্ৰশাসনে এই পৰিয়ালবোৰৰ বাবে বছৰি সৰ্বাধিক ২৫ লাখ টকাৰ চিকিৎসা ব্যয় বহন কৰিব।

 এই সকলো পৰিয়ালৰ মহিলাসকলক পৰিয়ালটোৰ মুৰব্বী হিচাবে ধৰা  হৈছে। এই মহিলাসকলে, অৰ্থাৎ ১.৩৫  কোটিতকৈও অধিক মহিলাই এই স্মাৰ্টফোন  পাব।  যিহেতু ইমান কম সময়ৰ ভিতৰত ইমান বৃহৎ সংখ্যক ফোন সংগ্ৰহ কৰা সম্ভৱ নহয়,সেয়ে প্রথমাৱস্থাত  ৪০ লাখ মহিলাই এই উপহাৰ লাভ কৰিব।
অশোক গেহলটে হনুমানগড়ৰ এক  অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাসকলৰ বাবে এই  ঘোষণা কৰে ৷

 গেহলটে কয় "আমি সিদ্ধান্ত লৈছো যে এই ফোন ৪০ লাখ মহিলাক দিয়া হ'ব।’’  কিন্তু এই  ঘোষণাটো নতুন নহয়। জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে  ২০২২ চনত ৰাজ্যিক বাজেট উপস্থাপন কৰাৰ সময়তে  এই প্ৰতিশ্ৰুতি দিয়া দেখা গৈছিল। এতিয়া তেওঁ কৈছে যে ৰাখীৰ সময়ত ৪০ লাখ মহিলাক স্মাৰ্টফোনটো উপহাৰ হিচাবে  দিয়া হ'ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে