--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশৰ ৰাজনীতিত নেতাই নেতাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ ২০১৮  চনত ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছোনিয়া গান্ধীক তেওঁৰ নাম নোলোৱাকৈ "কংগ্ৰেছৰ বিধৱা" বুলি অভিহিত কৰিছিল। সেই সময়ত এই বিষয়টোকলৈ  তীব্ৰ বিতৰ্ক হৈছিল।এইবাৰ কৰ্ণাটকৰ বিজেপি বিধায়ক বাসনগৌড়া পাটিল য়াটমলে কংগ্ৰেছৰ  নেত্ৰী ছোনিয়া গান্ধীক "বিষকন্যা " বুলি অভিহিত কৰে৷  

কৰ্ণাটকৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পাটিল য়াটমলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক "পাকিস্তান আৰু চীনৰ গুপ্তচৰ" বুলিও অভিহিত কৰিছে। বিধানসভা নিৰ্বাচনৰ  প্ৰচাৰৰ সময়ত তেওঁ কৰা  মন্তব্যই ইতিমধ্যে কৰ্ণাটকৰ ৰাজনীতিত বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছে। বিজেপি নেতাজনৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ বহুতেই সমালোচনা মুখৰ হৈ পৰিছে৷ উল্লেখ্য কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৃহস্পতিবাৰে কালাবুৰাগীৰ এখন নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক  বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। 

খাৰ্গেই পিছত তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল।পাটিলে শুক্ৰবাৰে কপ্পালত এখন ৰাজহুৱা সভাত খাৰ্গেৰ মন্তব্যৰ আঁত ধৰি  ছোনিয়াক লক্ষ্য কৰি লয়। তেওঁ কয় "নৰেন্দ্ৰ মোদীক সমগ্ৰ বিশ্বই সন্মান কৰে। আমেৰিকাই ৰেড কাৰ্পেটেৰে তেওঁক আদৰণি জনাইছিল আৰু কংগ্ৰেছে তেওঁক এডাল বিষাক্ত সাপৰ সৈতে তুলনা কৰিছে! 

কংগ্ৰেছ নেতাসকলে ছোনিয়া গান্ধীৰ নিৰ্দেশত এইকথা কৈ আছে। তেওঁ এগৰাকী বিষকন্যা। পাকিস্তান আৰু চীনৰ এজেণ্ট, যিয়ে ভাৰতক ধ্বংস কৰিব বিচাৰে।’’ কৰ্ণাটক কংগ্ৰেছে এনে মন্তব্যৰ বাবে বিজেপিয়ে তৎক্ষণাৎ পাটিলক দলৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি দাবী জনাইছে। উল্লেখ্য কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনকলৈ এতিয়া সমুখ সমৰত নামি পৰিছে কংগ্ৰেছ-বিজেপি৷ লগে লগে বৃদ্ধি পাইছে অসৌজন্যমূলক ভাষণৰো জোৱাৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে