--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশৰ ৰাজনীতিত নেতাই নেতাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ ২০১৮  চনত ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছোনিয়া গান্ধীক তেওঁৰ নাম নোলোৱাকৈ "কংগ্ৰেছৰ বিধৱা" বুলি অভিহিত কৰিছিল। সেই সময়ত এই বিষয়টোকলৈ  তীব্ৰ বিতৰ্ক হৈছিল।এইবাৰ কৰ্ণাটকৰ বিজেপি বিধায়ক বাসনগৌড়া পাটিল য়াটমলে কংগ্ৰেছৰ  নেত্ৰী ছোনিয়া গান্ধীক "বিষকন্যা " বুলি অভিহিত কৰে৷  

কৰ্ণাটকৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পাটিল য়াটমলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক "পাকিস্তান আৰু চীনৰ গুপ্তচৰ" বুলিও অভিহিত কৰিছে। বিধানসভা নিৰ্বাচনৰ  প্ৰচাৰৰ সময়ত তেওঁ কৰা  মন্তব্যই ইতিমধ্যে কৰ্ণাটকৰ ৰাজনীতিত বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছে। বিজেপি নেতাজনৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ বহুতেই সমালোচনা মুখৰ হৈ পৰিছে৷ উল্লেখ্য কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৃহস্পতিবাৰে কালাবুৰাগীৰ এখন নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক  বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। 

খাৰ্গেই পিছত তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল।পাটিলে শুক্ৰবাৰে কপ্পালত এখন ৰাজহুৱা সভাত খাৰ্গেৰ মন্তব্যৰ আঁত ধৰি  ছোনিয়াক লক্ষ্য কৰি লয়। তেওঁ কয় "নৰেন্দ্ৰ মোদীক সমগ্ৰ বিশ্বই সন্মান কৰে। আমেৰিকাই ৰেড কাৰ্পেটেৰে তেওঁক আদৰণি জনাইছিল আৰু কংগ্ৰেছে তেওঁক এডাল বিষাক্ত সাপৰ সৈতে তুলনা কৰিছে! 

কংগ্ৰেছ নেতাসকলে ছোনিয়া গান্ধীৰ নিৰ্দেশত এইকথা কৈ আছে। তেওঁ এগৰাকী বিষকন্যা। পাকিস্তান আৰু চীনৰ এজেণ্ট, যিয়ে ভাৰতক ধ্বংস কৰিব বিচাৰে।’’ কৰ্ণাটক কংগ্ৰেছে এনে মন্তব্যৰ বাবে বিজেপিয়ে তৎক্ষণাৎ পাটিলক দলৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি দাবী জনাইছে। উল্লেখ্য কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনকলৈ এতিয়া সমুখ সমৰত নামি পৰিছে কংগ্ৰেছ-বিজেপি৷ লগে লগে বৃদ্ধি পাইছে অসৌজন্যমূলক ভাষণৰো জোৱাৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন