--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চল যেন পৰিণত হৈছে নিষিদ্ধ ঘোষিত ড্ৰাগছৰ চোৰাং বেহাৰ ঘাটিত। উত্তৰ পূবৰ ৰাজ্যকেইখনত চলিছে এই নিচাজাতীয় সামগ্ৰীসমূহৰ অবাধ সৰবৰাহ। শেহতীয়াকৈ অসম আৰু মিজোৰামত ৪০০ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ হোৱাৰ পাছতেই চিন্তিত হৈ পৰিছে সচেতন মহল।

এই বিশাল পৰিমাণৰ ড্ৰাগছসহ অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিছে তিনিগৰাকী সৰবৰাহকাৰীক। ম্যানমাৰৰ সীমান্তৱৰ্তী পূব মিজোৰামৰ চম্পাই চহৰৰ এটা ঘৰৰ পৰা ৩৯০.৪ কোটি টকাৰ নিৰ্দিষ্ট ব্ৰেণ্ডৰ ডিকনজেষ্টেণ্ট আৰু এন্টিহিষ্টামিনৰ ৩৯ লাখ টেবলেট জব্দ কৰা হয়। 

শুল্ক বিভাগৰ সৈতে মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আছাম ৰাইফলছে। অভিযানকাৰী দলটোৱে চম্পাইৰ ৰুৱাণ্টং অঞ্চলৰ পৰা এই নিষিদ্ধ সামগ্ৰী লগত ৰখাৰ অভিযোগত ৪১ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰে।

ইফালে অসমৰ কৰিমগঞ্জ জিলাত এখন বাহনত উদ্ধাৰ হৈছে ১২ কোটিৰো অধিক মূল্যৰ হিৰ’ইন। কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে এই সন্দৰ্ভত সদৰী কৰা মতে, জব্দ হোৱা এই হেৰ’ইনখিনি আইজলৰ পৰা আহিছিল।

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ৰাতাবাৰী থানাৰ অন্তৰ্গত ভেটাৰবণ্ড এলেকাত অভিযান আৰম্ভ কৰি চুবুৰীয়া মিজোৰামৰ পৰা অহা এখন বাহন আটক কৰে। তালাচী অভিযানৰ সময়ত আৰক্ষীয়ে ড্ৰামৰ ভিতৰত ৰখা ১.৫ কিলোগ্ৰামতকৈ অধিক হেৰ’ইন থকা ১২১ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে।

আইজলৰ পৰা এই নিষিদ্ধ সামগ্ৰীখিনি আনি থকা ব্যক্তি দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এয়া ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে অন্যতম বৃহৎ সফলতা বুলি উল্লেখ কৰিছে মিজোৰামৰ শুল্ক বিভাগে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ