--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পুষ্টিহীনতাত ভোগা ৰাজ্যৰ শিশুসকলৰ এই দুৰৱস্থাৰ কথা আজি সংসদত সদৰী কৰিলে খোদ কেন্দ্ৰীয় চৰকাৰে।

ডিজিটেল ডেস্কঃ আজিৰ শিশু কাইলৈ দেশৰ ভবিষ্যৎ। কিন্তু অসমৰ বৃহৎসংখ্যক শিশুৱে দুবেলা দুমুঠি ভালদৰে খাবলৈ নাপায়। যাৰ ফলত পুষ্টিহীনতাত ভুগি ৰাজ্যখনৰ বহুসংখ্যক শিশু বাওনা হোৱাৰ লগতে বহুতৰ বয়স অনুসৰি ওজন হোৱা নাই।



পুষ্টিহীনতাত ভোগা ৰাজ্যৰ শিশুসকলৰ এই দুৰৱস্থাৰ কথা আজি সংসদত সদৰী কৰিলে খোদ কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য সভাত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী সাবিত্রী ঠাকুৰে প্ৰকাশ কৰা তথ্য মতে অসমৰ পাঁচ বছৰ বয়সৰ তলৰ ৪২.৯৪ শতাংশ শিশুবেই পুষ্টিহীনতাত ভোগাৰ বাবে বাওনা হৈছে। অথচ এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৩৭.০৭ শতাংশহে। অর্থাৎ ৰাষ্ট্ৰীয় গড়তকৈ অসমৰ অৱস্থা শোচনীয়। আনহাতে পুষ্টিহীনতাৰ বাবে ক্ষীণ শিশুৰ সংখ্যাও অসমত যথেষ্ট। তথ্য মতে অসমৰ ৪.৫০ শতাংশ শিশু অতি ক্ষীণকায় আৰু ১৬.৮৮ শতাংশ শিশুৰ বয়স অনুপাতে ওজন কম। ইফালে অসমত শিশুৰ মৃত্যুৰ ক্ষেত্ৰতো কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্য যথেষ্ট উদ্বেগজনক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে অসমত একহাজাৰ নৱজাতকৰ (জন্মৰ পৰা ২৮ দিনৰ ভিতৰত) মাজত ২২টি নৱজাতকৰে মৃত্যু ঘটে। অথচ এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ১৯। একেদৰে পাঁচ বছৰ বয়সৰ ভিতৰত অসমত প্ৰতি হাজাৰত ৩৫টা শিশুৰ মৃত্যু ঘটে। অসমত ইমান বেছিসংখ্যক শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে কিন্তু ৰাষ্ট্ৰীয় গড় হৈছে ৩০। সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে ০-৫ বছৰৰ বয়সৰ ভিতৰৰ শিশুৰ মৃত্যুৰ তালিকাত অসমৰ স্থান হৈছে চতুর্থ।


অসমতকৈ ওড়িশা (৩৭), ছট্টিশগড় (৪১), উত্তৰ প্ৰদেশ (৪২) আৰু মধ্য প্রদেশ (৪৭)তহে পাঁচ বছৰৰ ভিতৰৰ শিশুৰ মৃত্যুৰ হাৰ অধিক। মন কৰিব লগীয়া কথা যে পুষ্টিহীনতাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ বাহিৰে আন ৰাজ্যবোৰৰ অৱস্থা বহুত উন্নত। অসম আৰু ত্ৰিপুৰাহে এই ক্ষেত্ৰত পিছ পৰি আছে। অথচ প্ৰতি বছৰে অসম চৰকাৰে শিশুৰ পুষ্টিহীনতাৰ বাবে কোটি কোটি টকা ব্যয় কৰি আহিছে। কিন্তু কোটি কোটি টকা ব্যয় কৰাৰ পাছতো ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ কিয় উন্নয়ন হোৱা নাই সেয়াহে এতিয়া প্রশ্নৰ বিষয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক