--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পুষ্টিহীনতাত ভোগা ৰাজ্যৰ শিশুসকলৰ এই দুৰৱস্থাৰ কথা আজি সংসদত সদৰী কৰিলে খোদ কেন্দ্ৰীয় চৰকাৰে।

ডিজিটেল ডেস্কঃ আজিৰ শিশু কাইলৈ দেশৰ ভবিষ্যৎ। কিন্তু অসমৰ বৃহৎসংখ্যক শিশুৱে দুবেলা দুমুঠি ভালদৰে খাবলৈ নাপায়। যাৰ ফলত পুষ্টিহীনতাত ভুগি ৰাজ্যখনৰ বহুসংখ্যক শিশু বাওনা হোৱাৰ লগতে বহুতৰ বয়স অনুসৰি ওজন হোৱা নাই।



পুষ্টিহীনতাত ভোগা ৰাজ্যৰ শিশুসকলৰ এই দুৰৱস্থাৰ কথা আজি সংসদত সদৰী কৰিলে খোদ কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য সভাত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী সাবিত্রী ঠাকুৰে প্ৰকাশ কৰা তথ্য মতে অসমৰ পাঁচ বছৰ বয়সৰ তলৰ ৪২.৯৪ শতাংশ শিশুবেই পুষ্টিহীনতাত ভোগাৰ বাবে বাওনা হৈছে। অথচ এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৩৭.০৭ শতাংশহে। অর্থাৎ ৰাষ্ট্ৰীয় গড়তকৈ অসমৰ অৱস্থা শোচনীয়। আনহাতে পুষ্টিহীনতাৰ বাবে ক্ষীণ শিশুৰ সংখ্যাও অসমত যথেষ্ট। তথ্য মতে অসমৰ ৪.৫০ শতাংশ শিশু অতি ক্ষীণকায় আৰু ১৬.৮৮ শতাংশ শিশুৰ বয়স অনুপাতে ওজন কম। ইফালে অসমত শিশুৰ মৃত্যুৰ ক্ষেত্ৰতো কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্য যথেষ্ট উদ্বেগজনক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে অসমত একহাজাৰ নৱজাতকৰ (জন্মৰ পৰা ২৮ দিনৰ ভিতৰত) মাজত ২২টি নৱজাতকৰে মৃত্যু ঘটে। অথচ এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ১৯। একেদৰে পাঁচ বছৰ বয়সৰ ভিতৰত অসমত প্ৰতি হাজাৰত ৩৫টা শিশুৰ মৃত্যু ঘটে। অসমত ইমান বেছিসংখ্যক শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে কিন্তু ৰাষ্ট্ৰীয় গড় হৈছে ৩০। সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে ০-৫ বছৰৰ বয়সৰ ভিতৰৰ শিশুৰ মৃত্যুৰ তালিকাত অসমৰ স্থান হৈছে চতুর্থ।


অসমতকৈ ওড়িশা (৩৭), ছট্টিশগড় (৪১), উত্তৰ প্ৰদেশ (৪২) আৰু মধ্য প্রদেশ (৪৭)তহে পাঁচ বছৰৰ ভিতৰৰ শিশুৰ মৃত্যুৰ হাৰ অধিক। মন কৰিব লগীয়া কথা যে পুষ্টিহীনতাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ বাহিৰে আন ৰাজ্যবোৰৰ অৱস্থা বহুত উন্নত। অসম আৰু ত্ৰিপুৰাহে এই ক্ষেত্ৰত পিছ পৰি আছে। অথচ প্ৰতি বছৰে অসম চৰকাৰে শিশুৰ পুষ্টিহীনতাৰ বাবে কোটি কোটি টকা ব্যয় কৰি আহিছে। কিন্তু কোটি কোটি টকা ব্যয় কৰাৰ পাছতো ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ কিয় উন্নয়ন হোৱা নাই সেয়াহে এতিয়া প্রশ্নৰ বিষয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা