--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পত্নীয়ে যৌতুক নিদিয়াৰ বাবেই নিজৰে সন্তানক ওলোটাকৈ ওলোমাই গোটেই গাঁও ঘূৰোৱা এই ঘটনা পিছে এবাৰ নহয় চাৰিবাৰকৈ সংঘটিত হৈছে।

ডিজিটেল ডেস্কঃ যৌতুকৰ লোভত এজন মানুহে কৰিলে অমানৱীয় কাণ্ড। নিজ পিতৃৰেই পাশৱিক অত্যাচাৰৰ বলি হ’ল এটি ৮ মহীয়া কণমানি শিশু। উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত যৌতুক ব্যৱস্থাৰ বলি হোৱা এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। য'ত স্বামীয়ে পত্নীৰ ওপৰত যৌতুকৰ দাবী প্ৰয়োগ কৰিবলৈ নিজ সন্তানকে আহিলা হিচাপে ব্যৱহাৰ কৰে । জানিবলৈ পোৱা গৈছে যে যৌতুক পূৰনৰ দাবীৰে ৮ মহীয়া সন্তানকো এৰি নিদিলে লোকজনে।


পত্নীক দাবী কৰা যৌতুক নোপোৱা বাবে নিজৰ ৮ মহীয়া পুত্ৰ সন্তানক ওলোটাকৈ ওলোমাই গোটেই গাঁও ঘূৰিলে লোকজনে। এই অমানৱীয় আৰু এই নিকৃষ্ট কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।


যৌতুক প্ৰথাৰ দৰে বহু হৃদয়বিদাৰক ঘটনা বহু সময়ত ভাৰতৰ বহু অঞ্চলত সংঘটিত হয় । তাৰে ভিতৰত এই পাষাণ পিতৃৰ এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


পত্নীয়ে যৌতুক নিদিয়াৰ বাবেই নিজৰে সন্তানক ওলোটাকৈ ওলোমাই গোটেই গাঁও ঘূৰোৱা এই ঘটনা পিছে এবাৰ নহয় চাৰিবাৰকৈ সংঘটিত হৈছে যাতে পত্নী আৰু পত্নীৰ পৰিয়ালৰ মানুহক ভয় খোৱাই নিজৰ প্ৰয়োজনীয়তা তেওঁ আদায় কৰিব পাৰে।


পীড়িত মহিলাগৰাকীৰ ভাষ্য অনুযায়ী ২০২৩ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল আৰু তেতিয়াৰ পৰাই মহিলাগৰাকীক ভিন্ন শাৰীৰিক-মানসিক অত্যাচাৰ আৰু যৌতুক বিচাৰি হাৰাশাস্তি কৰি অহা হৈছিল। লগতে মাতৃয়ে জনাই যে ইতিমধ্যে ল’ৰাটোৰ শাৰীৰিক অৱস্থা অতিকৈ দুৰ্বল হৈ পৰিছে আৰু ল’ৰাটোৰ চিকিৎসা কৰাই আছে ।


তেওঁ জনাইছে যে তেওঁ দুখীয়া হোৱা হেতুকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই । আৰক্ষী বিষয়া নিশা খাটানাই জনোৱা মতে, এই গোচৰত ভুক্তভোগীৰ স্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ১৫১ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে।


উল্লেখ্য যে পত্নী-পুত্ৰৰ লগত কৰা এই কাণ্ডই মানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক