--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পত্নীয়ে যৌতুক নিদিয়াৰ বাবেই নিজৰে সন্তানক ওলোটাকৈ ওলোমাই গোটেই গাঁও ঘূৰোৱা এই ঘটনা পিছে এবাৰ নহয় চাৰিবাৰকৈ সংঘটিত হৈছে।

ডিজিটেল ডেস্কঃ যৌতুকৰ লোভত এজন মানুহে কৰিলে অমানৱীয় কাণ্ড। নিজ পিতৃৰেই পাশৱিক অত্যাচাৰৰ বলি হ’ল এটি ৮ মহীয়া কণমানি শিশু। উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত যৌতুক ব্যৱস্থাৰ বলি হোৱা এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। য'ত স্বামীয়ে পত্নীৰ ওপৰত যৌতুকৰ দাবী প্ৰয়োগ কৰিবলৈ নিজ সন্তানকে আহিলা হিচাপে ব্যৱহাৰ কৰে । জানিবলৈ পোৱা গৈছে যে যৌতুক পূৰনৰ দাবীৰে ৮ মহীয়া সন্তানকো এৰি নিদিলে লোকজনে।


পত্নীক দাবী কৰা যৌতুক নোপোৱা বাবে নিজৰ ৮ মহীয়া পুত্ৰ সন্তানক ওলোটাকৈ ওলোমাই গোটেই গাঁও ঘূৰিলে লোকজনে। এই অমানৱীয় আৰু এই নিকৃষ্ট কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।


যৌতুক প্ৰথাৰ দৰে বহু হৃদয়বিদাৰক ঘটনা বহু সময়ত ভাৰতৰ বহু অঞ্চলত সংঘটিত হয় । তাৰে ভিতৰত এই পাষাণ পিতৃৰ এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


পত্নীয়ে যৌতুক নিদিয়াৰ বাবেই নিজৰে সন্তানক ওলোটাকৈ ওলোমাই গোটেই গাঁও ঘূৰোৱা এই ঘটনা পিছে এবাৰ নহয় চাৰিবাৰকৈ সংঘটিত হৈছে যাতে পত্নী আৰু পত্নীৰ পৰিয়ালৰ মানুহক ভয় খোৱাই নিজৰ প্ৰয়োজনীয়তা তেওঁ আদায় কৰিব পাৰে।


পীড়িত মহিলাগৰাকীৰ ভাষ্য অনুযায়ী ২০২৩ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল আৰু তেতিয়াৰ পৰাই মহিলাগৰাকীক ভিন্ন শাৰীৰিক-মানসিক অত্যাচাৰ আৰু যৌতুক বিচাৰি হাৰাশাস্তি কৰি অহা হৈছিল। লগতে মাতৃয়ে জনাই যে ইতিমধ্যে ল’ৰাটোৰ শাৰীৰিক অৱস্থা অতিকৈ দুৰ্বল হৈ পৰিছে আৰু ল’ৰাটোৰ চিকিৎসা কৰাই আছে ।


তেওঁ জনাইছে যে তেওঁ দুখীয়া হোৱা হেতুকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই । আৰক্ষী বিষয়া নিশা খাটানাই জনোৱা মতে, এই গোচৰত ভুক্তভোগীৰ স্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ১৫১ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে।


উল্লেখ্য যে পত্নী-পুত্ৰৰ লগত কৰা এই কাণ্ডই মানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা