--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বৰতোপটো ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ প্রয়োজনীয়তাৰ দিশত এটা গুৰুত্বপূৰ্ণ বিকাশ সম্ভৱ হৈছে। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') ব্যক্তিগত প্রতিষ্ঠান ভাৰত ফর্জ আৰু টাটা এডভান্সড ছিষ্টেমৰ সহযোগত 'এডভান্সড ট'ড আর্টিলেৰী গান ছিষ্টেম (এ টি এ জি এছ)' এটা ১৫৫ এম এম/৫২ সক্ষমতাযুক্ত বৰতোপ বিকশিত কৰিছে। এই অত্যাধুনিক প্রযুক্তিৰ বৰতোপৰ জৰিয়তে ৫৫ কিল'মিটাৰ দূৰত্বত থকা লক্ষ্যত সঠিক আঘাত হানিব পৰা যাব। ভাৰতৰ অমৃতসৰৰ পৰা পাকিস্তানৰ লাহোৰত লক্ষ্যত আঘাত হানিব পৰা যাব এই বৰতোপৰ জৰিয়তে।


এই বৰতোপটো ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বাতৰি সংস্থা এ এন আইৰ বাতৰিত প্ৰকাশিত তথ্য অনুসৰি, আৰ্টিলেৰী গান প্রস্তুতকৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰি প্ৰায় ৭০০০ কোটি টকা ব্যয়ৰে এই 'এডভান্সড ট'ড আর্টিলেৰী গান ছিষ্টেম (এ টি এ জি এছ) ক্ৰয়ৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে অনুমোদন দিছে।


এই এ টি এ জি এছ হৈছে থলুৱাভাৱে ডিজাইন কৰা, বিকশিত কৰা আৰু নিৰ্মাণ কৰা প্ৰথমটো ১৫৫ এম এম আৰ্টিলেৰী গান (বৰতোপ)। এই বৰতোপে ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ সক্ষমতা অধিক বৃদ্ধি কৰিব। এই এটি এ জি এছ হৈছে শেহতীয়া প্রযুক্তিৰে নিৰ্মিত এটা বৰতোপ আৰু ইয়াৰ ৫২-কেলিবাৰ দীঘল এটা বেৰেল আছে।


এই বৃহৎ দৈৰ্ঘ্যৰ কেলিবাৰে বৰতোপটোক অধিক মাৰাত্মক কৰি তুলিছে। এই বৰতোপটোত স্বয়ংক্রিয়ভাৱে গোলা-বাৰুদ সংস্থাপন হয় আৰু লক্ষ্যত আঘাত হানিব পাৰে আৰু বৰতোপটো নিক্ষেপ কৰাসকলৰ ভাগৰ নালাগে।





উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক