--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বৰতোপটো ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ প্রয়োজনীয়তাৰ দিশত এটা গুৰুত্বপূৰ্ণ বিকাশ সম্ভৱ হৈছে। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') ব্যক্তিগত প্রতিষ্ঠান ভাৰত ফর্জ আৰু টাটা এডভান্সড ছিষ্টেমৰ সহযোগত 'এডভান্সড ট'ড আর্টিলেৰী গান ছিষ্টেম (এ টি এ জি এছ)' এটা ১৫৫ এম এম/৫২ সক্ষমতাযুক্ত বৰতোপ বিকশিত কৰিছে। এই অত্যাধুনিক প্রযুক্তিৰ বৰতোপৰ জৰিয়তে ৫৫ কিল'মিটাৰ দূৰত্বত থকা লক্ষ্যত সঠিক আঘাত হানিব পৰা যাব। ভাৰতৰ অমৃতসৰৰ পৰা পাকিস্তানৰ লাহোৰত লক্ষ্যত আঘাত হানিব পৰা যাব এই বৰতোপৰ জৰিয়তে।


এই বৰতোপটো ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বাতৰি সংস্থা এ এন আইৰ বাতৰিত প্ৰকাশিত তথ্য অনুসৰি, আৰ্টিলেৰী গান প্রস্তুতকৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰি প্ৰায় ৭০০০ কোটি টকা ব্যয়ৰে এই 'এডভান্সড ট'ড আর্টিলেৰী গান ছিষ্টেম (এ টি এ জি এছ) ক্ৰয়ৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে অনুমোদন দিছে।


এই এ টি এ জি এছ হৈছে থলুৱাভাৱে ডিজাইন কৰা, বিকশিত কৰা আৰু নিৰ্মাণ কৰা প্ৰথমটো ১৫৫ এম এম আৰ্টিলেৰী গান (বৰতোপ)। এই বৰতোপে ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ সক্ষমতা অধিক বৃদ্ধি কৰিব। এই এটি এ জি এছ হৈছে শেহতীয়া প্রযুক্তিৰে নিৰ্মিত এটা বৰতোপ আৰু ইয়াৰ ৫২-কেলিবাৰ দীঘল এটা বেৰেল আছে।


এই বৃহৎ দৈৰ্ঘ্যৰ কেলিবাৰে বৰতোপটোক অধিক মাৰাত্মক কৰি তুলিছে। এই বৰতোপটোত স্বয়ংক্রিয়ভাৱে গোলা-বাৰুদ সংস্থাপন হয় আৰু লক্ষ্যত আঘাত হানিব পাৰে আৰু বৰতোপটো নিক্ষেপ কৰাসকলৰ ভাগৰ নালাগে।





উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা