--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৫ বছৰৰ পূৰ্বে এখন বিলৰ পানীত ডুব গৈছিল এখন গাঁও। সম্পূৰ্ণ ৪৫ বছৰে পানীৰ তলতে সোমাই থাকিল গাঁওখন। হঠাতে সেই গাঁওখন ওপৰলৈ উঠি আহিল। যাকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনা সংঘটিত হৈছে গ্ৰীচত।
AFP Houses and buildings in the sunken village of Kallio
গ্ৰীচৰ মৰ্নছ হ্ৰদৰ জলপৃষ্ঠ ইমানেই বেয়াকৈ হ্ৰাস পাইছে যে ৪৫ বছৰ পূৰ্বে ডুব যোৱা কালিঅ' গাঁও পুনৰ ওপৰলৈ ওলাই আহিল। ১৯৮০ চনত এই গাঁওখন পানীৰ তলত ডুব গৈছিল। 
AFP The Mornos reservoir
এতিয়া খৰাঙৰ বাবে বিলখনৰ পানীৰ স্তৰ ইমানেই দ্ৰুতগতিত কমিছে যে অত বছৰে পানীৰ তলত সোমাই থকা গাঁওখনৰ পুৰণি অট্টালিকাবোৰ পুনৰ দেখা গৈছে। উল্লেখ্য যে গ্ৰীচ বৰ্তমান এক প্ৰচণ্ড জল সংকটৰ সন্মুখীন হৈছে। শীতকালত তুষাৰপাত কমি যোৱা আৰু গ্ৰীষ্মকালত সঘনাই হোৱা গ্ৰীষ্ম প্ৰবাহৰ বাবে হ্ৰদটোৰ জলপৃষ্ঠই ৩৩ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে। 
Stone buildings sticking out from the water
ড’ৰিডাৰ মেয়ৰ ডিমিট্ৰিছ জিয়ান’পুলছে কয় যে ইমান কম পানীৰ পৰিস্থিতি আগতে কেতিয়াও দেখা পোৱা নাছিল। উপগ্ৰহৰ ছবি অনুসৰি যোৱা বছৰৰ আগষ্ট মাহত হ্ৰদটোৰ পৃষ্ঠভাগ ১৬.৮ বৰ্গ কিলোমিটাৰ আছিল, যিটো এই বছৰ মাত্ৰ ১২.০ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে। পানীৰ স্তৰ হ্ৰাস পোৱাৰ পৰিবেশৰ ওপৰত প্ৰভাৱো স্পষ্টকৈ দেখা যায়। পাৰৰ গছবোৰ হালধীয়া হৈ পৰিছে, কুঁৱাবোৰ শুকাই গৈছে আৰু চাৰিওফালৰ গাঁওবোৰত পানীৰ তীব্ৰ নাটনি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক