--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ভাৰতে যৎপৰোনাস্তি চেষ্টা চলাইছে। যোৱা কেইমাহমানৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইন ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ভাৰত মধ্যস্থতা কৰিবলৈ সাজু।’ 

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় ‘ইউক্ৰেইন সন্দৰ্ভত সম্ভাৱ্য শান্তি আলোচনাত চীন, ভাৰত আৰু ব্ৰাজিলে মধ্যস্থতাৰ ভূমিকা পালন কৰিব পাৰে।’ ইষ্টাৰ্ণ ইকনমিক ফ’ৰামত এই কথা ব্যক্ত কৰে পুটিনে। অৱশ্যে তেওঁ কয় যে ৰাছিয়াৰ প্ৰথম উদ্দেশ্য হৈছে ইউক্ৰেইনৰ ডনবাছ অঞ্চলক নিজৰ অন্তৰ্ভুক্ত কৰা।

যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ৰাছিয়া ভ্ৰমণলৈ গৈছিল। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোডীৰ ৰাছিয়া ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘য'তেই নহওক কিয়, নিৰীহ লোকৰ প্ৰাণ হেৰুওৱাটো গ্ৰহণযোগ্য নহয়।’


ৰাছিয়াৰ ভূমিতে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে ‘নৱ প্ৰজন্মৰ ভৱিষ্যতৰ বাবে শান্তি অতি গুৰুত্বপূৰ্ণ। মই এইটোও জানো যে যুদ্ধক্ষেত্ৰত ইয়াৰ সমাধান সম্ভৱ নহয়। আমি কেৱল আলোচনাৰ জৰিয়তেহে শান্তিৰ পথ গ্ৰহণ কৰিব লাগিব।’

প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া ইউক্ৰেইন ভ্ৰমণ কৰিছিল তেতিয়া ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে শান্তি সন্মিলনৰ আয়োজন কৰিবলৈ ভাৰতৰ নাম প্ৰস্তাৱ কৰিছিল। জেলেনস্কিয়েও প্ৰধানমন্ত্ৰী মোদীৰ আগত এই প্ৰস্তাৱ আগবঢ়াইছিল। জেলেনস্কিয়ে কৈছিল যে ‘তেওঁ বিচাৰে ভাৰতে শান্তি সন্মিলনৰ আয়োজন কৰক।’

জেলেনস্কিৰ এই বক্তব্যক কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জুন মাহত চুইজাৰলেণ্ডত অনুষ্ঠিত হৈছিল প্ৰথমখন ইউক্ৰেইন শান্তি সন্মিলন, য’ত ৯০খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ