--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ভাৰতে যৎপৰোনাস্তি চেষ্টা চলাইছে। যোৱা কেইমাহমানৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইন ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ভাৰত মধ্যস্থতা কৰিবলৈ সাজু।’ 

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় ‘ইউক্ৰেইন সন্দৰ্ভত সম্ভাৱ্য শান্তি আলোচনাত চীন, ভাৰত আৰু ব্ৰাজিলে মধ্যস্থতাৰ ভূমিকা পালন কৰিব পাৰে।’ ইষ্টাৰ্ণ ইকনমিক ফ’ৰামত এই কথা ব্যক্ত কৰে পুটিনে। অৱশ্যে তেওঁ কয় যে ৰাছিয়াৰ প্ৰথম উদ্দেশ্য হৈছে ইউক্ৰেইনৰ ডনবাছ অঞ্চলক নিজৰ অন্তৰ্ভুক্ত কৰা।

যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ৰাছিয়া ভ্ৰমণলৈ গৈছিল। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোডীৰ ৰাছিয়া ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘য'তেই নহওক কিয়, নিৰীহ লোকৰ প্ৰাণ হেৰুওৱাটো গ্ৰহণযোগ্য নহয়।’


ৰাছিয়াৰ ভূমিতে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে ‘নৱ প্ৰজন্মৰ ভৱিষ্যতৰ বাবে শান্তি অতি গুৰুত্বপূৰ্ণ। মই এইটোও জানো যে যুদ্ধক্ষেত্ৰত ইয়াৰ সমাধান সম্ভৱ নহয়। আমি কেৱল আলোচনাৰ জৰিয়তেহে শান্তিৰ পথ গ্ৰহণ কৰিব লাগিব।’

প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া ইউক্ৰেইন ভ্ৰমণ কৰিছিল তেতিয়া ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে শান্তি সন্মিলনৰ আয়োজন কৰিবলৈ ভাৰতৰ নাম প্ৰস্তাৱ কৰিছিল। জেলেনস্কিয়েও প্ৰধানমন্ত্ৰী মোদীৰ আগত এই প্ৰস্তাৱ আগবঢ়াইছিল। জেলেনস্কিয়ে কৈছিল যে ‘তেওঁ বিচাৰে ভাৰতে শান্তি সন্মিলনৰ আয়োজন কৰক।’

জেলেনস্কিৰ এই বক্তব্যক কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জুন মাহত চুইজাৰলেণ্ডত অনুষ্ঠিত হৈছিল প্ৰথমখন ইউক্ৰেইন শান্তি সন্মিলন, য’ত ৯০খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক