--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত ঋষভ পণ্টে অকলেই প্ৰতিযোগিতাৰ ৰূপ সলাই পেলাইছিল। ৰুৰ্কীৰ ২৪ বছৰীয়া উইকেটৰক্ষক-বেটছমেনগৰাকীক আকৌ এবাৰ দুৰন্ত ছন্দত দেখিবলৈ পোৱা গ’ল। কেৰিয়াৰৰ প্ৰথমটো এদিনীয়া শতক লাভ কৰাৰ পাছত উচ্ছসিত হৈ পৰে ভাৰতীয় বেটছমেনগৰাকীয়ে।

মন কৰিবলগীয়া যে, পণ্টৰ শতকৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়  এদিনীয়া মেচখনত সহজেই জয়লাভ কৰে ভাৰতে। মেচৰ অন্তত ২২ গজত শুনিবলৈ পোৱা গ’ল পণ্ট বন্দনা। পিছে ঋষভৰ এনে দৰ্শনীয় ইনিংছৰ নেপথ্যত পোহৰলৈ আহিছে বিশ্বকাপ বিজয়ী প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ নাম। যুৱৰাজ সিঙে নিজেই টুইট কৰি এই কথা প্ৰকাশ কৰিছে।
পণ্টৰ দৰ্শনীয় ইনিংছত বিমুগ্ধ যুৱৰাজ। যুৱৰাজে টুইটাৰত লিখিছে, ‘৪৫ মিনিটৰ কথা-বতৰাই স্বৰূপাৰ্থত কামত দিয়া বুলি মনে ধৰিছে! আপুনি যিদৰে ইনিংছৰ গতি বজাই ৰাখিলে, ই নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য।’ অর্থাৎ এই টুইটত যুৱৰাজে বুজাই দিছিল যে, মানচেষ্টাৰ মেচৰ পূর্বে পণ্ট-যুৱৰাজৰ ৪৫ মিনিটৰ কথা-বতৰা হৈছিল৷

স্বাভাৱিকতে, যুৱৰাজৰ সৈতে তৰুণ ক্ৰিকেটাৰগৰাকীৰ বাৰ্তালাপ হোৱা কথাটো ক্ৰিকেট বিশ্বৰ বাবে সুখবৰ। বিভিন্ন সময়ত আমি শচীন, ধোনীৰ দৰে অভিজ্ঞ তথা যুগজয়ী ক্ৰিকেটাৰৰ পৰা তৰুণ ক্ৰিকেটাৰ সকলে নানা পৰামৰ্শ লোৱা দেখিবলৈ পোৱা যায়। এইবাৰ যুৱৰাজ সিঙকো এগৰাকী পৰামৰ্শদাতাৰ ৰূপত দেখিবলৈ পোৱা গ’ল। ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া এক সৰ্বজনগ্ৰাহ্য কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু