--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত ঋষভ পণ্টে অকলেই প্ৰতিযোগিতাৰ ৰূপ সলাই পেলাইছিল। ৰুৰ্কীৰ ২৪ বছৰীয়া উইকেটৰক্ষক-বেটছমেনগৰাকীক আকৌ এবাৰ দুৰন্ত ছন্দত দেখিবলৈ পোৱা গ’ল। কেৰিয়াৰৰ প্ৰথমটো এদিনীয়া শতক লাভ কৰাৰ পাছত উচ্ছসিত হৈ পৰে ভাৰতীয় বেটছমেনগৰাকীয়ে।

মন কৰিবলগীয়া যে, পণ্টৰ শতকৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়  এদিনীয়া মেচখনত সহজেই জয়লাভ কৰে ভাৰতে। মেচৰ অন্তত ২২ গজত শুনিবলৈ পোৱা গ’ল পণ্ট বন্দনা। পিছে ঋষভৰ এনে দৰ্শনীয় ইনিংছৰ নেপথ্যত পোহৰলৈ আহিছে বিশ্বকাপ বিজয়ী প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ নাম। যুৱৰাজ সিঙে নিজেই টুইট কৰি এই কথা প্ৰকাশ কৰিছে।
পণ্টৰ দৰ্শনীয় ইনিংছত বিমুগ্ধ যুৱৰাজ। যুৱৰাজে টুইটাৰত লিখিছে, ‘৪৫ মিনিটৰ কথা-বতৰাই স্বৰূপাৰ্থত কামত দিয়া বুলি মনে ধৰিছে! আপুনি যিদৰে ইনিংছৰ গতি বজাই ৰাখিলে, ই নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য।’ অর্থাৎ এই টুইটত যুৱৰাজে বুজাই দিছিল যে, মানচেষ্টাৰ মেচৰ পূর্বে পণ্ট-যুৱৰাজৰ ৪৫ মিনিটৰ কথা-বতৰা হৈছিল৷

স্বাভাৱিকতে, যুৱৰাজৰ সৈতে তৰুণ ক্ৰিকেটাৰগৰাকীৰ বাৰ্তালাপ হোৱা কথাটো ক্ৰিকেট বিশ্বৰ বাবে সুখবৰ। বিভিন্ন সময়ত আমি শচীন, ধোনীৰ দৰে অভিজ্ঞ তথা যুগজয়ী ক্ৰিকেটাৰৰ পৰা তৰুণ ক্ৰিকেটাৰ সকলে নানা পৰামৰ্শ লোৱা দেখিবলৈ পোৱা যায়। এইবাৰ যুৱৰাজ সিঙকো এগৰাকী পৰামৰ্শদাতাৰ ৰূপত দেখিবলৈ পোৱা গ’ল। ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া এক সৰ্বজনগ্ৰাহ্য কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ