--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বলৈ আহিছে এক অনাকাংক্ষিত খবৰ। সমগ্ৰ ক্ৰিকেট জগতত চমকিত কৰি তোলা এটা সংবাদ।  ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছে  এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লোৱাৰ খবৰ আহিছে। জ’ছ বাটলাৰৰ দলটোৱে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব। ২০১৯ চনৰ বিশ্বকাপ বিজয়ী অলৰাউণ্ডাৰ গৰাকীয়ে ডাৰহামত সেই মেচখন খেলাৰ পিছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বুলি জানিবলৈ পোৱা গৈছে। 

অৱশ্যে, এদিনীয়াৰ পৰা অৱসৰ ল’লেও দেশৰ হৈ টি-২০ আৰু টেষ্ট খেলিবলৈ প্ৰস্তুত ষ্ট’কছ। ষ্ট’কছে ছ’চিয়েল মিডিয়াতো সেই বিষয়ে অৱগত কৰিছে। ২০২৩ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত আৰু দেখিবলৈ পোৱা নাযাব বেন ষ্ট’কছক। 

ক্ৰীড়ানুৰাগীক চমক দিয়া ষ্ট’কছে টুইটাৰত লিখিছে, ‘মঙলবাৰে ডাৰহামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন এদিনীয়া খেলৰ বাবে ওলাই যাম। ইয়াৰ পিছত মই এই ফৰ্মেটৰ পৰা অৱসৰ লম। অতি কঠিন সিদ্ধান্ত। কিন্তু ইংলেণ্ডৰ সতীৰ্থসকলৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত আজীৱন মনত থাকিব। এক দুৰ্দান্ত অভিজ্ঞতাৰ সাক্ষী হৈ ৰ’লো৷ যদিও সিদ্ধান্ত লোৱাটো কঠিন, তথাপি মই মোৰ সতীৰ্থসকলক জনাব বিচাৰিছো যে, মই হয়তো তেতিয়াৰ পৰা এই ফৰ্মেটত ১০০ শতাংশ দিব পৰা নাছিলো। ইংলেণ্ডৰ জাৰ্ছী পিন্ধি বেয়া খেলাৰ অধিকাৰ কাৰো নাই। গতিকে, মই সিদ্ধান্ত ললোঁ। অৱশ্যে, জাতীয় দলৰ হৈ টেষ্ট আৰু টি-২০ ফৰ্মেটত খেলি যাম।’

স্মৰ্তব্য যে, ২০১১ চনৰ ২৫ আগষ্টত ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত অভিষেক ঘটিছিল এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ। এতিয়ালৈকে ১০৪ খন মেচত ২৯১৯ ৰান সংগ্ৰহ কৰিছে তেওঁ। সৰ্বাধিক অপৰাজিত ১০২। তিনিটা শতকীয় ইনিংছ আৰু  ২১টা অৰ্ধশতক ষ্ট’কছৰ নামত আছে। মঙলবাৰে কেৰিয়াৰৰ ১০৫ সংখ্যক এদিনীয়া মেচ খেলিবলৈ নামিব ষ্ট’কছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ