--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বলৈ আহিছে এক অনাকাংক্ষিত খবৰ। সমগ্ৰ ক্ৰিকেট জগতত চমকিত কৰি তোলা এটা সংবাদ।  ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছে  এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লোৱাৰ খবৰ আহিছে। জ’ছ বাটলাৰৰ দলটোৱে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব। ২০১৯ চনৰ বিশ্বকাপ বিজয়ী অলৰাউণ্ডাৰ গৰাকীয়ে ডাৰহামত সেই মেচখন খেলাৰ পিছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বুলি জানিবলৈ পোৱা গৈছে। 

অৱশ্যে, এদিনীয়াৰ পৰা অৱসৰ ল’লেও দেশৰ হৈ টি-২০ আৰু টেষ্ট খেলিবলৈ প্ৰস্তুত ষ্ট’কছ। ষ্ট’কছে ছ’চিয়েল মিডিয়াতো সেই বিষয়ে অৱগত কৰিছে। ২০২৩ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত আৰু দেখিবলৈ পোৱা নাযাব বেন ষ্ট’কছক। 

ক্ৰীড়ানুৰাগীক চমক দিয়া ষ্ট’কছে টুইটাৰত লিখিছে, ‘মঙলবাৰে ডাৰহামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন এদিনীয়া খেলৰ বাবে ওলাই যাম। ইয়াৰ পিছত মই এই ফৰ্মেটৰ পৰা অৱসৰ লম। অতি কঠিন সিদ্ধান্ত। কিন্তু ইংলেণ্ডৰ সতীৰ্থসকলৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত আজীৱন মনত থাকিব। এক দুৰ্দান্ত অভিজ্ঞতাৰ সাক্ষী হৈ ৰ’লো৷ যদিও সিদ্ধান্ত লোৱাটো কঠিন, তথাপি মই মোৰ সতীৰ্থসকলক জনাব বিচাৰিছো যে, মই হয়তো তেতিয়াৰ পৰা এই ফৰ্মেটত ১০০ শতাংশ দিব পৰা নাছিলো। ইংলেণ্ডৰ জাৰ্ছী পিন্ধি বেয়া খেলাৰ অধিকাৰ কাৰো নাই। গতিকে, মই সিদ্ধান্ত ললোঁ। অৱশ্যে, জাতীয় দলৰ হৈ টেষ্ট আৰু টি-২০ ফৰ্মেটত খেলি যাম।’

স্মৰ্তব্য যে, ২০১১ চনৰ ২৫ আগষ্টত ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত অভিষেক ঘটিছিল এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ। এতিয়ালৈকে ১০৪ খন মেচত ২৯১৯ ৰান সংগ্ৰহ কৰিছে তেওঁ। সৰ্বাধিক অপৰাজিত ১০২। তিনিটা শতকীয় ইনিংছ আৰু  ২১টা অৰ্ধশতক ষ্ট’কছৰ নামত আছে। মঙলবাৰে কেৰিয়াৰৰ ১০৫ সংখ্যক এদিনীয়া মেচ খেলিবলৈ নামিব ষ্ট’কছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু