--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছন্দহীন বিৰাট কোহলীৰ পৰা মাত্ৰ ২০ মিনিট সময় বিচাৰিলে সুনীল গাভাস্কাৰে। তিনি বছৰ পাৰ হ’ল৷ টেষ্ট আৰু এদিনীয়া ফৰ্মেটত চিনাকি ছন্দত দেখিবলৈ পোৱা নাই ৰান মেছিনক। বেটৰ সৈতে বলৰ দুৰন্ত ছন্দ হেৰুৱাইছে কোহলীয়ে। বিগত ডেৰটা বছৰত অফ ষ্টাম্পৰ বাহিৰত এবাৰতকৈ অধিক বল মাৰি পঠিওৱাৰ পাছত পেভেলিয়নমুখী হৈছে বিৰাট। বাৰে বাৰে ছেট হ’বলৈ লোৱাৰ ক্ষণিক পাছতে উইকেট হেৰুৱাইছে কোহলীয়ে। শেহতীয়া ফৰ্মৰ বাবে অহৰহ সমালোচনাৰ সন্মু‌খীন হৈছে কোহলীয়ে। সেয়েহে বিৰাটক তেওঁৰ পুৰণি আক্ৰমণাত্মক ছন্দত চাবলৈ উপদেশ দিব বিচাৰিছে ‘লিটল মাষ্টাৰে’।

কিংবদন্তী ছানীয়ে কয়, ‘যদি মই তেওঁৰ লগত মাত্ৰ ২০ মিনিট সময় কটাব পাৰো, তেন্তে মই কিছু পৰামৰ্শ দিম। যিখিনি মানি চলিলে উপকৃত হ’ব কোহলী। মোৰ পৰামৰ্শই বিৰাটক সহায় কৰিব নে নাই সেয়া কোৱা সম্ভৱ নহয়। কিন্তু অফ ষ্টাম্পৰ বল কেনেকৈ খেলিব লাগে তাক লৈ পোষ্টমৰ্টেম হ’ব পাৰে।’

গাভাস্কাৰে লগতে কয়, ‘মই আগতে নিজেই ইনিংছ মুকলি কৰিছিলো। অফ ষ্টাম্পৰ বাহিৰত বল কেনেকৈ খেলিব লাগে আৰু সেই ডেলিভাৰীবোৰ খেলি থাকোঁতে কি কি সমস্যাৰ সৃষ্টি হয় সেয়া মই ভালদৰে জানো। সেই বিষয়ে মই বিৰাটৰ লগত কথা পাতিব বিচাৰো। যদি আমি মাত্ৰ ২০ মিনিট সময় পাওঁ তেতিয়া এই বিষয়টোৰ ওপৰত আলোচনা হ’ব পাৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ