--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেত্ৰীৰ কৰুণ গাথা। ৫ বাৰকৈ বিবাহপাশত আৱদ্ধ হৈয়ো তেওঁ আছিল নিঃসংগ। অভিনেত্ৰীগৰাকীৰ নাম মীনা শ্বৌৰী। ভাৰতত লাৰা লাপ্পা গাৰ্ল আৰু পাকিস্তানত লাক্স লেডী হিচাপে জনপ্ৰিয় আছিল মীনা। তেওঁ ৫ বাৰ বিয়া পাতিছিল, দুবাৰ ধৰ্ম সলনি কৰিছিল আৰু ভাৰত আৰু পাকিস্তানৰ ছবিত কাম কৰিছিল। 

এবাৰ আনকি এনেকুৱাও হৈছিল যে দেশ বিভাজনৰ পাছত তেওঁ স্বামীক এৰি পাকিস্তানী ছবিত কাম কৰিবলৈ গৈছিল। তেওঁৰ চলচ্চিত্ৰ যাত্ৰা সফলতাৰে ভৰি আছিল যদিও শৈশৱ আৰু বাৰ্ধক্য দৰিদ্ৰতা, পিতৃৰ অত্যাচাৰ, নিসংগতাত পাৰ হৈছিল। তেওঁ ইমান দৰিদ্ৰ হৈ পৰিছিল তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও টকা নাছিল। ওচৰ-চুবুৰীয়াই দানৰ পইচাৰে তেওঁৰ শেষ ৰীতি-নীতি পালন কৰিলে।

খুৰছিদ বানো অৰ্থাৎ মীনা শ্বৌৰীৰ জন্ম হৈছিল ১৯২১ চনৰ ১৭ নৱেম্বৰত ৰাইৱিণ্ডত, যিটো ব্ৰিটিছ ভাৰতৰ অংশ আছিল আৰু বিভাজনৰ পাছত পাকিস্তানলৈ আহিছিল। অভিনয় প্ৰতিভাৰে জিলিকি উঠা মীনাই ষোল্ল বছৰ বয়সত প্ৰযোজক-পৰিচালক জাহুৰ ৰাজাক বিয়া কৰায় আৰু কেইমাহমানৰ পিছত বিচ্ছেদ হয়। অভিনেতা আল নাছিৰৰ সৈতে তেওঁৰ দ্বিতীয় বিবাহো বেছি দিন নাথাকিল আৰু তেওঁ চলচ্চিত্ৰ নিৰ্মাতা ৰূপ কে শ্বৌৰীৰ সৈতে তৃতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হয়। 

এই সম্পৰ্ক ভালদৰে চলি আছিল আৰু মীনা শ্বৌৰীয়ে অবিৰতভাৱে ছবি লাভ কৰি আছিল যদিও ১৯৫৬ চনত তেওঁ পাকিস্তানলৈ যায়। ইয়াৰ পাছত ৰূপ কে শ্বৌৰীৰ সৈতেও তেওঁৰ সম্পৰ্ক ভাঙি গ’ল। অভিনেত্ৰী হিচাপে তেওঁ পাকিস্তানত কাম কৰিবলৈ আৰম্ভ কৰে। তাত তেওঁ আৰু দুবাৰ কৰায়। পাকিস্তানত পতা এই দুখন বিয়াও স্থায়ী নহ’ল। বয়স বৃদ্ধিৰ লগে লগে পাকিস্তানী ছবিত তেওঁৰ চাহিদা কমি আহিল। উপাৰ্জনৰ উপায় নোহোৱা হল আৰু আত্মীয়সকলেও তেওঁৰ পৰা আঁতৰি থাকিল।

পাকিস্তানত তেওঁৰ শেষ দিনবোৰ অস্পষ্টতা আৰু দুৰ্দশাৰ মাজত পাৰ হৈ গ’ল। ১৯৮৯ চনৰ ৩ ছেপ্টেম্বৰত লাহোৰত ৬৭ বছৰ বয়সত মীনা শ্বৌৰীয়ে এই পৃথিৱীক চিৰবিদায় জনায়। কোনো আত্মীয় নথকাৰ বাবে ওচৰ-চুবুৰীয়াই ধন সংগ্ৰহ কৰি তেওঁৰ শেষ ৰীতি-নীতি সম্পন্ন কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক