--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতি কঁপাবলৈ আৰু এখন চিনেমা আহি আছে। এইবাৰ নাথুৰাম গডছেক লৈ ২৬ জানুৱাৰীত চিনেমা মুক্তি দিবলৈ উলাইছে প্ৰখ্যাত পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে। ইতিমধ্যে ছৱিৰ ট্ৰেইলাৰো মুকলি হৈছে। "গান্ধী গডছে: এক যুদ্ধ' নামৰ এই ছৱিখন নিৰ্মাণ কৰাৰ বাবে পৰিচালক সন্তোষীয়ে অলপতে মৃত্যুৰ ভাবুকিও লাভ কৰিছে।

তাৰৰপাছতে এই লৈ মুখ খুলিছে ছৱিখনৰ সংগীত পৰিচালক এ আৰ ৰহমানে। ৰাজকুমাৰ সন্তোষীক মৃত্যুৰ ভাবুকি দিয়াটোক তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিছে। কয় যে কেৱল ট্ৰেইলাৰখন চাইয়েই মানুহে প্ৰতিবাদ কৰা আৰম্ভ কৰি দিছে!

উল্লেখ্য যে চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছৰে পৰা 'গান্ধী গডছে: এক যুধ' একাধিকবাৰ বিতৰ্কত সোমাই পৰিছে। নাথুৰাম গডছে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ হত্যাকাৰী। ছৱিখনৰ জৰিয়তে গডছেক প্ৰশংসা কৰা হৈছে নেকি বুলিও অনেকে প্ৰশ্ন উত্থাপন কৰিছে। 'গান্ধী গডছে: এক যুধ' ২৬ জানুৱাৰীত মুক্তি পাব।

সেইবাবেই পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে অলপতে নিজৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে নিৰাপত্তা বিচাৰি মুম্বাই আৰক্ষীৰ কাষ চাপিছিল। তেওঁ কয়- "মই ছবিখনৰ প্ৰচাৰ আৰু মুক্তি বন্ধ কৰিবলৈ অজ্ঞাত লোকৰ পৰা ভাবুকি লাভ কৰি আহিছো। মই মোৰ নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। যদি এনে লোকসকলে মুক্তভাৱে ঘূৰি ফুৰে, ই মোৰ আৰু মোৰ পৰিয়ালৰ বাবে বিপদজনক হ'ব পাৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক