--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ পিছৰে পৰা বিশ্বৰ অৰ্থনীতিয়ে আজিও ভালদৰে মূৰ দাঙি উঠিব পৰা নাই৷ এনে সময়তে ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ  শেহতীয়া প্ৰতিবেদনত  প্ৰকাশ পাইছে ভয়াবহ  তথ্য৷ তথ্য  পৰৱৰ্তী পাঁচ বছৰত চাকৰি পোৱা লোকৰ  তুলনাত চাকৰি হেৰুওৱা লোকৰ  সংখ্যা যথেষ্ট বৃদ্ধি হ'ব।

 ইয়াৰ এটা মুখ্য কাৰণ হৈছে  এআই(কৃত্ৰিম বুদ্ধিমত্তা) প্ৰযুক্তিৰ উত্থান। প্ৰতিবেদনত দাবী কৰা হৈছে যে যান্ত্ৰিক প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ ফলতে  নিয়োগৰ প্ৰৱণতা হ্ৰাস পাব।

বিশ্বৰ ৮০৩ টা কোম্পানীৰ জৰীপৰ ওপৰত ভিত্তি কৰি ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামে এই  প্ৰতিবেদন প্ৰকাশ কৰিছে৷ প্ৰতিবেদন খনত  কোৱা হৈছে যে অহা পাঁচ বছৰত বিশ্বজুৰি ৬৯ নিযুত নতুন চাকৰিৰ সৃষ্টি হ'ব। একে সময়তে ৮৩ নিযুতক  চাকৰিৰ পৰা অব্যাহতি  দিয়া  হ'ব। অৰ্থাৎ চাকৰিৰ সংখ্যা ২৩  শতাংশ হ্ৰাস হ'ব। কাৰণ যন্ত্ৰই মানুহৰ কাম কৰিবলৈ আৰম্ভ কৰিছে৷

অৱশ্যে  সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতৰ পৰিস্থিতি অলপ আশাব্যঞ্জক। প্ৰতিবেদন অনুসৰি ২০২৭  চনৰ ভিতৰত ভাৰতত ২২  শতাংশ লোকে  চাকৰি হেৰুৱাব। অৱশ্যে, ভাৰতৰ নিয়োগকৰ্তাসকলে জনসাধাৰণৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখিব। কাৰিকৰী ক্ষেত্ৰত ডিজিটেল উপায়েৰে নিযুক্তি যথেষ্ট বৃদ্ধি হ'ব। বিশেষকৈ, এ.আই. প্ৰযুক্তি, যন্ত্ৰ বিশেষজ্ঞৰ চাহিদা চাকৰিৰ বজাৰত বৃদ্ধি পাব ।

 প্ৰতিবেদন অনুসৰি  কোভিডৰ বাবে যোৱা তিনি বছৰত নিযুক্তি প্ৰক্ৰিয়াত বিৰূপ  প্ৰভাৱ পৰিছে। এনে  সময়ত কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া নিৱনুৱাৰ বাবে ভাবুকি কঢ়িয়াই আনিছে৷  বহু  নিয়োগকৰ্তাৰ এতিয়া মানুহৰ সলনি যন্ত্ৰৰ ওপৰত অধিক নিৰ্ভৰ কৰিব বিচাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল