--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ পিছৰে পৰা বিশ্বৰ অৰ্থনীতিয়ে আজিও ভালদৰে মূৰ দাঙি উঠিব পৰা নাই৷ এনে সময়তে ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ  শেহতীয়া প্ৰতিবেদনত  প্ৰকাশ পাইছে ভয়াবহ  তথ্য৷ তথ্য  পৰৱৰ্তী পাঁচ বছৰত চাকৰি পোৱা লোকৰ  তুলনাত চাকৰি হেৰুওৱা লোকৰ  সংখ্যা যথেষ্ট বৃদ্ধি হ'ব।

 ইয়াৰ এটা মুখ্য কাৰণ হৈছে  এআই(কৃত্ৰিম বুদ্ধিমত্তা) প্ৰযুক্তিৰ উত্থান। প্ৰতিবেদনত দাবী কৰা হৈছে যে যান্ত্ৰিক প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ ফলতে  নিয়োগৰ প্ৰৱণতা হ্ৰাস পাব।

বিশ্বৰ ৮০৩ টা কোম্পানীৰ জৰীপৰ ওপৰত ভিত্তি কৰি ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামে এই  প্ৰতিবেদন প্ৰকাশ কৰিছে৷ প্ৰতিবেদন খনত  কোৱা হৈছে যে অহা পাঁচ বছৰত বিশ্বজুৰি ৬৯ নিযুত নতুন চাকৰিৰ সৃষ্টি হ'ব। একে সময়তে ৮৩ নিযুতক  চাকৰিৰ পৰা অব্যাহতি  দিয়া  হ'ব। অৰ্থাৎ চাকৰিৰ সংখ্যা ২৩  শতাংশ হ্ৰাস হ'ব। কাৰণ যন্ত্ৰই মানুহৰ কাম কৰিবলৈ আৰম্ভ কৰিছে৷

অৱশ্যে  সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতৰ পৰিস্থিতি অলপ আশাব্যঞ্জক। প্ৰতিবেদন অনুসৰি ২০২৭  চনৰ ভিতৰত ভাৰতত ২২  শতাংশ লোকে  চাকৰি হেৰুৱাব। অৱশ্যে, ভাৰতৰ নিয়োগকৰ্তাসকলে জনসাধাৰণৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখিব। কাৰিকৰী ক্ষেত্ৰত ডিজিটেল উপায়েৰে নিযুক্তি যথেষ্ট বৃদ্ধি হ'ব। বিশেষকৈ, এ.আই. প্ৰযুক্তি, যন্ত্ৰ বিশেষজ্ঞৰ চাহিদা চাকৰিৰ বজাৰত বৃদ্ধি পাব ।

 প্ৰতিবেদন অনুসৰি  কোভিডৰ বাবে যোৱা তিনি বছৰত নিযুক্তি প্ৰক্ৰিয়াত বিৰূপ  প্ৰভাৱ পৰিছে। এনে  সময়ত কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া নিৱনুৱাৰ বাবে ভাবুকি কঢ়িয়াই আনিছে৷  বহু  নিয়োগকৰ্তাৰ এতিয়া মানুহৰ সলনি যন্ত্ৰৰ ওপৰত অধিক নিৰ্ভৰ কৰিব বিচাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে