--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ-ভাং-ড্ৰাগছৰ আসক্তি দূৰ কৰিবলৈ বহুতেই নিচামুক্তি কেন্দ্ৰলৈ যায়৷ কিন্তু শেহতীয়াকৈ বাংগালুৰুৰ এজন লোকে আন এক নিচাৰ পৰা মুক্তি পোৱাৰ বাবেহে নিচামুক্তি কেন্দ্ৰলৈ যোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে৷  অদ্ভুত বাংগালুৰুৰ এজন ব্যক্তিয়ে শ্বেয়াৰ বজাৰত বিনিয়োগৰ প্ৰতি গঢ়ি উঠা তেওঁৰ নিচা দূৰ কৰাৰ পৰামৰ্শ বিচাৰি নিচামুক্তি কেন্দ্ৰলৈ গৈছে৷

লোকজনে বাংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ মেন্টাল হেল্থ এণ্ড নিউৰোচাইন্সৰ (এনআইএমএইচএএনএছ) আসক্তি মুক্তি ক্লিনিকলৈ গৈ শ্বেয়াৰ বজাৰত হকে-বিহকে বিনিয়োগ কৰাৰ যি নিচা সেয়া দূৰ কৰিবলৈ পৰামৰ্শ বিচাৰিছে৷। চাৰ্ভিচ ফৰ হেল্দি ইউজ অফ টেকন'লজী (শ্বট) ক্লিনিকত  তেওঁ কৈছে যে শেহতীয়াকৈ তেওঁ শ্বেয়াৰ ব্যৱসায়ত ৩০ লাখ টকাৰো অধিক ধনৰ লোকচান ভৰিছে৷

 এনেদৰে থাকিলে তেওঁ এদিন দেউলীয়া হৈ পৰিব৷ এনে পৰিস্থিতিত মানুহজনৰ পৰিয়ালে তেওঁক ইয়াৰ বাবে থেৰাপী ল'বলৈ কৈছিল। শ্বাট ক্লিনিকৰ অধ্যাপক ডাঃ মনোজ কুমাৰ শৰ্মাই  কয় " জুৱা বা গেমিং আসক্তিৰ দৰে আন ঘটনাৰ ক্ষেত্ৰতো  আমি ৰোগীৰ সমস্যাটো বিতংভাৱে বুজি ৰোগীৰ তেনে সমস্যা সমাধানৰ বাবে এক নতুন পদক্ষেপ ল'ব লগা হয়ষ কিন্তু শ্বেয়াৰ বজাৰৰ নিচা  আমাৰ মনোবিজ্ঞানীসকলৰ বাবে  প্ৰথম ঘটনা " । 

ইতিমধ্যে বৃহৎ লোকচানৰ সন্মুখীন হোৱা লোকজনে তেওঁৰ জীৱনৰ সকলো সঞ্চয় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি সৰ্বস্বান্ত হৈছে৷ পিছত তেওঁ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ আনৰ পৰা টকা ধাৰে ল’বলৈ  লৈছিল। এনে ঘটনাই তেওঁৰ পাৰিবাৰিক জীৱনত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু তেওঁ চিকিৎসকৰ কাষলৈ যাবলৈ বাধ্য হৈছে। লোকজনৰ সমস্যাটো সন্দৰ্ভত এজন জ্যেষ্ঠ মনোবিজ্ঞানীয়ে কয়" ষ্টক ট্ৰেডিং আৱেগৰ চিকিৎসা আমাৰ বাবে প্ৰত্যাহ্বানজনক৷  কিয়নো এইক্ষেত্ৰত   পুংখানুপুংখ পৰীক্ষাৰ তথা নিৰীক্ষণৰ প্ৰয়োজন, কিয়নো এইক্ষেত্ৰত ৰোগীৰ ঔষধৰ প্ৰয়োজন হোৱাকৈ কোনো আৱেগিক সমস্যা নাথাকে। এই ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয় - ব্যক্তিজনক ব্যৱসায়ৰ পৰা সম্পূৰ্ণ বিৰত থকাৰ প্ৰয়োজন নে নিয়ন্ত্ৰিত ভাৱে ইয়াত লিপ্ত হোৱা উচিত"৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে