--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ-ভাং-ড্ৰাগছৰ আসক্তি দূৰ কৰিবলৈ বহুতেই নিচামুক্তি কেন্দ্ৰলৈ যায়৷ কিন্তু শেহতীয়াকৈ বাংগালুৰুৰ এজন লোকে আন এক নিচাৰ পৰা মুক্তি পোৱাৰ বাবেহে নিচামুক্তি কেন্দ্ৰলৈ যোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে৷  অদ্ভুত বাংগালুৰুৰ এজন ব্যক্তিয়ে শ্বেয়াৰ বজাৰত বিনিয়োগৰ প্ৰতি গঢ়ি উঠা তেওঁৰ নিচা দূৰ কৰাৰ পৰামৰ্শ বিচাৰি নিচামুক্তি কেন্দ্ৰলৈ গৈছে৷

লোকজনে বাংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ মেন্টাল হেল্থ এণ্ড নিউৰোচাইন্সৰ (এনআইএমএইচএএনএছ) আসক্তি মুক্তি ক্লিনিকলৈ গৈ শ্বেয়াৰ বজাৰত হকে-বিহকে বিনিয়োগ কৰাৰ যি নিচা সেয়া দূৰ কৰিবলৈ পৰামৰ্শ বিচাৰিছে৷। চাৰ্ভিচ ফৰ হেল্দি ইউজ অফ টেকন'লজী (শ্বট) ক্লিনিকত  তেওঁ কৈছে যে শেহতীয়াকৈ তেওঁ শ্বেয়াৰ ব্যৱসায়ত ৩০ লাখ টকাৰো অধিক ধনৰ লোকচান ভৰিছে৷

 এনেদৰে থাকিলে তেওঁ এদিন দেউলীয়া হৈ পৰিব৷ এনে পৰিস্থিতিত মানুহজনৰ পৰিয়ালে তেওঁক ইয়াৰ বাবে থেৰাপী ল'বলৈ কৈছিল। শ্বাট ক্লিনিকৰ অধ্যাপক ডাঃ মনোজ কুমাৰ শৰ্মাই  কয় " জুৱা বা গেমিং আসক্তিৰ দৰে আন ঘটনাৰ ক্ষেত্ৰতো  আমি ৰোগীৰ সমস্যাটো বিতংভাৱে বুজি ৰোগীৰ তেনে সমস্যা সমাধানৰ বাবে এক নতুন পদক্ষেপ ল'ব লগা হয়ষ কিন্তু শ্বেয়াৰ বজাৰৰ নিচা  আমাৰ মনোবিজ্ঞানীসকলৰ বাবে  প্ৰথম ঘটনা " । 

ইতিমধ্যে বৃহৎ লোকচানৰ সন্মুখীন হোৱা লোকজনে তেওঁৰ জীৱনৰ সকলো সঞ্চয় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি সৰ্বস্বান্ত হৈছে৷ পিছত তেওঁ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ আনৰ পৰা টকা ধাৰে ল’বলৈ  লৈছিল। এনে ঘটনাই তেওঁৰ পাৰিবাৰিক জীৱনত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু তেওঁ চিকিৎসকৰ কাষলৈ যাবলৈ বাধ্য হৈছে। লোকজনৰ সমস্যাটো সন্দৰ্ভত এজন জ্যেষ্ঠ মনোবিজ্ঞানীয়ে কয়" ষ্টক ট্ৰেডিং আৱেগৰ চিকিৎসা আমাৰ বাবে প্ৰত্যাহ্বানজনক৷  কিয়নো এইক্ষেত্ৰত   পুংখানুপুংখ পৰীক্ষাৰ তথা নিৰীক্ষণৰ প্ৰয়োজন, কিয়নো এইক্ষেত্ৰত ৰোগীৰ ঔষধৰ প্ৰয়োজন হোৱাকৈ কোনো আৱেগিক সমস্যা নাথাকে। এই ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয় - ব্যক্তিজনক ব্যৱসায়ৰ পৰা সম্পূৰ্ণ বিৰত থকাৰ প্ৰয়োজন নে নিয়ন্ত্ৰিত ভাৱে ইয়াত লিপ্ত হোৱা উচিত"৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল