--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত চোৰ কেইটা হৈছে— গৰৈমাৰী থানাৰ এলেকাধীন কানহাৰাৰ শ্বহিদুল ইছলাম (২৩),জোৰশিমুলী আৰক্ষী এলেকাধীন চাম্পুপাৰা পথাৰৰ ছিৰাজুল ইছলাম (২৩), গৰৈমাৰী সত্ৰৰ ছাদ্দাম হুছেইন (২৭), আলোপতি চৰ থানাৰ অন্তৰ্গত বাঘমাৰাৰ ক্ৰমে—আব্দুল বাতিন (৩৩) আৰু হায়াত আলী (২৫)৷

ডিজিটেল ডেস্ক: দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষীৰ বৃহৎ সাফল্য। যোৱা নিশা গৰৈমাৰী আৰক্ষীয়ে কামৰূপ আৰু বৰপেটাৰ বিভিন্ন চৰাঞ্চলত অভিযান চলাই ৫টাকৈ গভাইত বাইক আৰু ট্ৰাক হাইজেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


উল্লেখ্য যে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল মমিনুৰ ৰহমানৰ AS 19 Q 6540 নম্বৰৰ য়ামাহা এফ জেদ মটৰ চাইকেলখন গৰৈমাৰীৰ কছাৰীপাৰাৰ পৰা ৪ জানুৱাৰীৰ নিশা চোৰৰ দল এটাই চুৰি কৰি লৈ যায়৷


এই ঘটনাৰ পিছতেই বাইকৰ গৰাকীয়ে গৰৈমাৰী থানাত এটি এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল মোমিনে এক গোপন খবৰৰ ভিত্তিত যোৱা নিশা বৰপেটা জিলাৰ আলোপতি চৰৰ পৰা চুৰি হোৱা মটৰ চাইকেলখন উদ্ধাৰ কৰাৰ লগতে ৫টা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 


ধৃত চোৰ কেইটা হৈছে— গৰৈমাৰী থানাৰ এলেকাধীন কানহাৰাৰ শ্বহিদুল ইছলাম (২৩),জোৰশিমুলী আৰক্ষী এলেকাধীন চাম্পুপাৰা পথাৰৰ ছিৰাজুল ইছলাম (২৩), গৰৈমাৰী সত্ৰৰ ছাদ্দাম হুছেইন (২৭), আলোপতি চৰ থানাৰ অন্তৰ্গত বাঘমাৰাৰ ক্ৰমে—আব্দুল বাতিন (৩৩) আৰু হায়াত আলী (২৫)৷ 


ইয়াৰে ধৃত ছাদ্দাম হুছেইন,ছিৰাজুল ইছলাম আৰু হায়াত আলী বিভিন্ন ঠাইত ট্ৰাক হাইজেক কৰি বিভিন্ন থানাত গ্ৰেপ্তাৰ হোৱাৰ অভিযোগ আছে।


ধৃত চোৰ কেইজনক আজি গৰৈমাৰী আৰক্ষীয়ে জেৰ হাজোতলৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন