ডিজিটেল ডেস্ক: দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষীৰ বৃহৎ সাফল্য। যোৱা নিশা গৰৈমাৰী আৰক্ষীয়ে কামৰূপ আৰু বৰপেটাৰ বিভিন্ন চৰাঞ্চলত অভিযান চলাই ৫টাকৈ গভাইত বাইক আৰু ট্ৰাক হাইজেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল মমিনুৰ ৰহমানৰ AS 19 Q 6540 নম্বৰৰ য়ামাহা এফ জেদ মটৰ চাইকেলখন গৰৈমাৰীৰ কছাৰীপাৰাৰ পৰা ৪ জানুৱাৰীৰ নিশা চোৰৰ দল এটাই চুৰি কৰি লৈ যায়৷
এই ঘটনাৰ পিছতেই বাইকৰ গৰাকীয়ে গৰৈমাৰী থানাত এটি এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল মোমিনে এক গোপন খবৰৰ ভিত্তিত যোৱা নিশা বৰপেটা জিলাৰ আলোপতি চৰৰ পৰা চুৰি হোৱা মটৰ চাইকেলখন উদ্ধাৰ কৰাৰ লগতে ৫টা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ধৃত চোৰ কেইটা হৈছে— গৰৈমাৰী থানাৰ এলেকাধীন কানহাৰাৰ শ্বহিদুল ইছলাম (২৩),জোৰশিমুলী আৰক্ষী এলেকাধীন চাম্পুপাৰা পথাৰৰ ছিৰাজুল ইছলাম (২৩), গৰৈমাৰী সত্ৰৰ ছাদ্দাম হুছেইন (২৭), আলোপতি চৰ থানাৰ অন্তৰ্গত বাঘমাৰাৰ ক্ৰমে—আব্দুল বাতিন (৩৩) আৰু হায়াত আলী (২৫)৷
ইয়াৰে ধৃত ছাদ্দাম হুছেইন,ছিৰাজুল ইছলাম আৰু হায়াত আলী বিভিন্ন ঠাইত ট্ৰাক হাইজেক কৰি বিভিন্ন থানাত গ্ৰেপ্তাৰ হোৱাৰ অভিযোগ আছে।
ধৃত চোৰ কেইজনক আজি গৰৈমাৰী আৰক্ষীয়ে জেৰ হাজোতলৈ প্ৰেৰণ কৰে।