--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত বতৰ সুখকৰ হৈ পৰিছে। দক্ষিণ ভাৰতৰ বহু অঞ্চলতো ধাৰাসাৰ বৰষুণ দেখা গৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, আগন্তুক কেইদিনমানলৈও একেদৰেই বৰষুণ আৰু ধুমুহাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব। ৫ এপ্ৰিললৈকে তামিলনাডু, কেৰালা, অন্ধ্ৰ, তেলেংগানা, কৰ্ণাটকত বৰষুণৰ সৈতে ধুমুহাৰ সম্ভাৱনা আছে। একে সময়তে উত্তৰ ভাৰতৰ বহু ৰাজ্যত এই সপ্তাহত বৰষুণৰ বাবে বতৰ সুখদায়ক হৈ থকাৰ সম্ভাৱনা আছে।

দ্য ৱেদাৰ চেনেলৰ মেট দলৰ মতে, দক্ষিণ ভাৰতৰ আভ্যন্তৰীণ অংশৰ ওপৰত এটা সতেজ ট্ৰাফ আছে। অনাগত দিনত ইয়াৰ প্ৰভাৱ সমগ্ৰ অঞ্চলটোত দেখা যাব। ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত বজ্ৰপাত আৰু প্ৰচণ্ড বতাহৰ সৈতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। আগন্তুক চাৰিদিনলৈ বৰষুণৰ প্ৰক্ৰিয়া অব্যাহত থাকিব।

চেন্নাইস্থিত আই এম ডিৰ আঞ্চলিক বতৰ কেন্দ্ৰই উত্তৰ আৰু উত্তৰ-পশ্চিম জিলা ৰাণীপেট্টাই, ভেল্লোৰ, তিৰুৱন্নামলাই, তিৰুপট্তুৰ, কৃষ্ণগিৰি, ধৰ্মপুৰী, চেলেম, ইৰোড, নীলগিৰি, কইম্বাটুৰ, থিৰুপপুৰ, নামককাল, কৰুৰ, দিণ্ডিগুল আৰু থেনিত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে৷এইবিলাক স্থানত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। স্থানীয় বতৰ সন্দৰ্ভত বাসিন্দাসকলক সজাগ হৈ থাকিবলৈয়ো আহ্বান জনোৱা হৈছে

যোৱা কেইদিনমানৰ পৰা দেশৰ ৰাজধানী দিল্লীত হোৱা বৰষুণৰ বাবে বতৰ ভাল হৈ আছে। গৰমৰ পৰা সকাহ পাইছে মানুহে। দিল্লীৰ বহু অঞ্চল জলমগ্ন হৈ পৰে। আই এম ডিৰ নতুন তথ্য অনুসৰি আজি (২ এপ্ৰিল) দিল্লীত আকাশখন ডাৱৰীয়া হোৱাৰ লগতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পূৰ্বাভাসত কোৱা হৈছে যে সৰ্বনিম্ন তাপমাত্ৰা ১৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ ৩১ ডিগ্ৰী চেলছিয়াছ হ’ব।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশ, ছিকিম, লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত সামান্য বৰষুণৰ সম্ভাৱনা আছে। একে সময়তে ২ এপ্ৰিলৰ ৰাতি পৰ্যন্ত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত সামান্যৰ পৰা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ