--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযেন নচিকেতাৰ বৃদ্ধাশ্ৰম গীতটি পুনৰ বাজি উঠিল৷ দেশত এতিয়া 4জিৰ পিছত আহিছে  5জি৷ কেইবাখনো বচা বচা চহৰত ইতিমধ্যে আৰম্ভ হৈছে  5জি৷ প্ৰযুক্তিৰ মায়মাময় পৃথিৱী খনত এতিয়া বন্দী হৈ পৰিছে দেশৰ যুৱ প্ৰজন্মৰ গৰিষ্ঠসংখ্যক যুৱক-যুৱতী৷ মানৱীয় সম্পৰ্কবো এতিয়া  যেন হেৰাই যাবলৈ ধৰিছে৷ এখন ভাৰ্চুৱেল পৃথিৱীৰ বাসিন্দা হৈ পৰিছো আমি৷

 5জিয়েই হওঁক বা অন্য প্ৰযুক্তিৰ ব্যৱহাৰ যিদৰে বাঢ়িছে ঠিক তেনেদৰে বৃদ্ধি পাইছে বৃদ্ধাশ্ৰমৰ সংখ্যা৷ 4জি,   5জিৰ প্ৰেমত পৰা বহু লোকে পাহৰি গৈছে তেওঁলোকৰ জন্মদাতা পিতৃ-মাতৃক৷ সেয়ে বৃদ্ধাশ্ৰমত এতিয়া বহু পুত্ৰ-কন্যাই যত্ন ল’বলৈ অনিচ্ছা কৰা বৃদ্ধ পিতৃ আৰু বৃদ্ধা মাতৃৰে ভৰি পৰিছে৷ অথচ এনে এক পৰিবেশৰ মাজতে দেশত প্ৰথমবাৰৰ বাবে 5জি নেটৱৰ্কৰ সূচনা কৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এষাৰি বৰ মূল্যৱান কথা কৈছে৷  

আম্বানীয়ে একাংশ শিক্ষাৰ্থীক উদ্দেশ্যি কৈছে যে  তেওঁলোকৰ জীৱনত অভিভাৱকৰ গুৰুত্বক অসীম৷ সেয়ে তেওঁলোকৰ গুৰুত্ব আমি প্ৰত্যেকেই   বুজিবলৈ চেষ্টা কৰা দৰকাৰ।  পণ্ডিত দীনদয়াল শক্তি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি  আম্বানীয়ে স্নাতক শিক্ষাৰ্থীসকলক কয় যে তেওঁলোকে   তেওঁলোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ যত্ন লোৱাৰ পৰা কেতিয়াও বিৰত হ’ব নালাগিব৷ আম্বানীয়ে কয়  " মই আপোনাক নিজৰ ভাষাতে  কওঁ - আজিকালি, প্ৰতিজন যুৱক 4জি আৰু এতিয়া 5জিক লৈ উৎসাহিত। কিন্তু পিতা জী আৰু মাতাজীতকৈ ডাঙৰ এই পৃথিৱীত কোনো 'জি' নাই  ।

তেওঁ কয়, "তেওঁলোক  আপোনাৰ শক্তি আৰু সমৰ্থনৰ আটাইতকৈ নিৰ্ভৰযোগ্য স্তম্ভ হৈ আছে আৰু হৈ থাকিব।" আজি আপোনাৰ দিন। এয়াৱ আপোনাৰ মাক- দেউতাক আৰু জ্যেষ্ঠসকলৰো দিন হৈ থাকিব লাগিব ৷এয়া তেওঁলোকৰ বাবেও এটা বিশেষ দিন। তেওঁলোকে আপুনি মঞ্চলৈ খোজ কাঢ়ি গৈ  স্নাতক হোৱাৰ  প্ৰমাণপত্ৰ সংগ্ৰহ  কৰা চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। এইটো তেওঁলোকৰ জীৱনজোৰা সপোন । তেওঁলোকক আপুনি  কেতিয়াও নাপাহৰিব। আপোনাৰ সফলতাত তেওঁলোকৰ অৱদান অপৰিসীম," ৷ ব্যৱসায়িক টাইকুনৰ ৰিলায়েন্স জিঅ'ই সফলতাৰে দেশৰ কেইবাখনো চহৰত ৫জি সেৱা আৰম্ভ কৰিছে যদিও আম্বানীয়ে যুৱ প্ৰজন্মক কেৱল প্ৰযুক্তি নিৰ্ভৰ নহ’বলৈও আহ্বান জনায়৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক