--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশত  গাধৰ মাংসৰ বিক্ৰী বৃদ্ধি পোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে প্ৰশাসনক।  মাত্ৰ দুমাহৰ ভিতৰত, অন্ধ্ৰ প্ৰদেশৰ তিনিখন জিলাৰ পৰা ৮০০ কিলোগ্ৰাম গাধৰ মাংস জব্দ কৰা হৈছে। তিনিখন জিলাৰ কচাইখানাৰ পৰা কমেও ১০০ টা গাধ উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি গুন্টুৰ, বাপাটালা আৰু প্ৰকাশম  জিলাত গাধৰ মাংসৰ চাহিদা হঠাতে  বৃদ্ধি পাইছে। এই তিনিখন জিলাৰ আৰক্ষীয়ে ১ অক্টোবৰৰ পৰা নিৰন্তৰ তালাচী চলাই আছে। তেওঁলোকে বহুতো কটা মাংসও উদ্ধাৰ কৰিছে। কেৱল গুন্টুৰ জিলাতে  যোৱা দুমাহত ৫০০ কিলোগ্ৰামৰো অধিক গাধৰ মাংস উদ্ধাৰ কৰা হৈছে।   

গাধৰ মাংসৰ দাম পঠাৰ মাংসৰ প্ৰায়  সমান। সেয়েহে অতিৰিক্ত লাভৰ আশাত কিছুমান অসাধু মাংস ব্যৱসায়ীয়ে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা গাধ ক্ৰয় কৰি সেইবোৰ অঞ্চলটোৰ কচাইখানাত বিক্ৰী কৰে।
দৰাচলতে ইয়াৰ আঁৰত এটা ভুল ধাৰণা আছে। এয়া বহুতে  বিশ্বাস কৰে  যে হাপানীৰ দৰে শ্বাস-প্ৰশ্বাসৰ ৰোগৰ ঔষধ হিচাপে গাধৰ মাংস উপকাৰী। গাধৰ মাংস খালে  যিকোনো ধৰণৰ বিষো উপশম হয় বুলি বহুতে ধাৰণা কৰে। 

ইয়াৰ লগতে বহুলোকে যৌন শক্তি বৃদ্ধি কৰিবলৈ গাধৰ মাংস ভক্ষণ কৰে।  এনে ধৰণৰ ধাৰণাৰ বাবেই অন্ধ্ৰ প্ৰদেশত এই জন্তুটোবিধৰ মাংসৰ চাহিদা বাঢ়ি গৈছে। পৰিস্থিতি এনেকুৱা  হৈছে যে কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডুৰ পৰা গাধৰ চোৰাং ব্যৱসায় আৰম্ভ হৈছে! 

অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে গাধৰ মাংসৰ বিক্ৰী বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। অনুসন্ধানত প্ৰকাশ পাইছে যে প্ৰকাশম, কৃষ্ণা, পশ্চিম গোদাৱৰী আৰু গুন্টুৰৰ দৰে জিলাত এই মাংসৰ চাহিদা সৰ্বাধিক। আৰক্ষীৰ মতে গাধৰ মাংস বিক্ৰী কেৱল অস্বাস্থ্যকৰেই নহয়, অবৈধও। বিশেষকৈ  এক অস্বাস্থ্যকৰ পৰিৱেশত গাধবোৰ কটা হৈছে ।  এই মাংস খোৱাৰ ফলত মানুহ অসুস্থ হোৱাৰ সম্ভাৱনা অধিক। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু