--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশত  গাধৰ মাংসৰ বিক্ৰী বৃদ্ধি পোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে প্ৰশাসনক।  মাত্ৰ দুমাহৰ ভিতৰত, অন্ধ্ৰ প্ৰদেশৰ তিনিখন জিলাৰ পৰা ৮০০ কিলোগ্ৰাম গাধৰ মাংস জব্দ কৰা হৈছে। তিনিখন জিলাৰ কচাইখানাৰ পৰা কমেও ১০০ টা গাধ উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি গুন্টুৰ, বাপাটালা আৰু প্ৰকাশম  জিলাত গাধৰ মাংসৰ চাহিদা হঠাতে  বৃদ্ধি পাইছে। এই তিনিখন জিলাৰ আৰক্ষীয়ে ১ অক্টোবৰৰ পৰা নিৰন্তৰ তালাচী চলাই আছে। তেওঁলোকে বহুতো কটা মাংসও উদ্ধাৰ কৰিছে। কেৱল গুন্টুৰ জিলাতে  যোৱা দুমাহত ৫০০ কিলোগ্ৰামৰো অধিক গাধৰ মাংস উদ্ধাৰ কৰা হৈছে।   

গাধৰ মাংসৰ দাম পঠাৰ মাংসৰ প্ৰায়  সমান। সেয়েহে অতিৰিক্ত লাভৰ আশাত কিছুমান অসাধু মাংস ব্যৱসায়ীয়ে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা গাধ ক্ৰয় কৰি সেইবোৰ অঞ্চলটোৰ কচাইখানাত বিক্ৰী কৰে।
দৰাচলতে ইয়াৰ আঁৰত এটা ভুল ধাৰণা আছে। এয়া বহুতে  বিশ্বাস কৰে  যে হাপানীৰ দৰে শ্বাস-প্ৰশ্বাসৰ ৰোগৰ ঔষধ হিচাপে গাধৰ মাংস উপকাৰী। গাধৰ মাংস খালে  যিকোনো ধৰণৰ বিষো উপশম হয় বুলি বহুতে ধাৰণা কৰে। 

ইয়াৰ লগতে বহুলোকে যৌন শক্তি বৃদ্ধি কৰিবলৈ গাধৰ মাংস ভক্ষণ কৰে।  এনে ধৰণৰ ধাৰণাৰ বাবেই অন্ধ্ৰ প্ৰদেশত এই জন্তুটোবিধৰ মাংসৰ চাহিদা বাঢ়ি গৈছে। পৰিস্থিতি এনেকুৱা  হৈছে যে কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডুৰ পৰা গাধৰ চোৰাং ব্যৱসায় আৰম্ভ হৈছে! 

অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে গাধৰ মাংসৰ বিক্ৰী বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। অনুসন্ধানত প্ৰকাশ পাইছে যে প্ৰকাশম, কৃষ্ণা, পশ্চিম গোদাৱৰী আৰু গুন্টুৰৰ দৰে জিলাত এই মাংসৰ চাহিদা সৰ্বাধিক। আৰক্ষীৰ মতে গাধৰ মাংস বিক্ৰী কেৱল অস্বাস্থ্যকৰেই নহয়, অবৈধও। বিশেষকৈ  এক অস্বাস্থ্যকৰ পৰিৱেশত গাধবোৰ কটা হৈছে ।  এই মাংস খোৱাৰ ফলত মানুহ অসুস্থ হোৱাৰ সম্ভাৱনা অধিক। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক