--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও আৰু চৌধুৰী চৰণ সিং, কৃষি বিজ্ঞানী এম এছ স্বামীনাথন আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰে।

এইবাৰ চৰকাৰে ভাৰতৰত্ন প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ স্বৰূপ তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীকো । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত চাৰিগৰাকী ব্যক্তিৰ পৰিয়ালক ভাৰতৰত্ন প্ৰদান কৰাৰ বিপৰীতে প্ৰবীণ বিজেপি নেতা এল কে আদৱানীক তেওঁৰ বাসগৃহত ভাৰতৰত্ন প্ৰদান কৰা হ'ব।

শাৰীৰিক অসুস্থতাৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব নোৱাৰা ৯৬ বছৰীয়া লাল কৃষ্ণ আদৱানীক দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাসগৃহলৈ গৈ তাতেই তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ভাৰত ৰত্ন সন্মান। উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে এইবাৰ মুঠ ৫ জন ব্যক্তিলৈ আগবঢ়াইছে ভাৰত ৰত্ন সন্মান।

প্ৰয়াত নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং, কৰ্পুৰী ঠাকুৰ আৰু স্বামীনাথনৰ হৈ তেওঁলোকৰ আত্মীয়সকলে ভাৰতৰত্ন গ্ৰহণ কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ পুত্ৰ পি ভি প্ৰভাকৰ ৰাৱে ৰাষ্ট্ৰপতিৰ পৰা তেওঁৰ পিতৃক প্ৰদান কৰা সন্মান গ্ৰহণ কৰে। চৌধুৰী চৰণ সিঙৰ নাতি আৰু ৰাষ্ট্ৰীয় লোক দলৰ (আৰএলডি) সভাপতি জয়ন্ত চৌধুৰীয়ে ৰাষ্ট্ৰপতি মুৰ্মুৰ পৰা এই সন্মান গ্ৰহণ কৰে।

স্বামীনাথনৰ জীয়ৰী নিত্যা ৰাও আৰু কৰ্পুৰী ঠাকুৰৰ পুত্ৰ ৰামনাথ ঠাকুৰে ৰাষ্ট্ৰপতিৰ পৰা ভাৰতৰত্ন সন্মান গ্ৰহণ কৰিছিল। 

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়কে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। ইয়াৰ লগতে বিজেপিৰ সভাপতি জে পি নাড্ডা, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু