--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ৮ এপ্ৰিলত হ'ব। ২৫ মাৰ্চৰ চন্দ্ৰগ্ৰহণৰ পিচত এইবছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ৮ এপ্ৰিলত হ'ব। বিশ্বজুৰি এই চন্দ্ৰগ্ৰহণকলৈ চৰ্চা হৈছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে ই আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ হ'ব।

৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময় অনুসৰি বিয়লি ০২.১২ বজাত আৰম্ভ হ'ব আৰু ৯ এপ্ৰিলৰ মাজনিশা ০২.২২ বজাত সমাপ্ত হ'ব। এই কাৰণে এইবাৰ সূৰ্যগ্ৰহণৰ সময়সীমা হ’ব ১২ ঘন্টা। বিশ্বজুৰি এই মহাজাগতিক পৰিঘটনাক লৈ কৌতূহল অব্যাহত আছে যদিও ভাৰতৰ পৰা ই দৃশ্যমান নহ'ব। ইয়াৰ পৰিৱৰ্তে ই কানাডা আৰু উত্তৰ আমেৰিকাত দৃশ্যমান হ'ব। মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ মাজেৰে পাৰ হৈ পূব কানাডাত সমাপ্ত হ'ব।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কি ?

যেতিয়া চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ মাজেৰে পাৰ হৈ যায় আৰু সূৰ্য সম্পূৰ্ণৰূপে ঢাক খায়, তেতিয়া ইয়াক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। চন্দ্ৰৰ ছাঁই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি থাকে। এনে সময়ত আকাশখন অন্ধকাৰ হৈ পৰে। পুৱা বা সন্ধিয়া যেন অনুভৱ হয়।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা স্থান বিচাৰি উলিওৱা এক লজিষ্টিক প্ৰত্যাহ্বান। কিয়নো পৃথিৱী পৃষ্ঠৰ প্ৰায় ৭০ শতাংশতকৈও অধিক স্থান আৱৰি আছে মহাসাগৰে। ফলস্বৰূপে, এনে ঘটনাবোৰ প্ৰায়ে দূৰৱৰ্তী স্থানত সংঘটিত হয়৷ যাৰ ফলত ইয়াৰ প্ৰতি আকৰ্ষণ আৰু ৰহস্য বৃদ্ধি হয়।

নাছাই ৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত তিনিটা চাউণ্ডিং ৰকেট উৎক্ষেপণ কৰিব। যেতিয়া পৃথিৱীৰ এটা অংশত সূৰ্যৰ পোহৰ কিছু সময়ৰ বাবে নোহোৱা হয় তেতিয়া গ্ৰহটোৰ ওপৰৰ বায়ুমণ্ডল কেনেদৰে প্ৰভাৱিত হয় তাক অধ্যয়ন কৰিবলৈ এই ৰকেট উৎক্ষেপণ কৰা হ'ব।

নাছাই সদৰী কৰিছে যে চাউণ্ডিং ৰকেটবোৰ তিনিটা পৃথক সময়ত উৎক্ষেপণ কৰা হ'ব। সূৰ্যগ্ৰহণৰ ৪৫ মিনিট আগতে, সূৰ্যগ্ৰহণ সময়ত আৰু ইয়াৰ ৪৫ মিনিটৰ পাছত। এই সময়ৰ ব্যৱধানে সূৰ্যগ্ৰহণৰ ফলত আয়নোস্ফিয়াৰক কেনেদৰে প্ৰভাৱিত কৰে তাৰ তথ্য সংগ্ৰহ কৰাটো হ’ব গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ