--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ৮ এপ্ৰিলত হ'ব। ২৫ মাৰ্চৰ চন্দ্ৰগ্ৰহণৰ পিচত এইবছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ৮ এপ্ৰিলত হ'ব। বিশ্বজুৰি এই চন্দ্ৰগ্ৰহণকলৈ চৰ্চা হৈছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে ই আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ হ'ব।

৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময় অনুসৰি বিয়লি ০২.১২ বজাত আৰম্ভ হ'ব আৰু ৯ এপ্ৰিলৰ মাজনিশা ০২.২২ বজাত সমাপ্ত হ'ব। এই কাৰণে এইবাৰ সূৰ্যগ্ৰহণৰ সময়সীমা হ’ব ১২ ঘন্টা। বিশ্বজুৰি এই মহাজাগতিক পৰিঘটনাক লৈ কৌতূহল অব্যাহত আছে যদিও ভাৰতৰ পৰা ই দৃশ্যমান নহ'ব। ইয়াৰ পৰিৱৰ্তে ই কানাডা আৰু উত্তৰ আমেৰিকাত দৃশ্যমান হ'ব। মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ মাজেৰে পাৰ হৈ পূব কানাডাত সমাপ্ত হ'ব।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কি ?

যেতিয়া চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ মাজেৰে পাৰ হৈ যায় আৰু সূৰ্য সম্পূৰ্ণৰূপে ঢাক খায়, তেতিয়া ইয়াক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। চন্দ্ৰৰ ছাঁই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি থাকে। এনে সময়ত আকাশখন অন্ধকাৰ হৈ পৰে। পুৱা বা সন্ধিয়া যেন অনুভৱ হয়।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা স্থান বিচাৰি উলিওৱা এক লজিষ্টিক প্ৰত্যাহ্বান। কিয়নো পৃথিৱী পৃষ্ঠৰ প্ৰায় ৭০ শতাংশতকৈও অধিক স্থান আৱৰি আছে মহাসাগৰে। ফলস্বৰূপে, এনে ঘটনাবোৰ প্ৰায়ে দূৰৱৰ্তী স্থানত সংঘটিত হয়৷ যাৰ ফলত ইয়াৰ প্ৰতি আকৰ্ষণ আৰু ৰহস্য বৃদ্ধি হয়।

নাছাই ৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত তিনিটা চাউণ্ডিং ৰকেট উৎক্ষেপণ কৰিব। যেতিয়া পৃথিৱীৰ এটা অংশত সূৰ্যৰ পোহৰ কিছু সময়ৰ বাবে নোহোৱা হয় তেতিয়া গ্ৰহটোৰ ওপৰৰ বায়ুমণ্ডল কেনেদৰে প্ৰভাৱিত হয় তাক অধ্যয়ন কৰিবলৈ এই ৰকেট উৎক্ষেপণ কৰা হ'ব।

নাছাই সদৰী কৰিছে যে চাউণ্ডিং ৰকেটবোৰ তিনিটা পৃথক সময়ত উৎক্ষেপণ কৰা হ'ব। সূৰ্যগ্ৰহণৰ ৪৫ মিনিট আগতে, সূৰ্যগ্ৰহণ সময়ত আৰু ইয়াৰ ৪৫ মিনিটৰ পাছত। এই সময়ৰ ব্যৱধানে সূৰ্যগ্ৰহণৰ ফলত আয়নোস্ফিয়াৰক কেনেদৰে প্ৰভাৱিত কৰে তাৰ তথ্য সংগ্ৰহ কৰাটো হ’ব গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু