--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অনুশীলনকালত প্রিয় শিল্পীগৰাকীক স্মৰণ কৰি মহিলা বেণ্ডৰ দলটোৱে 'মায়াবিনী'ৰ সুৰ তোলাৰ লগে লগেই সৃষ্টি হৈছে এক অনন্য পৰিৱেশৰ।

ডিজিটেল ডেস্ক : দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ গুঞ্জৰিত হ'ব জুবিনৰ 'মায়াবিনী'। সম্প্রতি নতুন দিল্লীৰ কৰ্তব্য পথত এন চি চিৰ উত্তৰ-পূবৰ মহিলা কেডাৰসকলে 'মায়াবিনী' পৰিৱেশনৰ বাবে পূৰ্ণ প্রস্তুতি চলাইছে।


অনুশীলনকালত প্রিয় শিল্পীগৰাকীক স্মৰণ কৰি মহিলা বেণ্ডৰ দলটোৱে 'মায়াবিনী'ৰ সুৰ তোলাৰ লগে লগেই সৃষ্টি হৈছে এক অনন্য পৰিৱেশৰ। 


উল্লেখযোগ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰিয় গীত মায়াবিনী ইতিমধ্যে দেশে-বিদেশে জনপ্রিয় গীতলৈ পৰিণত হৈছে। শিল্পীগৰাকীৰ অকাল মৃত্যুৰ পাছতেই ক'বলৈ গ'লে অসমত একপ্ৰকাৰ প্ৰাৰ্থনাত পৰিণত হোৱা মায়াবিনী দেশৰ সকলো বিশিষ্ট কণ্ঠ শিল্পীয়েই গাইছে। 


আনকি এতিয়া ৰাজ্যখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায় মায়াবিনীৰ সুৰ। এনে পৰিস্থিতিত অনাগত গণৰাজ্য দিৱসৰ পেৰেডত জুবিনৰ মায়াবিনী সমগ্র বিশ্বই শুনিবলৈ পোৱাটো অসমৰ বাবে হ'ব এক গৌৰৱৰ কথা। আনহাতে ইয়াৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতিও জনোৱা হ'ব গভীৰ শ্ৰদ্ধা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ