--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অনুশীলনকালত প্রিয় শিল্পীগৰাকীক স্মৰণ কৰি মহিলা বেণ্ডৰ দলটোৱে 'মায়াবিনী'ৰ সুৰ তোলাৰ লগে লগেই সৃষ্টি হৈছে এক অনন্য পৰিৱেশৰ।

ডিজিটেল ডেস্ক : দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ গুঞ্জৰিত হ'ব জুবিনৰ 'মায়াবিনী'। সম্প্রতি নতুন দিল্লীৰ কৰ্তব্য পথত এন চি চিৰ উত্তৰ-পূবৰ মহিলা কেডাৰসকলে 'মায়াবিনী' পৰিৱেশনৰ বাবে পূৰ্ণ প্রস্তুতি চলাইছে।


অনুশীলনকালত প্রিয় শিল্পীগৰাকীক স্মৰণ কৰি মহিলা বেণ্ডৰ দলটোৱে 'মায়াবিনী'ৰ সুৰ তোলাৰ লগে লগেই সৃষ্টি হৈছে এক অনন্য পৰিৱেশৰ। 


উল্লেখযোগ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰিয় গীত মায়াবিনী ইতিমধ্যে দেশে-বিদেশে জনপ্রিয় গীতলৈ পৰিণত হৈছে। শিল্পীগৰাকীৰ অকাল মৃত্যুৰ পাছতেই ক'বলৈ গ'লে অসমত একপ্ৰকাৰ প্ৰাৰ্থনাত পৰিণত হোৱা মায়াবিনী দেশৰ সকলো বিশিষ্ট কণ্ঠ শিল্পীয়েই গাইছে। 


আনকি এতিয়া ৰাজ্যখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায় মায়াবিনীৰ সুৰ। এনে পৰিস্থিতিত অনাগত গণৰাজ্য দিৱসৰ পেৰেডত জুবিনৰ মায়াবিনী সমগ্র বিশ্বই শুনিবলৈ পোৱাটো অসমৰ বাবে হ'ব এক গৌৰৱৰ কথা। আনহাতে ইয়াৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতিও জনোৱা হ'ব গভীৰ শ্ৰদ্ধা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু