--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলীৰ মেগা বাজেটৰ ছবি আৰআৰআৰে(RRR) বক্স অফিচত উন্নত প্ৰদৰ্শন কৰি আছে। দৰ্শকে দীৰ্ঘদিন ধৰি ছবিখনৰ বাবে অপেক্ষা কৰি আছিল। আৰআৰআৰে মুক্তি পোৱাৰ লগে লগে বক্স অফিচত এক আলোড়নৰ সৃষ্টি কৰিছে। ছবিখনৰ দ্বিতীয় দিনৰ সংগ্ৰহ প্ৰকাশ কৰা হৈছে আৰু সেয়া চাই এনে লাগিছে যেন ছবিখনে উপাৰ্জনৰ অনন্য অভিলেখ গঢ়িব। প্ৰথম দিনা আৰ.আৰ.আৰ.-য়ে বিশ্বজুৰি ২৪০ কোটি টকা উপাৰ্জন কৰিছিল আৰু দ্বিতীয় দিনা, এই পৰিমাণ হৈছে ৩৪০ ৰ পৰা ৩৫০ কোটি টকাৰ ভিতৰত। যদি ছবিখন এই গতিত চলে, ই তিনি দিনত ৫০০ কোটি টকা উপাৰ্জন কৰিব। 'বাহুবলী'ৰ পিছত, ৰাজামৌলীয়ে পুনৰ 'আৰআৰআৰ'ৰ সৈতে এক আলোড়ন সৃষ্টি কৰিছে। চিনেমাখন চোৱাৰ পিছত হলৰ পৰা ওলাই অহা লোকসকলে ইয়াৰ প্ৰশংসা কৰি তত পোৱা নাই। ছবিখনে সমালোচকসকলৰ পৰাও প্ৰশংসা লাভ কৰিছে। ছবিখনে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে টকা উপাৰ্জন কৰি আছে। ৰাজামৌলীৰ ছবিখনক লৈ দৰ্শকৰ মাজত দীৰ্ঘদিন ধৰি যথেষ্ট উত্তেজনা আছিল। ইয়াৰ আগতে, চলচ্চিত্ৰখন জানুৱাৰীত মুক্তি পোৱাৰ কথা আছিল কিন্তু কোভিড প্ৰটোকলৰ বাবে সেই সময়ত ছবিগৃহসমূহ বন্ধ আছিল, সেয়েহে ৰাজামৌলীয়ে ছবিখনৰ মুক্তিৰ তাৰিখ বৃদ্ধি কৰিছিল। তেওঁ কয় যে চলচ্চিত্ৰখন হলতহে খাপ খায়, সেয়েহে ইয়াৰ মুক্তিৰ বাবে অপেক্ষা কৰাটো ঠিক হ'ব। চলচ্চিত্ৰখনত দক্ষিণৰ চুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু আলিয়া ভাটে তেওঁলোকৰ সৈতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এইটো প্ৰথমবাৰৰ বাবে যে জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণ এখন চলচ্চিত্ৰত একেলগে কাম কৰিছে। এই অৰ্থত এই চলচ্চিত্ৰখন বহু দৰ্শকৰ বাবে বিশেষকৈ দক্ষিণৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবেও বিশেষ হিচাপে বিবেচিত হৈছে। আৰু পঢ়কঃ পাকিস্তানী যুৱকৰ প্ৰেমত পৰিল ৫০ বছৰীয়া জাপানী মহিলা!ইছলাম ধৰ্ম গ্ৰহণ কৰি বহিল বিয়াত

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য