--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তেওঁৰো আছে এটা বিশাল মন৷ সীমাৰ পৰিধি ভাঙি অস্কাৰৰ দৌৰত নামী পৰিছিল তেওঁ, তেওঁৰ অভিনয়ে কন্দুৱাই সহস্ৰজনক৷ আজি ঘোষিত হৈছে অস্কাৰ বিজয়ীৰ নাম৷ এই বছৰৰ অস্কাৰৰ মঞ্চখন ঐতিহাসিক মুহূৰ্তৰে ভৰি পৰিছে। এফালে, ক্ৰিছ ৰক আৰু উইল স্মিথৰ বিতৰ্কৰ বিপৰীতে এজন বিশেষ ব্যক্তিয়ে লাভ কৰিছে চৰ্চা৷ তেওঁ হৈছে শ্ৰৱণ শক্তিহীন অভিনেতা ট্ৰয় কোটচৌৰ৷ ট্ৰয় কোটচৌৰে চলচ্চিত্ৰপ্ৰেমীসকলৰ সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শ্ৰৱণ শক্তিহীন অভিনেতাজনে ‘কোডা’ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰে। অস্কাৰৰ মঞ্চত উপস্থিত সকলোৱে তেওঁক সন্মান জনোৱাৰ বাবে থিয় হয়। বহুলোকে তেওঁক মুকবধিৰসকলৰ সাংকেতিক ভাষাৰেও সন্মানিত কৰে। ট্ৰয়ে অস্কাৰৰ মঞ্চত ভাষণ দি আৱেগিক হৈ পৰে। তেওঁ লগতে এই বঁটাৰ বাবে ধন্যবাদ জনায় কোডাৰ সঞ্চালক চিয়ান হেড্ডাৰক। তেওঁ এইটোও বৰ্ণনা কৰিছিল যে চিয়ানে কেনেকৈ তেওঁৰ কামটো সহজ কৰি তুলিছিল। ট্ৰয় কোটচুৰে আগতে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত আছে জিম কেৰি অভিনীত 'দ্য নম্বৰ ২৩' আৰু 'ইউনিভাৰ্চেল চাইন'ৰ দৰে চলচ্চিত্ৰ। তেওঁ সৰু পৰ্দাত 'ষ্ট্ৰং মেডিচিন', 'ক্ৰিমিনেল মাইণ্ডছ'ৰ দৰে জনপ্ৰিয় অনুষ্ঠানতো অভিনয় কৰিছে। কিন্তু ট্ৰয় এই বঁটা লাভ কৰা প্ৰথম শ্ৰৱণ শক্তিহীন অভিনেতা নহয়। ১৯৮৬ চনত অভিনেত্ৰী মাৰ্লি মেটলিনে 'চিল্ড্ৰেন অব্ এ লেচাৰ গড’ৰ বাবে অস্কাৰ লাভ কৰে। তেওঁ শ্ৰৱণ শক্তিহীনো। অস্কাৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে শ্ৰৱণ শক্তিহীন অভিনেতা বা অভিনেত্ৰীক পুৰস্কৃত কৰা হৈছিল। এইটো দ্বিতীয়বাৰৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু