--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তেওঁৰো আছে এটা বিশাল মন৷ সীমাৰ পৰিধি ভাঙি অস্কাৰৰ দৌৰত নামী পৰিছিল তেওঁ, তেওঁৰ অভিনয়ে কন্দুৱাই সহস্ৰজনক৷ আজি ঘোষিত হৈছে অস্কাৰ বিজয়ীৰ নাম৷ এই বছৰৰ অস্কাৰৰ মঞ্চখন ঐতিহাসিক মুহূৰ্তৰে ভৰি পৰিছে। এফালে, ক্ৰিছ ৰক আৰু উইল স্মিথৰ বিতৰ্কৰ বিপৰীতে এজন বিশেষ ব্যক্তিয়ে লাভ কৰিছে চৰ্চা৷ তেওঁ হৈছে শ্ৰৱণ শক্তিহীন অভিনেতা ট্ৰয় কোটচৌৰ৷ ট্ৰয় কোটচৌৰে চলচ্চিত্ৰপ্ৰেমীসকলৰ সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শ্ৰৱণ শক্তিহীন অভিনেতাজনে ‘কোডা’ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰে। অস্কাৰৰ মঞ্চত উপস্থিত সকলোৱে তেওঁক সন্মান জনোৱাৰ বাবে থিয় হয়। বহুলোকে তেওঁক মুকবধিৰসকলৰ সাংকেতিক ভাষাৰেও সন্মানিত কৰে। ট্ৰয়ে অস্কাৰৰ মঞ্চত ভাষণ দি আৱেগিক হৈ পৰে। তেওঁ লগতে এই বঁটাৰ বাবে ধন্যবাদ জনায় কোডাৰ সঞ্চালক চিয়ান হেড্ডাৰক। তেওঁ এইটোও বৰ্ণনা কৰিছিল যে চিয়ানে কেনেকৈ তেওঁৰ কামটো সহজ কৰি তুলিছিল। ট্ৰয় কোটচুৰে আগতে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত আছে জিম কেৰি অভিনীত 'দ্য নম্বৰ ২৩' আৰু 'ইউনিভাৰ্চেল চাইন'ৰ দৰে চলচ্চিত্ৰ। তেওঁ সৰু পৰ্দাত 'ষ্ট্ৰং মেডিচিন', 'ক্ৰিমিনেল মাইণ্ডছ'ৰ দৰে জনপ্ৰিয় অনুষ্ঠানতো অভিনয় কৰিছে। কিন্তু ট্ৰয় এই বঁটা লাভ কৰা প্ৰথম শ্ৰৱণ শক্তিহীন অভিনেতা নহয়। ১৯৮৬ চনত অভিনেত্ৰী মাৰ্লি মেটলিনে 'চিল্ড্ৰেন অব্ এ লেচাৰ গড’ৰ বাবে অস্কাৰ লাভ কৰে। তেওঁ শ্ৰৱণ শক্তিহীনো। অস্কাৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে শ্ৰৱণ শক্তিহীন অভিনেতা বা অভিনেত্ৰীক পুৰস্কৃত কৰা হৈছিল। এইটো দ্বিতীয়বাৰৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ