--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ নেতৃত্বত ৫০ হাজাৰ পুৰুষ মহিলাই একত্ৰিত হৈ জোঁৰ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰি আকাশ বতাহ কঁপাই তুলিব লাহোৱালত।

ডিজিটেল ডেস্কঃ এইবাৰ গৰজি উঠিছে মটক জনগোষ্ঠী। জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫ বজাত ৫০ হাজাৰ মটক জনগোষ্ঠীৰ ৰাইজে কঁপাব ডিব্ৰুগড়ৰ লাহোৱালৰ আকাশ বতাহ। 


জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ নেতৃত্বত ৫০ হাজাৰ পুৰুষ মহিলাই একত্ৰিত হৈ জোঁৰ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰি আকাশ বতাহ কঁপাই তুলিব লাহোৱালত। 


আজি সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ নেতৃবৰ্গ‌ই লাহোৱালত সংবাদমাধ‍্যমৰ আগত কয় যে দীৰ্ঘ দিনৰ পৰাই ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত মটক জনগোষ্ঠীৰ লোকৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ কৰ্মকৰ্তাই। এই বিশাল প্ৰতিবাদী সমদল যোৱা ২২ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰাৰ কথা আছিল যদিও হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে সেই দিনৰ কাৰ্যসূচী স্থগিত ৰাখি ২৬ চেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। 


জনজাতিকৰণকলৈ কোনো কাৰণতেই আপোচ কৰা নহব বুলি মন্তব্য দিয়াৰ লগতে কয় যে, মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ১৯৪০ চনতেই প্ৰতিষ্ঠা লাভ কৰিছিল সদৌ অসম মটক যুৱ ছাত্র সন্মিলনে। 


সুদীৰ্ঘ ৮৫ বছৰ ধৰি কোনো এখন চৰকাৰে মটক জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বেই মটক জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত মটক জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু শাসনৰ গাদীত বহা দহ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিৰ পৰ্যন্ত জনজাতি কৰণ নকৰিলে। চৰকাৰৰ লগত বহু আলোচনা কৰাৰ পিছতো গুৰুত্ব নিদিলে চৰকাৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ