--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জাঁজী দলঙৰ সমীপতে নতুনকৈ নির্মাণ কৰা উৰণ সেতুৰ বুকুত ৰং-তুলিকাৰে এদল শিল্পীয়ে সিঁচি দিলে চাৰিখন জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি।

ডিজিটেল ডেস্ক : এগৰাকী জনতাৰ গণশিল্পীক প্ৰাণৰ পৰা শ্ৰদ্ধাৰে যেতিয়া ভালপোৱা হয় আৰু তেওঁৰ হঠাৎ যেতিয়া বিয়োগ ঘটে তেতিয়াই তেওঁলোকৰ হৃদয়ে কান্দি উঠে। তেতিয়াই শিল্পীগৰাকীক মনৰ দুৱাৰৰ্ডলিত সন্মানেৰে আজীৱন অমৰত্ব কৰি ৰাখে। জিলাখনৰ সীমামূৰীয়া ঠাই জাঁজী।


জাঁজী দলঙৰ সমীপতে নতুনকৈ নির্মাণ কৰা উৰণ সেতুৰ বুকুত ৰং-তুলিকাৰে এদল শিল্পীয়ে সিঁচি দিলে চাৰিখন জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি। আজি পুৱতি নিশা পর্যন্ত শিল্পীৰ দলটোৱে নিজৰ গাঁঠিৰ ধন আৰু কেইগৰাকীমান শুভাকাংক্ষীৰ আৰ্থিক সহযোগিতাৰে আঁকি দেখুৱালে ইখনৰ পাছত সিখনকৈ জুবিন গাৰ্গৰ ছবি।


দুপৰ নিশালৈকে মনৰ উৎসাহেৰে অংকন কৰি থকা আমাৰ দৃষ্টি পৰে। এজন শিল্পীয়ে উৰণ সেতুৰ তলত জুবিন গাৰ্গক অংকন কৰা ছবিখনৰ গাতে মনৰ ভাব স্মৰণ কৰি এগৰাকী শিল্পীয়ে প্ৰকাশ কৰিলে এনেদৰে- 'তুমিতো নহয় কোনো আন, তুমি মোৰ এটি তেজে ধোৱা গান, মোৰ চোতাল খালী, মোৰ কোঠা খালী, কিবা উদং উদং বুকু ছাটি-ফুটি'। তেওঁলোকে হিয়াৰ আমঠু শিল্পীগৰাকীক শ্রদ্ধা জনায় আমি জাঁজীৰ পৰাই শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি উল্লেখ কৰে। একেমুখে আটাইকেইজন শিল্পীয়ে কৈ গ'ল জুবিন গাৰ্গ অমৰ হওক।


শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাই জাঁজী গড়মূৰস্থিত জাঁজী উৰণ সেতুত স্থানীয় চিত্রশিল্পী মৌচুম গগৈ আৰু ধ্ৰুৱজ্যোতি দত্ত আৰু সহযোগী শিল্পী ৰাহুল ফুকন, উৎপল গায়নে দুখন বিশাল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাৰ সমান্তৰালভাৱে চিত্রশিল্পী জ্ঞানদীপ বৰ্মনৰ উদ্যোগত আৰু জাঁজী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগিতাৰে জুবিন গাৰ্গৰ অন্য এখন বিশাল প্রতিচ্ছবি অংকন কৰে। জুবিন গাৰ্গৰ নশ্বৰদেহ শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে পুৱতি নিশালৈকে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই পাঁচজন শিল্পীয়ে অংকন কৰি যি ব্যতিক্রমী কার্য সম্পাদন কৰিলে তেওঁলোকক সকলোৱে প্রশংসা কৰিছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ