--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ শক্তিশালী ৰাজনৈতিক নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আজি জন্মদিন। আজি ৫১ বছৰত ভৰি দিলে প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে আগতে ৰাজনীতিত যোগদান কৰিবলৈ আগ্ৰহী নাছিল যদিও ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ পিছত তেওঁ যুঁজাৰু মনোভাৱেৰে মানুহক আপ্লুত কৰি আহিছে। প্ৰিয়ংকা গান্ধীৰ সৌন্দৰ্য, গাম্ভীৰ্য আৰু ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰে। দেশৰ ৰাজনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা গান্ধী পৰিয়ালত ১৯৭২ চনৰ ১২ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল প্ৰিয়ংকা গান্ধীয়ে।  

প্ৰিয়ংকা গান্ধীৰ জীৱনত ইন্দিৰা গান্ধীৰ আভাস পোৱা যায়। তেওঁৰ পিতৃ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰিয়ংকাক দুন স্কুলত পঢ়াটো বিচাৰিছিল যদিও প্ৰিয়ংকা ঘৰৰ পৰা দূৰলৈ যাবলৈ সাজু নাছিল। ৰাজীৱ গান্ধীয়েও কন্যা প্ৰিয়ংকাৰ ওচৰত হাৰ মানিছিল। দিল্লীৰ মডাৰ্ণ স্কুলৰ পৰা পঢ়াৰ পিছত প্ৰিয়ংকাই দিল্লী বিশ্ববিদ্যালয়ৰ জিছুছ এণ্ড মেৰী স্কুলৰ পৰা মনোবিজ্ঞান বিষয়ত ডিগ্ৰী লাভ কৰিছিল। অতি কম সংখ্যকেহে গম পায় যে প্ৰিয়ংকাই ২০১০ চনত বৌদ্ধ অধ্যয়নৰ পৰা এম এ কৰিছে।

প্ৰিয়ংকা গান্ধীৰ স্বামীৰ নাম ৰবাৰ্ট ভাদ্ৰা। প্ৰিয়ংকাই ১৩ বছৰ বয়সতেই ভাদ্ৰাক লগ পাইছিল। ভাদ্ৰাৰ সৈতে বন্ধুত্ব আৰু প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল প্ৰিয়ংকাৰ। গান্ধী পৰিয়ালে তেওঁলোকৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল। অৱশেষত আকৌ এবাৰ গান্ধী পৰিয়ালে প্ৰিয়ংকাৰ জেদৰ ওচৰত হাৰ মানি ১৯৯৭ চনত প্ৰিয়ংকা আৰু ৰবাৰ্ট ভাদ্ৰাৰ বিবাহ সম্পন্ন কৰে। তেওঁলোকৰ বিবাহ অতি অনুষ্টুপীয়াকৈ পতা হৈছিল। মাত্ৰ ১৫০ জন লোকহে এই বিয়াত উপস্থিত আছিল, য’ত বচ্চন পৰিয়ালটোও অতিথি আছিল। প্ৰিয়ংকা আৰু ৰবাৰ্টৰ দুই সন্তানৰ নাম মীৰায়া আৰু ৰেহান।

প্ৰিয়ংকা গান্ধীয়ে আজিও পিতৃ ৰাজীৱ গান্ধীৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে। পিতৃক স্মৰণ কৰি আজিও উচুপি উঠে প্ৰিয়ংকা গান্ধী। ১৯৯১ চনত আততায়ীৰ হাতত ৰাজীৱ গান্ধীয়ে মৃত্যুবৰণ কৰা সময়ত প্ৰিয়ংকা গান্ধীৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। পিতৃ অবিহনে ৩২ বছৰ কটালে প্ৰিয়ংকাই। জীৱনত যেতিয়া নানা বিপদ আহে ধুমুহা আহে তেতিয়া সকলোৱে পিতৃ নামৰ বৰগছজোপাক সাৱটি ধৰি নিৰাপদ আশ্ৰয় বিচাৰে। প্ৰিয়ংকা গান্ধীও তাৰ ব্যতিক্ৰম নহয়। জীৱনৰ নানা ঘাত, প্ৰতিঘাত, সমস্যা আদিৰ সন্মুখীন হওতে প্ৰিয়ংকা গান্ধীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰে পিতৃৰ সাহস আৰু নিৰাপত্তা তেওঁৰ বাবে কিমান প্ৰয়োজন আছিল। প্ৰিয়ংকাই আজিও উচুপি উঠে পিতৃৰ মৰম বিচাৰি। প্ৰিয়ংকাই আজিও আৱেগিক হৈ জন্মদিনত বিচাৰিছে পিতৃৰ আশীৰ্বাদ। প্ৰিয়ংকা গান্ধী প্ৰতি মুহূৰ্তত ছাঁটোৰ দৰে থিয় হয় ভাতৃ ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ কাষত। 

সক্ৰিয় ৰাজনীতিত অহাৰ পিছত প্ৰিয়ংকা গান্ধীয়ে প্ৰায়বোৰ নাৰী বিষয়ত মাত মাতি আহিছে। হাথৰাছ ধৰ্ষণ কাণ্ডই হওক বা আলিগড় গোচৰেই হওক। প্ৰিয়ংকাৰ দক্ষ নেতৃত্ব আৰু ৰাজনৈতিক অভিজ্ঞতা উত্তৰ প্ৰদেশত বহু সময়ত দেখা গৈছিল। উত্তৰ প্ৰদেশ ভ্ৰমণৰ সময়ত গাঁৱৰ মহিলাসকলে প্ৰিয়ংকা গান্ধীক নিজৰ হাতেৰে খুৱাই থকা দেখা গৈছিল। প্ৰিয়ংকাৰ শিশুৰ প্ৰতিও গভীৰ মৰম আছে। তেওঁ ৰাজীৱ গান্ধী ফাউণ্ডেচনত শিশুৰ বাবে এটা পুথিভঁৰাল আৰম্ভ কৰিছে। প্ৰিয়ংকা গান্ধীৰ জন্মদিনত প্ৰাগ নিউজৰ ফালৰ পৰাও যাচিলো আন্তৰিক শুভকামনা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক