--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হাৰিয়ানাৰ পানীপাটৰ তহচিল কেম্পৰ ৰাধা ফেক্টৰীৰ সমীপত বৃহস্পতিবাৰে পুৱা এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। এখন ঘৰত গেছ চিলিণ্ডাৰটো লিক হোৱাৰ বাবে গোটেই ঘৰটো জুইৰ কবলত পৰিল। সেই সময়ত স্বামী-স্ত্ৰী আৰু ৪টা সন্তান ঘৰৰ ভিতৰত বিচনাত শুই আছিল।

জুই ইমান বেগেৰে বিয়পি পৰিল যে বিচনাত শুই থকা সকলোৱেই কংকাল হৈ পৰিল। ভিতৰৰ পৰা ওলাবলৈ বা হুলস্থুল কৰিবলৈও সুযোগো নাপালে তেওঁলোকে। দুৰ্ঘটনাটো গম পোৱাৰ লগে লগে তাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। ওচৰ-চুবুৰীয়াই তাত উপস্থিত হোৱাৰ সময়লৈকে সকলো শেষ হৈ পৰিছিল। ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষী অধীক্ষক শশাংক কুমাৰ সাৱনে কয় যে এই দুৰ্ঘটনা চিলিণ্ডাৰ ফাটি যোৱাৰ বাবে নহয় বৰঞ্চ চিলিণ্ডাৰ লিক হোৱাৰ বাবে সংঘটিত হৈছে। আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীতে ফৰেনছিক দলক মাতি অনা হৈছে।

নিহতসকলৰ ভিতৰত আছে স্বামী-স্ত্ৰী আৰু ৪টা সন্তান। শিশুসকলৰ ভিতৰত ২ গৰাকী ছোৱালী আৰু ২টা ল’ৰা আছে। নিহত দুজন হৈছে আব্দুল কৰিম (৫০), তেওঁৰ পত্নী আফৰোজা (৪৬), জ্যেষ্ঠ কন্যা ইশ্ৰত খাতুন (১৭-১৮), ৰেছমা (১৬), আব্দুল ছাকুৰ (১০) আৰু আফান (৭)। তেওঁ পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা আছিল। বৰ্তমান পৰিয়ালটো ৪ নং গালিৰ কেচি(KC)চ'কৰ বধৱা ৰাম কলনীত বাস কৰিছিল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে থিতাতে স্থানীয় লোকৰ ভিৰ হয়। একে সময়তে দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীকে ধৰি সকলো দল সেই স্থানত উপস্থিত হয়। তেওঁলোকে দিয়া তথ্য অনুসৰি সকলো জীৱিত অৱস্থাত জ্বলি গৈছিল। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ছীল কৰিছে। কাকো ঘৰৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। সমগ্ৰ দুৰ্ঘটনাটোৰ তদন্ত চলি আছে যে সকলোবোৰ জীৱন্তে সম্পূৰ্ণৰূপে কিয় জ্বলি গৈছিল বা তেওঁলোকৰ কোনোৱেও কিয় বাচিব নোৱাৰিলে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement