--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হাৰিয়ানাৰ পানীপাটৰ তহচিল কেম্পৰ ৰাধা ফেক্টৰীৰ সমীপত বৃহস্পতিবাৰে পুৱা এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। এখন ঘৰত গেছ চিলিণ্ডাৰটো লিক হোৱাৰ বাবে গোটেই ঘৰটো জুইৰ কবলত পৰিল। সেই সময়ত স্বামী-স্ত্ৰী আৰু ৪টা সন্তান ঘৰৰ ভিতৰত বিচনাত শুই আছিল।

জুই ইমান বেগেৰে বিয়পি পৰিল যে বিচনাত শুই থকা সকলোৱেই কংকাল হৈ পৰিল। ভিতৰৰ পৰা ওলাবলৈ বা হুলস্থুল কৰিবলৈও সুযোগো নাপালে তেওঁলোকে। দুৰ্ঘটনাটো গম পোৱাৰ লগে লগে তাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। ওচৰ-চুবুৰীয়াই তাত উপস্থিত হোৱাৰ সময়লৈকে সকলো শেষ হৈ পৰিছিল। ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষী অধীক্ষক শশাংক কুমাৰ সাৱনে কয় যে এই দুৰ্ঘটনা চিলিণ্ডাৰ ফাটি যোৱাৰ বাবে নহয় বৰঞ্চ চিলিণ্ডাৰ লিক হোৱাৰ বাবে সংঘটিত হৈছে। আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীতে ফৰেনছিক দলক মাতি অনা হৈছে।

নিহতসকলৰ ভিতৰত আছে স্বামী-স্ত্ৰী আৰু ৪টা সন্তান। শিশুসকলৰ ভিতৰত ২ গৰাকী ছোৱালী আৰু ২টা ল’ৰা আছে। নিহত দুজন হৈছে আব্দুল কৰিম (৫০), তেওঁৰ পত্নী আফৰোজা (৪৬), জ্যেষ্ঠ কন্যা ইশ্ৰত খাতুন (১৭-১৮), ৰেছমা (১৬), আব্দুল ছাকুৰ (১০) আৰু আফান (৭)। তেওঁ পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা আছিল। বৰ্তমান পৰিয়ালটো ৪ নং গালিৰ কেচি(KC)চ'কৰ বধৱা ৰাম কলনীত বাস কৰিছিল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে থিতাতে স্থানীয় লোকৰ ভিৰ হয়। একে সময়তে দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীকে ধৰি সকলো দল সেই স্থানত উপস্থিত হয়। তেওঁলোকে দিয়া তথ্য অনুসৰি সকলো জীৱিত অৱস্থাত জ্বলি গৈছিল। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ছীল কৰিছে। কাকো ঘৰৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। সমগ্ৰ দুৰ্ঘটনাটোৰ তদন্ত চলি আছে যে সকলোবোৰ জীৱন্তে সম্পূৰ্ণৰূপে কিয় জ্বলি গৈছিল বা তেওঁলোকৰ কোনোৱেও কিয় বাচিব নোৱাৰিলে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু