--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুৰী-কটাৰীৰ মূল্য কিমান  হ’ব পাৰে? খুব বেছি ২০০, ৩০০ বা ৫০০ টকা? কিন্তু ৫৩ লাখ টকা ব্যয় কৰা হৈছে এখন ছুৰীৰ নামত৷ জনতাৰ দৰ্শনৰ বাবে ছুৰী খনৰ প্ৰতিকৃতি তৈয়াৰ কৰি প্ৰদৰ্শনো কৰা হৈছে৷ এই ছুৰী খনৰ বিশেষত্ব আছে৷  এসময়ত উত্তৰ প্ৰদেশৰ  ৰামপুৰৰ ছুৰী ভাৰত বিখ্যাত আছিল । ৰামপুৰত তৈয়াৰ কৰা এই ছুৰী বিশেষ ধৰণৰ আছিল৷  

পিছলৈ সমগ্ৰ দেশতে 'ৰামপুৰী চাকু' হিচাপে পৰিচিত হৈ পৰিছিল। এই ছুৰী  কেৱল সাধাৰণ ৰাইজৰ মাজতেই নহয়, বলীউডৰ অভিনয় জগততো অতি জনপ্ৰিয় আছিল। ১৯৭০ আৰু ১৯৮০ ৰ দশকত এই ছুৰী  বলীউডৰ বহু ভিলেইনৰ হাতত দেখা গৈছিল৷ সময়ৰ লগে লগে ৰামপুৰৰ ছুৰীয়ে ইয়াৰ গৰিমা হেৰুৱাই পেলাইছে৷ পাহৰণিৰ গৰ্ভত লীন যোৱাৰ উপক্ৰম ঘটিছে ৰামপুৰৰ ছুৰীৰ৷ সেয়ে উত্তৰ প্ৰদেশৰ চৰকাৰেৰামপুৰৰ ছুৰীৰ স্মৃতি  স্মৃতিত জীয়াই ৰখাৰ উদ্যোগ লৈছে।

বহু বছৰ আগতে ৰামপুৰৰ আনাচেকানাচেত ছুৰী তৈয়াৰ কৰা কাৰখানা আছিল। কিন্তু সময়ৰ লগে লগে সেই কাৰখানাবোৰো বন্ধ হৈ পৰিছে৷  কাৰখানাৰ মালিকসকলেও অন্যান্য ব্যৱসায়ত জড়িত হৈ পৰিছে। ফলস্বৰূপে  ৰামপুৰ ছুৰীয়ে এতিয়া মৃত্যুৰ ক্ষণ গণিছে৷শেহতীয়াকৈ  ৰামপুৰ জিলা প্ৰশাসনে সেই ৰামপুৰৰ ছুৰীক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহিছে। 

চহৰখনৰ মাজভাগত ২০  ফুট ওখ বেদীত  ধাতুৰে ৰামপুৰৰ ছুৰী নিৰ্মাণ কৰি সংৰক্ষণৰ দিহা কৰা হৈছে৷  এই প্ৰসংগত ৰামপুৰৰ বিধায়ক  আকাশ চাক্সেনাই কয়, "ৰামপুৰৰ চাকু এসময়ত আতংকৰ প্ৰতীক হিচাপে পৰিচিত আছিল। কিন্তু চৰকাৰে এই ছুৰীক এক  কলা হিচাপে জনসাধাৰণৰ মনত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। চৰকাৰে ছুৰী নিৰ্মাণ কৰা কাৰখানাবোৰ জীয়াই ৰাখিবলৈ কৰ ৰেহাই দিব পাৰি নেকি  সেয়া  বিবেচনা কৰি আছে। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ