--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুৰী-কটাৰীৰ মূল্য কিমান  হ’ব পাৰে? খুব বেছি ২০০, ৩০০ বা ৫০০ টকা? কিন্তু ৫৩ লাখ টকা ব্যয় কৰা হৈছে এখন ছুৰীৰ নামত৷ জনতাৰ দৰ্শনৰ বাবে ছুৰী খনৰ প্ৰতিকৃতি তৈয়াৰ কৰি প্ৰদৰ্শনো কৰা হৈছে৷ এই ছুৰী খনৰ বিশেষত্ব আছে৷  এসময়ত উত্তৰ প্ৰদেশৰ  ৰামপুৰৰ ছুৰী ভাৰত বিখ্যাত আছিল । ৰামপুৰত তৈয়াৰ কৰা এই ছুৰী বিশেষ ধৰণৰ আছিল৷  

পিছলৈ সমগ্ৰ দেশতে 'ৰামপুৰী চাকু' হিচাপে পৰিচিত হৈ পৰিছিল। এই ছুৰী  কেৱল সাধাৰণ ৰাইজৰ মাজতেই নহয়, বলীউডৰ অভিনয় জগততো অতি জনপ্ৰিয় আছিল। ১৯৭০ আৰু ১৯৮০ ৰ দশকত এই ছুৰী  বলীউডৰ বহু ভিলেইনৰ হাতত দেখা গৈছিল৷ সময়ৰ লগে লগে ৰামপুৰৰ ছুৰীয়ে ইয়াৰ গৰিমা হেৰুৱাই পেলাইছে৷ পাহৰণিৰ গৰ্ভত লীন যোৱাৰ উপক্ৰম ঘটিছে ৰামপুৰৰ ছুৰীৰ৷ সেয়ে উত্তৰ প্ৰদেশৰ চৰকাৰেৰামপুৰৰ ছুৰীৰ স্মৃতি  স্মৃতিত জীয়াই ৰখাৰ উদ্যোগ লৈছে।

বহু বছৰ আগতে ৰামপুৰৰ আনাচেকানাচেত ছুৰী তৈয়াৰ কৰা কাৰখানা আছিল। কিন্তু সময়ৰ লগে লগে সেই কাৰখানাবোৰো বন্ধ হৈ পৰিছে৷  কাৰখানাৰ মালিকসকলেও অন্যান্য ব্যৱসায়ত জড়িত হৈ পৰিছে। ফলস্বৰূপে  ৰামপুৰ ছুৰীয়ে এতিয়া মৃত্যুৰ ক্ষণ গণিছে৷শেহতীয়াকৈ  ৰামপুৰ জিলা প্ৰশাসনে সেই ৰামপুৰৰ ছুৰীক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহিছে। 

চহৰখনৰ মাজভাগত ২০  ফুট ওখ বেদীত  ধাতুৰে ৰামপুৰৰ ছুৰী নিৰ্মাণ কৰি সংৰক্ষণৰ দিহা কৰা হৈছে৷  এই প্ৰসংগত ৰামপুৰৰ বিধায়ক  আকাশ চাক্সেনাই কয়, "ৰামপুৰৰ চাকু এসময়ত আতংকৰ প্ৰতীক হিচাপে পৰিচিত আছিল। কিন্তু চৰকাৰে এই ছুৰীক এক  কলা হিচাপে জনসাধাৰণৰ মনত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। চৰকাৰে ছুৰী নিৰ্মাণ কৰা কাৰখানাবোৰ জীয়াই ৰাখিবলৈ কৰ ৰেহাই দিব পাৰি নেকি  সেয়া  বিবেচনা কৰি আছে। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু