--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ তদন্তকাৰী সংস্থাসমূহে কংগ্ৰেছ, আম আদমি পাৰ্টি, টিএমচিকে ধৰি বিৰোধী নেতাসকলৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে ইন্টাৰপলে পঞ্জাব নেশ্যনেল বেংকৰ (পিএনবি)ৰ ১৩ হাজাৰ কোটি টকাৰ জালিয়াতিৰ গোচৰত পলাতক মেহুল চোকছিক নিজৰ ‘ৰঙা জাননীত অন্তৰ্ভুক্ত কৰাৰ পিছতে তালিকাখন আঁতৰোৱা হৈছে। এতিয়া এই বিষয়ত ৰাজনীতি আৰম্ভ হৈছে বুলি কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই বিজেপিৰ ওপৰত  আক্ৰমণ আৰম্ভ কৰিছে৷

 খৰ্গেই কাব্যিক ভাবে টুইট কৰি কয়, "বিৰোধী নেতাৰ বাবে ইডি-চিবিআই, কিন্তু মোডীজীৰ  প্ৰিয় "মেহুল ভাই"ৰ বাবে ইন্টাৰপলৰ পৰা মুক্তি! যেতিয়া  গৌতম আদানীৰ বাবে সংসদ স্তব্ধ হ'ব পাৰে, তেনে প্ৰেক্ষাপটত যিজন মেহুলক মোডীজীয়ে ৫ বছৰ আগতে পলাই যোৱাত সহায় কৰিছিল সেইজন পুৰণি বন্ধুক সহায় নকৰাকৈ মোডীজী কেনেকৈ থাকিব ?

 পলাতক মেহুল চোকচীৰ কথা উল্লেখ কৰি মল্লিকাৰ্জুন খৰ্গেই নিজৰ বক্তব্যত কয় যে, যিসকল মানুহে ভাৰতৰ বেংকৰ পৰা ধন লৈ পলাই যায়, এনে লোকক নিৰাপত্তা দিয়াসকলে দেশপ্ৰেমৰ কথা কয়।

 আনহাতে, লণ্ডনত ৰাহুল গান্ধীৰ ভাষণক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। বিজেপিয়ে অহৰহ ৰাহুল গান্ধীৰ পৰা ক্ষমা বিচাৰিছে। এই সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গেই উত্তৰ দিছে যে "ক্ষমা বিচৰাৰ কোনো প্ৰশ্নই অহা নাই।ভাৰতীয় দূতাবাসত হোৱা আক্ৰমণৰ ইচ্ছ্যুটো ঠেলি দিবৰ বাবে ৰাহুল গান্ধীৰ প্ৰসংগ টানি অনা হৈছে৷

 উল্লেখ্য যে ‘ভাৰত জোডো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে কৰা মন্তব্যকলৈও খৰ্গেই দিল্লী আৰক্ষী ৰাহুল গান্ধীৰ ঘৰত উপস্থিত হোৱাৰ বাবে চৰকাৰক লক্ষ্য কৰি লৈছিল। কংগ্ৰেছ সভাপতিজনে কৈছিল, "চৰকাৰে প্ৰকৃত বিষয়বোৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। যাত্ৰা সম্পূৰ্ণ হোৱাৰ ৪৬ দিন হ'ল আৰু এতিয়া আৰক্ষীয়ে সুধিছে যে আপুনি কাক লগ পাইছিল? লাখ লাখ লোকে যাত্ৰাত যোগদান কৰি ৰাহুল গান্ধী লগ পাইছিল।এতিয়া কোৱা হৈছে যে ৰাহুল গান্ধীয়ে লগ পোৱা লোকসকলক চিনাক্ত কৰিব লাগে।"

 উল্লেখযোগ্য যে,সংসদত ৰাহুল গান্ধীয়ে ভাষণ দিব নেকি বুলি সোধাত প্ৰশ্নত খৰ্গেই কয় যে "মঙলবাৰৰ বাবে কবলৈ সময় বিচৰা হৈছে। যদি ৰাহুল গান্ধীক কথা কবলৈ দিয়া হয় তেন্তে ৰাহুলে নিশ্চয় কথা কব। আমি মাথোঁ কথা কবলৈ চেষ্টা কৰিছো।কাৰণ গণতন্ত্ৰত কথা কবলৈ নিদিলে গণতন্ত্ৰ কঠিন হৈ পৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement