--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ তদন্তকাৰী সংস্থাসমূহে কংগ্ৰেছ, আম আদমি পাৰ্টি, টিএমচিকে ধৰি বিৰোধী নেতাসকলৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে ইন্টাৰপ’লে পঞ্জাব নেশ্যনেল বেংকৰ (পিএনবি)ৰ ১৩ হাজাৰ কোটি টকাৰ জালিয়াতিৰ গোচৰত পলাতক মেহুল চোকছিক নিজৰ ‘ৰঙা’ জাননীত অন্তৰ্ভুক্ত কৰাৰ পিছতে তালিকাখন আঁতৰোৱা হৈছে। এতিয়া এই বিষয়ত ৰাজনীতি আৰম্ভ হৈছে বুলি কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই বিজেপিৰ ওপৰত  আক্ৰমণ আৰম্ভ কৰিছে৷

 খৰ্গেই কাব্যিক ভাবে টুইট কৰি কয়, "বিৰোধী নেতাৰ বাবে ইডি-চিবিআই, কিন্তু মোডীজীৰ  প্ৰিয় "মেহুল ভাই"ৰ বাবে ইন্টাৰপলৰ পৰা মুক্তি! যেতিয়া  গৌতম আদানীৰ বাবে সংসদ স্তব্ধ হ'ব পাৰে, তেনে প্ৰেক্ষাপটত যিজন মেহুলক মোডীজীয়ে ৫ বছৰ আগতে পলাই যোৱাত সহায় কৰিছিল সেইজন পুৰণি বন্ধুক সহায় নকৰাকৈ মোডীজী কেনেকৈ থাকিব ?

 পলাতক মেহুল চোকচীৰ কথা উল্লেখ কৰি মল্লিকাৰ্জুন খৰ্গেই নিজৰ বক্তব্যত কয় যে, যিসকল মানুহে ভাৰতৰ বেংকৰ পৰা ধন লৈ পলাই যায়, এনে লোকক নিৰাপত্তা দিয়াসকলে দেশপ্ৰেমৰ কথা কয়।

 আনহাতে, লণ্ডনত ৰাহুল গান্ধীৰ ভাষণক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। বিজেপিয়ে অহৰহ ৰাহুল গান্ধীৰ পৰা ক্ষমা বিচাৰিছে। এই সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গেই উত্তৰ দিছে যে "ক্ষমা বিচৰাৰ কোনো প্ৰশ্নই অহা নাই।ভাৰতীয় দূতাবাসত হোৱা আক্ৰমণৰ ইচ্ছ্যুটো ঠেলি দিবৰ বাবে ৰাহুল গান্ধীৰ প্ৰসংগ টানি অনা হৈছে৷

 উল্লেখ্য যে ‘ভাৰত জোডো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে কৰা মন্তব্যকলৈও খৰ্গেই দিল্লী আৰক্ষী ৰাহুল গান্ধীৰ ঘৰত উপস্থিত হোৱাৰ বাবে চৰকাৰক লক্ষ্য কৰি লৈছিল। কংগ্ৰেছ সভাপতিজনে কৈছিল, "চৰকাৰে প্ৰকৃত বিষয়বোৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। যাত্ৰা সম্পূৰ্ণ হোৱাৰ ৪৬ দিন হ'ল আৰু এতিয়া আৰক্ষীয়ে সুধিছে যে আপুনি কাক লগ পাইছিল? লাখ লাখ লোকে যাত্ৰাত যোগদান কৰি ৰাহুল গান্ধী লগ পাইছিল।এতিয়া কোৱা হৈছে যে ৰাহুল গান্ধীয়ে লগ পোৱা লোকসকলক চিনাক্ত কৰিব লাগে।"

 উল্লেখযোগ্য যে,সংসদত ৰাহুল গান্ধীয়ে ভাষণ দিব নেকি বুলি সোধাত প্ৰশ্নত খৰ্গেই কয় যে "মঙলবাৰৰ বাবে ক’বলৈ সময় বিচৰা হৈছে। যদি ৰাহুল গান্ধীক কথা ক’বলৈ দিয়া হয় তেন্তে ৰাহুলে নিশ্চয় কথা ক’ব। আমি মাথোঁ কথা ক’বলৈ চেষ্টা কৰিছো।কাৰণ গণতন্ত্ৰত কথা ক’বলৈ নিদিলে গণতন্ত্ৰ কঠিন হৈ পৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু