--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি অতিৰিক্ত প্ৰদূষণলৈকে বিভিন্ন কাৰকে ছালৰ বয়স দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে। ফলত কম বয়সতো মুখলৈ বাৰ্ধক্যৰ আভাস আহিব পাৰে। প্ৰকৃতিৰ নিয়ম অনুসৰি এদিন বাৰ্ধক্য আহিব, কিন্তু তাৰ আগতে ছালৰ যত্ন লোৱাটো প্ৰয়োজনীয় যাতে ই বয়সতকৈ আগতে বাৰ্ধক্যৰ প্ৰভাৱ নেপেলায়। কিছুমান দৈনন্দিন অভ্যাসে অকাল বাৰ্ধক্যক নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। সবিশেষ জানো আহক।

 ১. হাতৰ যত্ন লোৱা-

বয়সৰ চাপ কেৱল মুখতহে দেখা যায় বুলি বহুতে ভাবে। এই কথা একেবাৰেই সঁচা নহয়। হাত দুখনতো বয়সৰ লক্ষণ দেখা গৈছে। সেয়েহে নিয়মিতভাৱে মেনিকিউৰ কৰক।

 ২. ভ্ৰু সজাই লওক-

নিয়মিতভাৱে ভ্ৰু সজাই ল’লে নিজকে সুন্দৰ কৰি ল’ব পাৰে। গতিকে নিয়মিতভাৱে থ্ৰেডিং কৰিব পাৰে। বহুতে নিজেই ভ্ৰূ কাটি লয়। এনে নকৰি অভিজ্ঞ সৌন্দৰ্য্য বিশেষজ্ঞৰ পৰা থ্ৰেডিং কৰি ল’ব পাৰে।

 ৩. ৰ’দৰ পৰা সাৱধান হওক-

ছালত বয়স বৃদ্ধিৰ অন্যতম লক্ষণ হ’ল ৰ’দ। গতিকে ৰ’দত ওলাই গ’লে ছাতি, টুপী, ক’লা চশমা লগত ৰাখিব। নিশ্চয় ছানস্ক্ৰীণ ক্ৰীম লগাব। ৰ’দ, ডাৱৰীয়া দিনতো ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।

 ৪. যথেষ্ট টোপনি যাওক-

নিশা ভালদৰে টোপনি নাহিলে ছালত বয়স বৃদ্ধিৰ লক্ষণ দেখা পোৱাটো নিশ্চিত। পৰ্যাপ্ত টোপনিয়ে ছালখনক বলিৰেখাৰ পৰা ৰক্ষা কৰে। সেয়েহে প্ৰতিদিনে ৬-৮ ঘণ্টা টোপনি যাব লাগে। অনিদ্ৰাই মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি কৰে। অকাল বাৰ্ধক্য হোৱাৰ আশংকাও বৃদ্ধি কৰে।

 ৫. পুষ্টিকৰ খাদ্য-

এন্টিঅক্সিডেন্টসমৃদ্ধ খাদ্য নিয়মিতভাৱে খাব লাগে। এন্টিঅক্সিডেন্টে ছাল কোমল কৰে, অকাল বয়স বৃদ্ধি ৰোধ কৰে। জলকীয়া, ব্ৰকলি, বিলাহী আৰু পাতল সেউজীয়া শাক খাব লাগে। ফলৰ ভিতৰত আপুনি কুঁহিয়াৰ, ব্লুবেৰী, এভোকেডো খাব পাৰে। দিনটোত এবাৰ হ’লেও গ্ৰীণ টিও খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু