--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি অতিৰিক্ত প্ৰদূষণলৈকে বিভিন্ন কাৰকে ছালৰ বয়স দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে। ফলত কম বয়সতো মুখলৈ বাৰ্ধক্যৰ আভাস আহিব পাৰে। প্ৰকৃতিৰ নিয়ম অনুসৰি এদিন বাৰ্ধক্য আহিব, কিন্তু তাৰ আগতে ছালৰ যত্ন লোৱাটো প্ৰয়োজনীয় যাতে ই বয়সতকৈ আগতে বাৰ্ধক্যৰ প্ৰভাৱ নেপেলায়। কিছুমান দৈনন্দিন অভ্যাসে অকাল বাৰ্ধক্যক নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। সবিশেষ জানো আহক।

 ১. হাতৰ যত্ন লোৱা-

বয়সৰ চাপ কেৱল মুখতহে দেখা যায় বুলি বহুতে ভাবে। এই কথা একেবাৰেই সঁচা নহয়। হাত দুখনতো বয়সৰ লক্ষণ দেখা গৈছে। সেয়েহে নিয়মিতভাৱে মেনিকিউৰ কৰক।

 ২. ভ্ৰু সজাই লওক-

নিয়মিতভাৱে ভ্ৰু সজাই ল’লে নিজকে সুন্দৰ কৰি ল’ব পাৰে। গতিকে নিয়মিতভাৱে থ্ৰেডিং কৰিব পাৰে। বহুতে নিজেই ভ্ৰূ কাটি লয়। এনে নকৰি অভিজ্ঞ সৌন্দৰ্য্য বিশেষজ্ঞৰ পৰা থ্ৰেডিং কৰি ল’ব পাৰে।

 ৩. ৰ’দৰ পৰা সাৱধান হওক-

ছালত বয়স বৃদ্ধিৰ অন্যতম লক্ষণ হ’ল ৰ’দ। গতিকে ৰ’দত ওলাই গ’লে ছাতি, টুপী, ক’লা চশমা লগত ৰাখিব। নিশ্চয় ছানস্ক্ৰীণ ক্ৰীম লগাব। ৰ’দ, ডাৱৰীয়া দিনতো ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।

 ৪. যথেষ্ট টোপনি যাওক-

নিশা ভালদৰে টোপনি নাহিলে ছালত বয়স বৃদ্ধিৰ লক্ষণ দেখা পোৱাটো নিশ্চিত। পৰ্যাপ্ত টোপনিয়ে ছালখনক বলিৰেখাৰ পৰা ৰক্ষা কৰে। সেয়েহে প্ৰতিদিনে ৬-৮ ঘণ্টা টোপনি যাব লাগে। অনিদ্ৰাই মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি কৰে। অকাল বাৰ্ধক্য হোৱাৰ আশংকাও বৃদ্ধি কৰে।

 ৫. পুষ্টিকৰ খাদ্য-

এন্টিঅক্সিডেন্টসমৃদ্ধ খাদ্য নিয়মিতভাৱে খাব লাগে। এন্টিঅক্সিডেন্টে ছাল কোমল কৰে, অকাল বয়স বৃদ্ধি ৰোধ কৰে। জলকীয়া, ব্ৰকলি, বিলাহী আৰু পাতল সেউজীয়া শাক খাব লাগে। ফলৰ ভিতৰত আপুনি কুঁহিয়াৰ, ব্লুবেৰী, এভোকেডো খাব পাৰে। দিনটোত এবাৰ হ’লেও গ্ৰীণ টিও খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক