--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমি প্ৰায়ে শৰীৰৰ সকলো অংশৰ সৌন্দৰ্যৰ যত্ন লওঁ, কিন্তু সাধাৰণতে দাঁতৰ হালধীয়া হোৱাটোক উপেক্ষা কৰি চলো। আমি প্ৰতিদিনে ব্ৰাছেৰে পৰিষ্কাৰ কৰো, কিন্তু আমি ভবাৰ দৰে সুফল নাপাওঁ। দাঁত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াক পৰিষ্কাৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত ৫টা ঘৰুৱা উপায়েৰে আমি দাঁত সহজে চাফা কৰি তুলিব পাৰো, জানো আহক।

 দাঁতৰ হালধীয়া দূৰ কৰা ৫টা ঘৰুৱা প্ৰতিকাৰ

 ১. আদা

আদাৰ এটা সৰু টুকুৰা মিক্সাৰ গ্ৰাইণ্ডাৰ বা ওখালিত গুৰি কৰাৰ  পাছত ইয়াৰ এক চতুৰ্থাংশ চামুচ নিমখৰ সৈতে অলপমান নেমুৰ ৰস মিহলি কৰক। এতিয়া এই তিনিটা বস্তুৰ মিশ্ৰণেৰে ব্ৰাছ কৰিলে সুফল পাব।

 ২. নিমপাত

আমি সকলোৱে নিমৰ ঔষধি গুণাগুণৰ বিষয়ে অৱগত। ইয়াৰ পাত এটা পাত্ৰত উতলাওক, তাৰ পিছত পানীখিনি চেকি থওঁক, এতিয়া ঠাণ্ডা হ’লে এই পানীৰে গাৰ্গল কৰিলেও সুফল পাব। নিমৰ তিতাই মুখ আৰু দাঁতত থকা বীজাণুবোৰ ধ্বংস কৰাত সহায় কৰে।

 ৩. এপচম নিমখ (Epsom Salt)

এপচম নিমখক মেগনেছিয়াম ছালফেট বুলিও কোৱা হয়। এই নিমখ আৰু পানী সমান পৰিমাণত মিহলি কৰক। মিশ্ৰণটোৰে দাঁতত ঘঁহি মুখখন ধুই দিয়ক লাভালাভ পাব।

 ৪. কোকো পাউডাৰ

কোকো পাউডাৰ পানী বা নাৰিকল তেলৰ সৈতে মিহলি কৰক আৰু ইয়াৰ এটা পেষ্ট প্ৰস্তুত কৰি ব্ৰাছ কৰিলে দাঁতবোৰ পৰিষ্কাৰ হয়।

 ৫. পদিনা পাত

পদিনাক অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ ৩ বা ৪টা পাত গুৰি কৰক আৰু ইয়াক নাৰিকল তেলৰ সৈতে মিহলি কৰি ব্ৰাছ কৰিলে সুফল পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা