--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমি প্ৰায়ে শৰীৰৰ সকলো অংশৰ সৌন্দৰ্যৰ যত্ন লওঁ, কিন্তু সাধাৰণতে দাঁতৰ হালধীয়া হোৱাটোক উপেক্ষা কৰি চলো। আমি প্ৰতিদিনে ব্ৰাছেৰে পৰিষ্কাৰ কৰো, কিন্তু আমি ভবাৰ দৰে সুফল নাপাওঁ। দাঁত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াক পৰিষ্কাৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত ৫টা ঘৰুৱা উপায়েৰে আমি দাঁত সহজে চাফা কৰি তুলিব পাৰো, জানো আহক।

 দাঁতৰ হালধীয়া দূৰ কৰা ৫টা ঘৰুৱা প্ৰতিকাৰ

 ১. আদা

আদাৰ এটা সৰু টুকুৰা মিক্সাৰ গ্ৰাইণ্ডাৰ বা ওখালিত গুৰি কৰাৰ  পাছত ইয়াৰ এক চতুৰ্থাংশ চামুচ নিমখৰ সৈতে অলপমান নেমুৰ ৰস মিহলি কৰক। এতিয়া এই তিনিটা বস্তুৰ মিশ্ৰণেৰে ব্ৰাছ কৰিলে সুফল পাব।

 ২. নিমপাত

আমি সকলোৱে নিমৰ ঔষধি গুণাগুণৰ বিষয়ে অৱগত। ইয়াৰ পাত এটা পাত্ৰত উতলাওক, তাৰ পিছত পানীখিনি চেকি থওঁক, এতিয়া ঠাণ্ডা হ’লে এই পানীৰে গাৰ্গল কৰিলেও সুফল পাব। নিমৰ তিতাই মুখ আৰু দাঁতত থকা বীজাণুবোৰ ধ্বংস কৰাত সহায় কৰে।

 ৩. এপচম নিমখ (Epsom Salt)

এপচম নিমখক মেগনেছিয়াম ছালফেট বুলিও কোৱা হয়। এই নিমখ আৰু পানী সমান পৰিমাণত মিহলি কৰক। মিশ্ৰণটোৰে দাঁতত ঘঁহি মুখখন ধুই দিয়ক লাভালাভ পাব।

 ৪. কোকো পাউডাৰ

কোকো পাউডাৰ পানী বা নাৰিকল তেলৰ সৈতে মিহলি কৰক আৰু ইয়াৰ এটা পেষ্ট প্ৰস্তুত কৰি ব্ৰাছ কৰিলে দাঁতবোৰ পৰিষ্কাৰ হয়।

 ৫. পদিনা পাত

পদিনাক অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ ৩ বা ৪টা পাত গুৰি কৰক আৰু ইয়াক নাৰিকল তেলৰ সৈতে মিহলি কৰি ব্ৰাছ কৰিলে সুফল পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি