--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত তৎপৰ ইণ্ডিয়া মিত্ৰজোঁট৷কিন্তু তৎপৰতা আৰু পৰাজয়ৰ গ্লানিত কথা পাহৰিছে কংগ্ৰেছে৷সোমবাৰে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে কয় যে ৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নতুন দিল্লীত বিৰোধী মিত্ৰজোঁট INDIAৰ বৈঠকৰ বিষয়ে অৱগত নাছিল;সেই দিনটোতে উত্তৰ বংগত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী আছে।


অৱশ্যে ৬ ডিচেম্বৰৰ বৈঠকৰ বাবে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেয়ে যোগাযোগ কৰা মিত্ৰজোঁটৰ অংশীদাৰসকলৰ ভিতৰত টিএমচিও অন্তৰ্ভুক্ত হোৱা বুলি পূৰ্বে প্ৰকাশ পাইছিল।মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ লগে লগে এই বৈঠক তাৎক্ষণিকভাৱে আহ্বান কৰা হয়৷


উল্লেখ্য যে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত বৃহৎ বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰজোঁট ইণ্ডিয়া। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বত শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ বিৰুদ্ধে যুঁজিবলৈ গঠন কৰা হৈছিল। চলিত বৰ্ষৰ জুলাই মাহত বেংগালুৰুত বিৰোধী দলৰ বৈঠকৰ সময়ত গঠন হৈছিল।


ইতিমধ্যে বিজেপিয়ে ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছক সিংহাসনৰ পৰা নমাই দিয়ে, লগতে মধ্যপ্ৰদেশত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰে ক্ষমতা অক্ষুণ্ণ ৰাখে। ইপিনে কংগ্ৰেছে তেলেংগানাৰ পৰা ভাৰত ৰাষ্ট্ৰ সমিতিক উৎখাত কৰে।কংগ্ৰেছৰ এই বিপৰ্যয়ৰ মাজতে মমতা বেনাৰ্জীক ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকলৈ আমন্ত্ৰণ নজনোৱাটোৱে তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক