--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্য-নিৰ্বাচিত এজন বিধায়কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ৰাজস্থানত বিজেপিৰ জয়পুৰৰ হাৱা মহলৰ আসন লাভ কৰা দলৰ বিধায়ক বালমুকুন্দ আচাৰ্যই তেওঁ অঞ্চলটোৰ ৰাজপথত থকা সকলো নন-ভেজ ফুড ষ্টল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।


ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ অনুসৰি বিজেপি বিধায়কগৰাকীয়ে এজন বিষয়াক ফোন কৰি সন্ধিয়াৰ ভিতৰত ৰাস্তাৰ কাষৰ সকলো নন-ভেজ ষ্টল ৰাস্তাৰ পৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।





ফোনযোগে ভিডিঅ’টোত কোৱা দেখা গৈছে "ৰাস্তাত মুকলিকৈ নন-ভেজ বিক্ৰী কৰিব পাৰিনে? হয় নে নহয় উত্তৰ দিয়ক। আপুনি এই কথাটো সমৰ্থন কৰে। ৰাস্তাৰ কাষৰ সকলো নন-ভেজ ষ্টল তৎক্ষণাত বন্ধ কৰি দিব লাগে। সন্ধিয়া আপোনাৰ পৰা ৰিপৰ্টটো লম; মই কেয়াৰ নকৰোঁ।"

ইফালে ভাইৰেল ভিডিঅ’টোক লৈ AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশ্ন কৰে যে কোনোবাই এনেকুৱা কথা কেনেকৈ কৰিব পাৰে?ওৱেইছিৰ মতে বিধায়কজনৰ এই নিৰ্দেশ ভুল৷

উল্লেখ্য যে, ৰাজস্থানৰ হাৱা মহল বিধানসভাৰ আসনত কংগ্ৰেছৰ আৰ আৰ তিৱাৰীক পৰাস্ত কৰি বিজেপিৰ বিধায়ক বালমুকুন্দ আচাৰ্যই ৬০০ ভোটত জয়লাভ কৰে।ৰাজস্থান বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬৯খন আসন লাভ কৰি দ্বিতীয় স্থান দখল কৰে। ৰাজস্থানত ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে ভাৰত আদিবাসী পাৰ্টীয়ে তিনিখন আসনত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে। মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টীয়ে ২ খন আসন লাভ কৰে, আৰু এখনকৈ আসন লাভ কৰে ৰাষ্ট্ৰীয় লোকদল আৰু ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক