--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্য-নিৰ্বাচিত এজন বিধায়কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ৰাজস্থানত বিজেপিৰ জয়পুৰৰ হাৱা মহলৰ আসন লাভ কৰা দলৰ বিধায়ক বালমুকুন্দ আচাৰ্যই তেওঁ অঞ্চলটোৰ ৰাজপথত থকা সকলো নন-ভেজ ফুড ষ্টল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।


ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ অনুসৰি বিজেপি বিধায়কগৰাকীয়ে এজন বিষয়াক ফোন কৰি সন্ধিয়াৰ ভিতৰত ৰাস্তাৰ কাষৰ সকলো নন-ভেজ ষ্টল ৰাস্তাৰ পৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।





ফোনযোগে ভিডিঅ’টোত কোৱা দেখা গৈছে "ৰাস্তাত মুকলিকৈ নন-ভেজ বিক্ৰী কৰিব পাৰিনে? হয় নে নহয় উত্তৰ দিয়ক। আপুনি এই কথাটো সমৰ্থন কৰে। ৰাস্তাৰ কাষৰ সকলো নন-ভেজ ষ্টল তৎক্ষণাত বন্ধ কৰি দিব লাগে। সন্ধিয়া আপোনাৰ পৰা ৰিপৰ্টটো লম; মই কেয়াৰ নকৰোঁ।"

ইফালে ভাইৰেল ভিডিঅ’টোক লৈ AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশ্ন কৰে যে কোনোবাই এনেকুৱা কথা কেনেকৈ কৰিব পাৰে?ওৱেইছিৰ মতে বিধায়কজনৰ এই নিৰ্দেশ ভুল৷

উল্লেখ্য যে, ৰাজস্থানৰ হাৱা মহল বিধানসভাৰ আসনত কংগ্ৰেছৰ আৰ আৰ তিৱাৰীক পৰাস্ত কৰি বিজেপিৰ বিধায়ক বালমুকুন্দ আচাৰ্যই ৬০০ ভোটত জয়লাভ কৰে।ৰাজস্থান বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬৯খন আসন লাভ কৰি দ্বিতীয় স্থান দখল কৰে। ৰাজস্থানত ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে ভাৰত আদিবাসী পাৰ্টীয়ে তিনিখন আসনত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে। মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টীয়ে ২ খন আসন লাভ কৰে, আৰু এখনকৈ আসন লাভ কৰে ৰাষ্ট্ৰীয় লোকদল আৰু ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু