--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ ৮ ছেপ্টেম্বৰত ৯৬ বছৰ বয়সত মৃত্যু হৈছিল ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ। তেওঁৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ব্ৰিটিছ ৰাজ পৰিয়ালে আনুষ্ঠানিকভাৱে ৰাণীৰ স্মৃতিত নতুন মুদ্ৰা মুকলি কৰে।

দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুৰ বাৰ্ষিকী উপলক্ষে মুকলি কৰা এই মুদ্ৰাটো বিশ্বৰ সৰ্বকালৰ ‘সৰ্বাধিক মূল্যৱান’ মুদ্ৰা বুলি ধাৰণা কৰা হৈছে। এই মুদ্ৰাটো প্ৰায় ৪ কেজি সোণেৰে তৈয়াৰ কৰা হৈছে। মুদ্ৰাত সাড়ে ছয় হাজাৰৰো অধিক হীৰা।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই মুদ্ৰাৰ মূল্য ভাৰতীয় টকাত প্ৰায় ১৯২ কোটি। বিলাসী লাইফষ্টাইল ব্ৰেণ্ড ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰিছে এই মুদ্ৰা। ৰাণীৰ মৃত্যুৰ এবছৰ বাৰ্ষিকী উপলক্ষে এই মুদ্ৰা মুকলি কৰা হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

স্কাই নিউজৰ তথ্য অনুসৰি এই মুদ্ৰাটোৰ ব্যাস ৯.৬ ইঞ্চি। অলপ বাস্কেটবলৰ দৰে দেখা গৈছে। মুদ্ৰাৰ ঠিক মাজতে সোণৰ মুদ্ৰা এটাও আছে। ডিস্কখনত দ্বিতীয় ৰাণী এলিজাবেথৰ প্ৰতিকৃতি ছপা কৰা হৈছে। তলত লিখা আছে, ‘গড চেভ দ্য কুইন’।

মুদ্ৰাৰ ভিতৰত আৰু বহুতো সৰু সৰু মুদ্ৰা আছে। এই সৰু সৰু মুদ্ৰাবোৰত ব্ৰিটেইনৰ বিভিন্ন শাসকৰ প্ৰতিকৃতি খোদিত কৰা হৈছে। মেৰী গিলিক, আৰ্নল্ড মেচিন, ৰাফেল মেকলুফ আৰু ইয়ান ৰেংক-ব্ৰডলিৰ দৰে বিশিষ্ট শিল্পীয়ে এই প্ৰতিকৃতি নিৰ্মাণ কৰিছিল।

মূল মুদ্ৰাটোৰ ওজন ১ কেজিতকৈ অলপ কম। সৰু সৰু মুদ্ৰাবোৰৰ ওজন প্ৰায় ৩০ গ্ৰামকৈ। এই মূল্যবান মুদ্ৰাটোক সংস্থাটোৱে ‘The Crown’ নামেৰে নামাকৰণ কৰিছে। এই মুদ্ৰা বিক্ৰী হ’ব নে নহয় সেয়া এতিয়াও কোম্পানীটোৱে ঘোষণা কৰা নাই।

অৱশ্যে এই মুদ্ৰা ৰাণীৰ মৃত্যুৰ আগতেই ঢালি দিয়া হৈছিল। কোম্পানীটোৰ মতে, এই মুদ্ৰাটো "শিল্পীসকলৰ ১৬ মাহৰ প্ৰেমৰ শ্ৰম"ৰে সৃষ্টি কৰা হৈছে।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ মতে তেওঁলোকৰ ‘দ্য ক্ৰাউন’ৰ বাবে আন বহুতো পৰিকল্পনা আছিল। কিন্তু ক’ৰ’না মহামাৰীৰ সময়ত হীৰাৰ নাটনিৰ বাবে ই ফলপ্ৰসূ নহ’ল। কোম্পানীটোৰ মতে বিভিন্ন শিল্পীয়ে হীৰা কাটি লোৱাৰ পৰা আৰম্ভ কৰি মুদ্ৰা তৈয়াৰ কৰিবলৈ ডিজাইন তৈয়াৰ কৰালৈকে সকলো কাম কৰিছে।

প্ৰসংগক্ৰমে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি বিশ্বৰ এতিয়ালৈকে সৰ্বাধিক মূল্যবান মুদ্ৰা ১৫৭ কোটি টকা। ২০২১ চনৰ জুন মাহত নিউয়ৰ্কত এই মুদ্ৰাটো নিলাম কৰা হৈছিল। ১৫৭ কোটি টকাত বিক্ৰী হোৱা আমেৰিকাৰ মুদ্ৰাটো ১৯৯৩ চনৰ। এই মুদ্ৰাটোৰ নাম ‘ডাবল ঈগল’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক