--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৬০ চনত চীনৰ জনসংখ্যা অস্বাভাৱিক হাৰত হ্ৰাস পাইছিল। আকৌ এবাৰ চীনে একেধৰণৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে। জন্মৰ হাৰ হ্ৰাস পাইছে। লগতে ক'ভিড মহামাৰীৰ বাবে বহু লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ কৰা এক সমীক্ষাত নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে এই কথা দাবী কৰিছে। তেওঁলোকৰ দাবী অনুসৰি ২০২২ চনত চীনৰ জনসংখ্যা ৬০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ইমান হ্ৰাস পাইছে। 

চীনৰ বৃহৎ জনসংখ্যাই ইয়াৰ অৰ্থনীতিৰ অন্যতম চালিকা শক্তি। আনকি বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ যথেষ্ট। এনে পৰিস্থিতিত ছয় দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনৰ জনসংখ্যাৰ গ্ৰাফ হ্ৰাস পাইছে, বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে। পৰিসংখ্যা অনুসৰি যোৱা বছৰ চীনৰ ১৪১ কোটি জনসংখ্যা ৮ লাখ ৫০ হাজাৰ হ্ৰাস পাইছে। একে সময়তে তাত ৯৫ লাখ সন্তানৰ জন্ম হৈছিল। যিটো ১৯৫০ চনৰ পিছত আটাইতকৈ কম। ইয়াৰ উপৰিও ২০২২ চনত ক'ভিড আৰু অন্যান্য কাৰণত ১ কোটি ৪ লাখ লোকৰ মৃত্যু হৈছিল। নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে দিয়া প্ৰতিবেদন অনুসৰি ২০২১ চনত চীনত জন্মৰ হাৰ ১৩ শতাংশলৈ হ্ৰাস পাইছে। মন কৰিবলগীয়া কথা যে ২০২২ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১২ জানুৱাৰীলৈ Covid ৰ বাবে ৬০,০০০ লোকৰ মৃত্যু হৈছে।

কিছু পৰিসংখ্যা অনুসৰি চীনত যোৱা বছৰ প্ৰতি এক লাখ লোকৰ বিপৰীতে মাত্ৰ ৬.৭৭ শতাংশ শিশুৰ জন্মৰ হাৰ আছিল। ১৯৭৮ চনৰ পাছত এই সংখ্যা আটাইতকৈ কম। এনে পৰিস্থিতিত দেশত আদবয়সীয়া আৰু বৃদ্ধৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিবেদন অনুসৰি ৬২ শতাংশ লোকৰ বয়স ১৬ৰ পৰা ৫৯ বছৰৰ ভিতৰত। বিশেষজ্ঞসকলৰ মতে, অৰ্থনীতিত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। চীনৰ অৰ্থনীতি আৰু বিশ্ব অৰ্থনীতিত ক্ষতিগ্ৰস্ত হ’ব। জনসংখ্যা হ্ৰাসৰ ফলত সক্ৰিয় শ্ৰমিকৰ সংখ্যা হ্ৰাস পাইছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে উদ্যোগটোক। দেশত বৃদ্ধৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীক পেঞ্চন দিওঁতে ৰাষ্ট্ৰীয় কোষাগাৰ খালী কৰা বুলিও খবৰ পোৱা গৈছে।

বিশেষজ্ঞসকলৰ মতে পূব এছিয়াত জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে চীনত। জনসংখ্যা কম হ’লেও তাত উন্নয়ন অব্যাহত আছে। কিন্তু চীনৰ অৰ্থনীতি ইয়াৰ বৃহৎ জনসংখ্যাৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ