--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৬০ চনত চীনৰ জনসংখ্যা অস্বাভাৱিক হাৰত হ্ৰাস পাইছিল। আকৌ এবাৰ চীনে একেধৰণৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে। জন্মৰ হাৰ হ্ৰাস পাইছে। লগতে ক'ভিড মহামাৰীৰ বাবে বহু লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ কৰা এক সমীক্ষাত নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে এই কথা দাবী কৰিছে। তেওঁলোকৰ দাবী অনুসৰি ২০২২ চনত চীনৰ জনসংখ্যা ৬০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ইমান হ্ৰাস পাইছে। 

চীনৰ বৃহৎ জনসংখ্যাই ইয়াৰ অৰ্থনীতিৰ অন্যতম চালিকা শক্তি। আনকি বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ যথেষ্ট। এনে পৰিস্থিতিত ছয় দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনৰ জনসংখ্যাৰ গ্ৰাফ হ্ৰাস পাইছে, বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে। পৰিসংখ্যা অনুসৰি যোৱা বছৰ চীনৰ ১৪১ কোটি জনসংখ্যা ৮ লাখ ৫০ হাজাৰ হ্ৰাস পাইছে। একে সময়তে তাত ৯৫ লাখ সন্তানৰ জন্ম হৈছিল। যিটো ১৯৫০ চনৰ পিছত আটাইতকৈ কম। ইয়াৰ উপৰিও ২০২২ চনত ক'ভিড আৰু অন্যান্য কাৰণত ১ কোটি ৪ লাখ লোকৰ মৃত্যু হৈছিল। নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে দিয়া প্ৰতিবেদন অনুসৰি ২০২১ চনত চীনত জন্মৰ হাৰ ১৩ শতাংশলৈ হ্ৰাস পাইছে। মন কৰিবলগীয়া কথা যে ২০২২ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১২ জানুৱাৰীলৈ Covid ৰ বাবে ৬০,০০০ লোকৰ মৃত্যু হৈছে।

কিছু পৰিসংখ্যা অনুসৰি চীনত যোৱা বছৰ প্ৰতি এক লাখ লোকৰ বিপৰীতে মাত্ৰ ৬.৭৭ শতাংশ শিশুৰ জন্মৰ হাৰ আছিল। ১৯৭৮ চনৰ পাছত এই সংখ্যা আটাইতকৈ কম। এনে পৰিস্থিতিত দেশত আদবয়সীয়া আৰু বৃদ্ধৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিবেদন অনুসৰি ৬২ শতাংশ লোকৰ বয়স ১৬ৰ পৰা ৫৯ বছৰৰ ভিতৰত। বিশেষজ্ঞসকলৰ মতে, অৰ্থনীতিত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। চীনৰ অৰ্থনীতি আৰু বিশ্ব অৰ্থনীতিত ক্ষতিগ্ৰস্ত হ’ব। জনসংখ্যা হ্ৰাসৰ ফলত সক্ৰিয় শ্ৰমিকৰ সংখ্যা হ্ৰাস পাইছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে উদ্যোগটোক। দেশত বৃদ্ধৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীক পেঞ্চন দিওঁতে ৰাষ্ট্ৰীয় কোষাগাৰ খালী কৰা বুলিও খবৰ পোৱা গৈছে।

বিশেষজ্ঞসকলৰ মতে পূব এছিয়াত জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে চীনত। জনসংখ্যা কম হ’লেও তাত উন্নয়ন অব্যাহত আছে। কিন্তু চীনৰ অৰ্থনীতি ইয়াৰ বৃহৎ জনসংখ্যাৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ