--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় জন্ম,মৃত্যু, বিবাহত মানুহৰ হাত নাথাকে। পতি-পত্নীৰ যোৰা বোলে ওপৰৱালাই বনাই ৰাখে। কোনোবাই পিছে বহু চেষ্টাৰ মূৰতো নিজৰ বিয়াখন পাতিবগৈ নোৱাৰে আনহাতে কেতিয়াবা এজন মানুহৰে তিনি-চাৰিগৰাকী পত্নী থকা দেখা যায়। কেতিয়াবা মানুহে বিয়া পাতিও অভিলেখ গঢ়ে। 

তেনে এজন লোক হৈছে কানাডাত (Canada) বাস কৰা উইনষ্টন ব্লেকমোৰ। উইনষ্টন ব্লেকমোৰৰ বয়স হৈছে ৬৫ বছৰ। আপুনি শুনি আচৰিত হ'ব যে উইনষ্টন ব্লেকমোৰে এতিয়ালৈকে এবাৰ বা দহবাৰ নহয় ২৭ বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে। তেওঁৰ ২৭গৰাকী পত্নীৰ বিপৰীতে আছে ১৫০টা সন্তান। সমগ্ৰ বিশ্বতে তেওঁক বহু বিবাহবাদী হিচাপে জনা যায়। শেহতীয়াকৈ তেওঁৰ প্ৰথম পত্নীৰ জীয়ৰী মেৰী জেন ব্লেকমোৰে উইনষ্টনৰ জীৱন সম্পৰ্কে কিছুমান কথা কৈছিল। 

মেৰী জেনে কৈছিল যে ''আমাৰ বৃহৎ সংখ্যক ভাই-ভনী আছে। যেতিয়া মোৰ বয়স ১৪ বছৰ আছিল তেতিয়া মোৰ দেউতাৰ ১২ গৰাকী পত্নী আছিল। সেই সময়ত আমাৰ ৪০ জন ভাই-ভনী আছিল। পিছত মোৰ দেউতা উইনষ্টন ব্লেকমোৰে আৰু কেইবাবাৰো বিয়া পাতে আৰু আমাৰ ভাই-ভনীৰ সংখ্যা ১৫০ লৈ বৃদ্ধি পাইছিল। ২০১৭ চনত মোৰ দেউতাৰ বিৰুদ্ধে বেআইনী বহুবিবাহৰ অভিযোগ আৰোপ কৰা হৈছিল আৰু তাৰপাছত ২০১৮ চনত তেওঁক ছয় মাহৰ বন্দীত্বৰ শাস্তি দিয়া হৈছিল। কানাডাৰ বহুবিবাহৰ ১০০ বছৰৰ ইতিহাসত এইটো প্ৰথম শাস্তি আছিল।'' কিন্তু মেৰীয়ে লগতে কয় যে দেউতাই কেৱল আইনীভাৱে মোৰ মাক বিয়া কৰাইছিল আৰু বাকী মহিলাসকলৰ সৈতে তেওঁ 'আধ্যাত্মিক বিবাহ' কৰিছিল।  উল্লেখ্য যে উইনষ্টনে প্ৰথমবাৰ ১৮ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি