--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় জন্ম,মৃত্যু, বিবাহত মানুহৰ হাত নাথাকে। পতি-পত্নীৰ যোৰা বোলে ওপৰৱালাই বনাই ৰাখে। কোনোবাই পিছে বহু চেষ্টাৰ মূৰতো নিজৰ বিয়াখন পাতিবগৈ নোৱাৰে আনহাতে কেতিয়াবা এজন মানুহৰে তিনি-চাৰিগৰাকী পত্নী থকা দেখা যায়। কেতিয়াবা মানুহে বিয়া পাতিও অভিলেখ গঢ়ে। 

তেনে এজন লোক হৈছে কানাডাত (Canada) বাস কৰা উইনষ্টন ব্লেকমোৰ। উইনষ্টন ব্লেকমোৰৰ বয়স হৈছে ৬৫ বছৰ। আপুনি শুনি আচৰিত হ'ব যে উইনষ্টন ব্লেকমোৰে এতিয়ালৈকে এবাৰ বা দহবাৰ নহয় ২৭ বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে। তেওঁৰ ২৭গৰাকী পত্নীৰ বিপৰীতে আছে ১৫০টা সন্তান। সমগ্ৰ বিশ্বতে তেওঁক বহু বিবাহবাদী হিচাপে জনা যায়। শেহতীয়াকৈ তেওঁৰ প্ৰথম পত্নীৰ জীয়ৰী মেৰী জেন ব্লেকমোৰে উইনষ্টনৰ জীৱন সম্পৰ্কে কিছুমান কথা কৈছিল। 

মেৰী জেনে কৈছিল যে ''আমাৰ বৃহৎ সংখ্যক ভাই-ভনী আছে। যেতিয়া মোৰ বয়স ১৪ বছৰ আছিল তেতিয়া মোৰ দেউতাৰ ১২ গৰাকী পত্নী আছিল। সেই সময়ত আমাৰ ৪০ জন ভাই-ভনী আছিল। পিছত মোৰ দেউতা উইনষ্টন ব্লেকমোৰে আৰু কেইবাবাৰো বিয়া পাতে আৰু আমাৰ ভাই-ভনীৰ সংখ্যা ১৫০ লৈ বৃদ্ধি পাইছিল। ২০১৭ চনত মোৰ দেউতাৰ বিৰুদ্ধে বেআইনী বহুবিবাহৰ অভিযোগ আৰোপ কৰা হৈছিল আৰু তাৰপাছত ২০১৮ চনত তেওঁক ছয় মাহৰ বন্দীত্বৰ শাস্তি দিয়া হৈছিল। কানাডাৰ বহুবিবাহৰ ১০০ বছৰৰ ইতিহাসত এইটো প্ৰথম শাস্তি আছিল।'' কিন্তু মেৰীয়ে লগতে কয় যে দেউতাই কেৱল আইনীভাৱে মোৰ মাক বিয়া কৰাইছিল আৰু বাকী মহিলাসকলৰ সৈতে তেওঁ 'আধ্যাত্মিক বিবাহ' কৰিছিল।  উল্লেখ্য যে উইনষ্টনে প্ৰথমবাৰ ১৮ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন