--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৯ সংখ্যক  ফিল্মফেয়াৰ বঁটাত 'টুয়েলভথ ফেইল' (12th Fail) থবি খনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবি খনৰ অভিনেতা বিক্ৰান্ত মেছি, মেধা শংকৰ আৰু অন্যান্যসকলে ব্লেক লেডী ট্ৰফী লাভ কৰিছে।বিধু বিনোদ চোপ্ৰাৰ দ্বাৰা পৰিচালিত এই ছবিখন ইউপিএছচিৰ শিক্ষাৰ্থীসকলৰ সংগ্ৰামৰ ওপৰত আধাৰিত। ছবি খনে বাস্তৱ জীৱনৰ আইপিএছ বিষয়া মনোজ কুমাৰৰ কঠোৰ পৰিশ্ৰম আৰু আইপিএছ হোৱাৰ সঁচা কাহিনী বৰ্ণনা কৰা হৈছে।

ছবি খনত কৰা অভিনয়ৰ বাবে বিক্ৰান্ত মেছিয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছে। ছবিখনে সমগ্ৰ বিশ্বৰ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিছে। 

 আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও শীৰ্ষ  শ্ৰেষ্ঠ  অভিনয়ৰ  সন্মান লাভ কৰিছে। আলিয়া ভাটে ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীত তেওঁৰ অভিনয়ৰ  বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।  আনহাতে তেওঁৰ স্বামী ৰণবীৰ কাপুৰে এনিমেলত কৰা  সুন্দৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। সন্দীপ ৰেড্ডী ভাঙ্গাৰ এনিমেলে মুঠ ৬ টা ট্ৰফীৰ সৈতে শীৰ্ষত আছে।   আনহাতে বিধু ভিনো চোপ্ৰাৰ'টুয়েলভথ ফেইল'   শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালককে ধৰি কেইবাটাও  বঁটা লাভ কৰিছে। সমালোচক শ্ৰেণীতৃ বিক্ৰান্ত মেছিয়ে 'টুয়েলভথ ফেইল' ৰ  বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ইফালে ৰাণী মুখাৰ্জী আৰু শেফালী শ্বাহে ক্ৰমান্বয়ে শ্ৰীমতী চেটাৰ্জী ভাৰ্ছেছ নৰৱেৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক)ৰ বঁটা লাভ কৰে। 


চেম বাহাদুৰৰ চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতা (সমালোচক)ৰ বাবে মনোনীত হোৱা বিকি কৌশলে ৰাজকুমাৰ হিৰাণীৰ ডংকিত  তেওঁৰ সুন্দৰ  অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰে। চলচ্চিত্ৰ নিৰ্মাতা ডেভিড ধাৱানক জীৱনজোৰা সাধনা  বঁটা প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ আত্মপ্ৰকাশ (পুৰুষ) বঁটা ফাৰাজ ছবিৰ  অভিনেতা আদিত্য ৰাৱালে লাভ কৰিছে। ফেৰী ছবিৰ  অভিনেত্ৰী আলিজেহ অগ্নিহোত্ৰীয়ে শ্ৰেষ্ঠ আত্মপ্ৰকাশ (মহিলা) বঁটা লাভ কৰিছে।

বঁটা  বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে:

শ্ৰেষ্ঠ চলচ্চিত্ৰ (জনপ্ৰিয়): 'টুয়েলভথ ফেইল' 
শ্ৰেষ্ঠ চলচ্চিত্ৰ (সমালোচক): জোৰাম
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): ৰণবীৰ কাপুৰ (এনিমেল)
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা): আলিয়া ভট্ট (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)
শ্ৰেষ্ঠ অভিনেতা (সমালোচক): বিক্ৰান্ত মেছী ('টুয়েলভথ ফেইল' )
শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক): ৰাণী মুখাৰ্জী (শ্ৰীমতী চেটাৰ্জী ভাৰ্ছেছ নৰৱে) আৰু শেফালী শ্বাহ (থ্ৰি অব আছ)।
শ্ৰেষ্ঠ পৰিচালক: বিধু বিনোদ চোপ্ৰা ('টুয়েলভথ ফেইল' )
সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): বিকি কৌশল (ডংকি)

সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা): শাবানা আজমী (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)
শ্ৰেষ্ঠ সংগীত এলবাম: এনিমেল (প্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়াছ পুৰাণিক, জানি, ভূপিন্দৰ বাব্বাল, অসীম কেমচন, হৰ্ষবৰ্ধন ৰামেশ্বৰ, গুৰিন্দৰ চিগাল)
শ্ৰেষ্ঠ গীত: অমিতাভ ভট্টাচাৰ্য (তেৰে বাস্তে- জাৰা হাটকে জাৰা বাচকে)
শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ): ভূপিন্দৰ বাব্বাল (এনিমেল)
শ্ৰেষ্ঠ প্লেবেক গায়িকা (মহিলা): শিল্পা ৰাও (বেচৰম ৰং- পাঠান)
শ্ৰেষ্ঠ কাহিনী: অমিত ৰায় (ওএমজি ২)
শ্ৰেষ্ঠ চিত্ৰনাট্য: বিধু বিনোদ চোপ্ৰা ('টুয়েলভথ ফেইল' )

শ্ৰেষ্ঠ সংলাপ: ঈশিতা মৈত্ৰ (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)


শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী: অবিনাশ অৰুণ ধৱাৰে (থ্ৰি অব আছ)

শ্ৰেষ্ঠ প্ৰযোজনা ডিজাইন: সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায় (চেম বাহাদুৰ)

শ্ৰেষ্ঠ সম্পাদনা: যশকোৱৰ সিং কোহলী- বিধু বিনোদ চোপ্ৰা ('টুয়েলভথ ফেইল'  )

শ্ৰেষ্ঠ পোছাক ডিজাইন: শচীন লাভলেকাৰ, দিব্যা গম্ভীৰ আৰু নিধি গম্ভীৰ (চেম বাহাদুৰ)


শ্ৰেষ্ঠ নৃত্য পৰিচালনা: গণেশ আচাৰ্য (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)


শ্ৰেষ্ঠ আত্মপ্ৰকাশ পৰিচালক: তৰুণ ডুডেজা (ধক ধক)

শ্ৰেষ্ঠ আত্মপ্ৰকাশ পুৰুষ: আদিত্য ৰাৱাল (ফাৰাজ)

শ্ৰেষ্ঠ আত্মপ্ৰকাশ মহিলা: আলিজেহ অগ্নিহোত্ৰী (ফেৰী)

লাইফটাইম এচিভমেণ্ট এৱাৰ্ড: ডেভিড ধাৱান


এই বছৰ বঁটা প্ৰদান অনুষ্ঠানটো দুদিন ধৰি অনুষ্ঠিত হয় । শনিবাৰে কাৰিকৰী বঁটা প্ৰদান কৰা হয়  আৰু দেওবাৰে অন্যান্য বঁটা প্ৰদান কৰা হয়। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান