--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৯ সংখ্যক  ফিল্মফেয়াৰ বঁটাত 'টুয়েলভথ ফেইল' (12th Fail) থবি খনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবি খনৰ অভিনেতা বিক্ৰান্ত মেছি, মেধা শংকৰ আৰু অন্যান্যসকলে ব্লেক লেডী ট্ৰফী লাভ কৰিছে।বিধু বিনোদ চোপ্ৰাৰ দ্বাৰা পৰিচালিত এই ছবিখন ইউপিএছচিৰ শিক্ষাৰ্থীসকলৰ সংগ্ৰামৰ ওপৰত আধাৰিত। ছবি খনে বাস্তৱ জীৱনৰ আইপিএছ বিষয়া মনোজ কুমাৰৰ কঠোৰ পৰিশ্ৰম আৰু আইপিএছ হোৱাৰ সঁচা কাহিনী বৰ্ণনা কৰা হৈছে।

ছবি খনত কৰা অভিনয়ৰ বাবে বিক্ৰান্ত মেছিয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছে। ছবিখনে সমগ্ৰ বিশ্বৰ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিছে। 

 আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও শীৰ্ষ  শ্ৰেষ্ঠ  অভিনয়ৰ  সন্মান লাভ কৰিছে। আলিয়া ভাটে ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীত তেওঁৰ অভিনয়ৰ  বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।  আনহাতে তেওঁৰ স্বামী ৰণবীৰ কাপুৰে এনিমেলত কৰা  সুন্দৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। সন্দীপ ৰেড্ডী ভাঙ্গাৰ এনিমেলে মুঠ ৬ টা ট্ৰফীৰ সৈতে শীৰ্ষত আছে।   আনহাতে বিধু ভিনো চোপ্ৰাৰ'টুয়েলভথ ফেইল'   শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালককে ধৰি কেইবাটাও  বঁটা লাভ কৰিছে। সমালোচক শ্ৰেণীতৃ বিক্ৰান্ত মেছিয়ে 'টুয়েলভথ ফেইল' ৰ  বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ইফালে ৰাণী মুখাৰ্জী আৰু শেফালী শ্বাহে ক্ৰমান্বয়ে শ্ৰীমতী চেটাৰ্জী ভাৰ্ছেছ নৰৱেৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক)ৰ বঁটা লাভ কৰে। 


চেম বাহাদুৰৰ চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতা (সমালোচক)ৰ বাবে মনোনীত হোৱা বিকি কৌশলে ৰাজকুমাৰ হিৰাণীৰ ডংকিত  তেওঁৰ সুন্দৰ  অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰে। চলচ্চিত্ৰ নিৰ্মাতা ডেভিড ধাৱানক জীৱনজোৰা সাধনা  বঁটা প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ আত্মপ্ৰকাশ (পুৰুষ) বঁটা ফাৰাজ ছবিৰ  অভিনেতা আদিত্য ৰাৱালে লাভ কৰিছে। ফেৰী ছবিৰ  অভিনেত্ৰী আলিজেহ অগ্নিহোত্ৰীয়ে শ্ৰেষ্ঠ আত্মপ্ৰকাশ (মহিলা) বঁটা লাভ কৰিছে।

বঁটা  বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে:

শ্ৰেষ্ঠ চলচ্চিত্ৰ (জনপ্ৰিয়): 'টুয়েলভথ ফেইল' 
শ্ৰেষ্ঠ চলচ্চিত্ৰ (সমালোচক): জোৰাম
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): ৰণবীৰ কাপুৰ (এনিমেল)
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা): আলিয়া ভট্ট (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)
শ্ৰেষ্ঠ অভিনেতা (সমালোচক): বিক্ৰান্ত মেছী ('টুয়েলভথ ফেইল' )
শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক): ৰাণী মুখাৰ্জী (শ্ৰীমতী চেটাৰ্জী ভাৰ্ছেছ নৰৱে) আৰু শেফালী শ্বাহ (থ্ৰি অব আছ)।
শ্ৰেষ্ঠ পৰিচালক: বিধু বিনোদ চোপ্ৰা ('টুয়েলভথ ফেইল' )
সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): বিকি কৌশল (ডংকি)

সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা): শাবানা আজমী (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)
শ্ৰেষ্ঠ সংগীত এলবাম: এনিমেল (প্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়াছ পুৰাণিক, জানি, ভূপিন্দৰ বাব্বাল, অসীম কেমচন, হৰ্ষবৰ্ধন ৰামেশ্বৰ, গুৰিন্দৰ চিগাল)
শ্ৰেষ্ঠ গীত: অমিতাভ ভট্টাচাৰ্য (তেৰে বাস্তে- জাৰা হাটকে জাৰা বাচকে)
শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ): ভূপিন্দৰ বাব্বাল (এনিমেল)
শ্ৰেষ্ঠ প্লেবেক গায়িকা (মহিলা): শিল্পা ৰাও (বেচৰম ৰং- পাঠান)
শ্ৰেষ্ঠ কাহিনী: অমিত ৰায় (ওএমজি ২)
শ্ৰেষ্ঠ চিত্ৰনাট্য: বিধু বিনোদ চোপ্ৰা ('টুয়েলভথ ফেইল' )

শ্ৰেষ্ঠ সংলাপ: ঈশিতা মৈত্ৰ (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)


শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী: অবিনাশ অৰুণ ধৱাৰে (থ্ৰি অব আছ)

শ্ৰেষ্ঠ প্ৰযোজনা ডিজাইন: সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায় (চেম বাহাদুৰ)

শ্ৰেষ্ঠ সম্পাদনা: যশকোৱৰ সিং কোহলী- বিধু বিনোদ চোপ্ৰা ('টুয়েলভথ ফেইল'  )

শ্ৰেষ্ঠ পোছাক ডিজাইন: শচীন লাভলেকাৰ, দিব্যা গম্ভীৰ আৰু নিধি গম্ভীৰ (চেম বাহাদুৰ)


শ্ৰেষ্ঠ নৃত্য পৰিচালনা: গণেশ আচাৰ্য (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)


শ্ৰেষ্ঠ আত্মপ্ৰকাশ পৰিচালক: তৰুণ ডুডেজা (ধক ধক)

শ্ৰেষ্ঠ আত্মপ্ৰকাশ পুৰুষ: আদিত্য ৰাৱাল (ফাৰাজ)

শ্ৰেষ্ঠ আত্মপ্ৰকাশ মহিলা: আলিজেহ অগ্নিহোত্ৰী (ফেৰী)

লাইফটাইম এচিভমেণ্ট এৱাৰ্ড: ডেভিড ধাৱান


এই বছৰ বঁটা প্ৰদান অনুষ্ঠানটো দুদিন ধৰি অনুষ্ঠিত হয় । শনিবাৰে কাৰিকৰী বঁটা প্ৰদান কৰা হয়  আৰু দেওবাৰে অন্যান্য বঁটা প্ৰদান কৰা হয়। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?