--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ১৮ বছৰ বয়সত ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল যুৱকজন। কামৰ পিছত সন্ধিয়া সময়বোৰ পৰ্ণগ্ৰাফী চাই পাৰ কৰিছিল। বস্তিত কিছু সময় কটোৱাৰ পিছত মাজনিশাৰ পৰা আৰম্ভ হৈছিল তাৰ বিকৃত অভিযান! নাম তাৰ ৰবিন্দৰ। ঘৰ উত্তৰপ্ৰদেশত।

কেতিয়াবা ১০ টকা বা চকলেটৰ প্ৰলোভনেৰে দূৰৈৰ বস্তিৰ পৰা সি নাবালিকাক অপহৰণ কৰিছিল। তাৰ পিছত চলাইছিল যৌন নিৰ্যাতন। কেতিয়াবা ধৰ্ষণ কৰি হত্যাও কৰিছিল ৰবিন্দৰে।

শেহতীয়াকৈ আৰক্ষীয়ে তাৰ অপৰাধনামা ফাদিল কৰিছে। এটি ৬ বছৰীয়া শিশুকন্যাৰ মৃত্যুৰ তদন্তৰ পিছতে আৰক্ষীয়ে গম পালে হত্যাকাৰী যুৱকজনৰ এই জঘণ্য কাহিনী।

২০১৫ চনত আৰক্ষীৰ জালত ধৰা পৰিছিল ২৪ বছৰীয়া ৰবিন্দৰ। তাৰ পিছত তাক দিল্লীৰ তিহাৰ জেলত ভৰ্তি কৰা হয়।উক্ত গোচৰটো ৮ বছৰ ধৰি চলি থকাৰ পাছত যোৱা শনিবাৰে আদালতে ৰবিন্দৰক দোষী সাব্যস্ত কৰে। আৰক্ষীয়ে তাৰ সৰ্বাধিক শাস্তি বিচাৰিছে। অহা ২ সপ্তাহৰ ভিতৰত আদালতে তাৰ শাস্তি ঘোষণা কৰিব। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰবিন্দৰে আগতে ৬ৰ পৰা ১২ বছৰৰ ভিতৰৰ নাবালিকাসকলক লক্ষ্য কৰি লৈছিল।

উত্তৰ প্ৰদেশৰ কাশগঞ্জৰ পৰা সি ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ দিল্লীলৈ আহিছিল। ১৮ বছৰ বয়সৰ পৰাই সি ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছিল।

৭ বছৰত ৩০ জনী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ৰবিন্দৰে। তদুপৰি জনায় যে কেতিয়াবা ৪০ কিলোমিটাৰ খোজ কাঢ়ি গৈও নাবালিকাক অপহৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে