--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ১৮ বছৰ বয়সত ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল যুৱকজন। কামৰ পিছত সন্ধিয়া সময়বোৰ পৰ্ণগ্ৰাফী চাই পাৰ কৰিছিল। বস্তিত কিছু সময় কটোৱাৰ পিছত মাজনিশাৰ পৰা আৰম্ভ হৈছিল তাৰ বিকৃত অভিযান! নাম তাৰ ৰবিন্দৰ। ঘৰ উত্তৰপ্ৰদেশত।

কেতিয়াবা ১০ টকা বা চকলেটৰ প্ৰলোভনেৰে দূৰৈৰ বস্তিৰ পৰা সি নাবালিকাক অপহৰণ কৰিছিল। তাৰ পিছত চলাইছিল যৌন নিৰ্যাতন। কেতিয়াবা ধৰ্ষণ কৰি হত্যাও কৰিছিল ৰবিন্দৰে।

শেহতীয়াকৈ আৰক্ষীয়ে তাৰ অপৰাধনামা ফাদিল কৰিছে। এটি ৬ বছৰীয়া শিশুকন্যাৰ মৃত্যুৰ তদন্তৰ পিছতে আৰক্ষীয়ে গম পালে হত্যাকাৰী যুৱকজনৰ এই জঘণ্য কাহিনী।

২০১৫ চনত আৰক্ষীৰ জালত ধৰা পৰিছিল ২৪ বছৰীয়া ৰবিন্দৰ। তাৰ পিছত তাক দিল্লীৰ তিহাৰ জেলত ভৰ্তি কৰা হয়।উক্ত গোচৰটো ৮ বছৰ ধৰি চলি থকাৰ পাছত যোৱা শনিবাৰে আদালতে ৰবিন্দৰক দোষী সাব্যস্ত কৰে। আৰক্ষীয়ে তাৰ সৰ্বাধিক শাস্তি বিচাৰিছে। অহা ২ সপ্তাহৰ ভিতৰত আদালতে তাৰ শাস্তি ঘোষণা কৰিব। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰবিন্দৰে আগতে ৬ৰ পৰা ১২ বছৰৰ ভিতৰৰ নাবালিকাসকলক লক্ষ্য কৰি লৈছিল।

উত্তৰ প্ৰদেশৰ কাশগঞ্জৰ পৰা সি ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ দিল্লীলৈ আহিছিল। ১৮ বছৰ বয়সৰ পৰাই সি ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছিল।

৭ বছৰত ৩০ জনী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ৰবিন্দৰে। তদুপৰি জনায় যে কেতিয়াবা ৪০ কিলোমিটাৰ খোজ কাঢ়ি গৈও নাবালিকাক অপহৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী