--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সুদীৰ্ঘ দুটা দশকৰ পাছত তালিবানে পুনৰ আফগানিস্তানত ক্ষমতা দখল কৰিছে। ইফালে, তালিবানৰ দ্বাৰা আফগানিস্তানৰ কমেও দুটা ভাৰতীয় দূতাবাসত তালাচী চলোৱা হৈছে। তালিবানৰ তালাচীৰ পাছত ভাৰতীয় দূতাবাসৰ দুৰ্গ তছনছ কৰাৰ উপৰি দুখন বাহনও তালিবানে জব্দ কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদনত কান্দাহাৰ আৰু হেৰাটৰ ভাৰতীয় দূতাবাসত সংঘটিত হোৱা মৰ্মস্পৰ্শী ঘটনা প্ৰকাশ পাইছে।


ইফালে, ভাৰতীয় দূতাবাসত হোৱা আক্ৰমণ কথা পোহৰলৈ অহাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মোদীয়ে টুইটাৰযোগে সদৰী কৰিছে যে, ‘হিংসাৰ দ্বাৰা প্ৰতিষ্ঠিত শাসন বেছিদিনলৈ নাথাকে। সন্ত্ৰাস আৰু আতংকৰ সৈতে আৰম্ভ হোৱা কামৰ স্থিৰতা অতি কম।’


উল্লেখ্য যে, তালিবানৰ কাটাৰ কাৰ্যালয়ে আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ কোনো ক্ষতিসাধন কৰা নহ’ব বুলি আশ্বাস দিছিল। আনকি, আফগানিস্তানত চলিত বৰ্বৰতাৰ সময়ত তালিবানে ভাৰতক দূতাবাস খালী নকৰিবলৈও আহ্বান জনাইছিল। তেনেস্থলত তালিবানৰ শেহতীয়া কাণ্ডই শংকিত কৰি তুলিছে সকলোকে।


ভাৰত চৰকাৰৰ সূত্ৰ অনুসৰি, ভাৰতীয় বায়ু সেনাৰ দুখন চি-১৭ বিমানে দূতাবাসৰ কৰ্মচাৰীসকলক কাবুলৰ পৰা ঘূৰাই আনিছিল। আফগানিস্তানত থকা ভাৰতীয় ৰাষ্ট্ৰদূতকো ঘূৰাই অনা হৈছে। অৱশ্যে, প্ৰায় ১০০০ ভাৰতীয় এতিয়াও আফগানিস্তানত আৱদ্ধ হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ