--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱীয়তাৰ স্খলন ঘটোৱা আন এটা ঘটনাই স্পৰ্শ কৰি গৈছে ৰাজস্থানক৷ ৰাজস্থানৰ সদুলপুৰত বুধবাৰে পুৱা এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ মৃতদেহ ঘৰৰ সন্মুখত উদ্ধাৰ হয়।ঘৰুৱা শত্ৰুতাৰ বাবে অভিযুক্তই কুঠাৰেৰে ডিঙি মহিলাগৰাকীৰ শিৰচ্ছেদ কৰা বুলি জানিব পৰা গৈছে। তদুপৰি পৰিয়ালটোৱে তেওঁলোকৰ ওচৰ-চুবুৰীয়া বলৱান, ৰামবীৰ, ধৰ্মপাল, চুলতানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে।

পৰিয়ালটোৱে আৰু দাবী কৰে যে এমাহ পূৰ্বে অভিযুক্তই এটা ফাৰ্মৰ পুখুৰীত বিষ মিহলাইছিল। সেই সময়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।তাৰে প্ৰতিশোধ ল’বৰ বাবে প্ৰতিবেশীয়ে এনে কাৰ্য কৰা বুলি সন্দেহ কৰিছে৷

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্তৰ বাবে সেই স্থানত উপস্থিত হয়। কিন্তু প্ৰথম অৱস্থাত প্ৰায় চাৰি ঘণ্টা ধৰি মহিলাগৰাকীৰ মৃতদেহ তুলিবলৈ আত্মীয়ই বাধা দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষীৰ আশ্বাসৰ পাছত পৰিয়ালটোৱে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ সন্মত হয় আৰু পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে আৰক্ষীক অনুৰোধ জনায়।তদুপৰি পৰিয়ালটোক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস