--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱীয়তাৰ স্খলন ঘটোৱা আন এটা ঘটনাই স্পৰ্শ কৰি গৈছে ৰাজস্থানক৷ ৰাজস্থানৰ সদুলপুৰত বুধবাৰে পুৱা এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ মৃতদেহ ঘৰৰ সন্মুখত উদ্ধাৰ হয়।ঘৰুৱা শত্ৰুতাৰ বাবে অভিযুক্তই কুঠাৰেৰে ডিঙি মহিলাগৰাকীৰ শিৰচ্ছেদ কৰা বুলি জানিব পৰা গৈছে। তদুপৰি পৰিয়ালটোৱে তেওঁলোকৰ ওচৰ-চুবুৰীয়া বলৱান, ৰামবীৰ, ধৰ্মপাল, চুলতানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে।

পৰিয়ালটোৱে আৰু দাবী কৰে যে এমাহ পূৰ্বে অভিযুক্তই এটা ফাৰ্মৰ পুখুৰীত বিষ মিহলাইছিল। সেই সময়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।তাৰে প্ৰতিশোধ ল’বৰ বাবে প্ৰতিবেশীয়ে এনে কাৰ্য কৰা বুলি সন্দেহ কৰিছে৷

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্তৰ বাবে সেই স্থানত উপস্থিত হয়। কিন্তু প্ৰথম অৱস্থাত প্ৰায় চাৰি ঘণ্টা ধৰি মহিলাগৰাকীৰ মৃতদেহ তুলিবলৈ আত্মীয়ই বাধা দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষীৰ আশ্বাসৰ পাছত পৰিয়ালটোৱে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ সন্মত হয় আৰু পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে আৰক্ষীক অনুৰোধ জনায়।তদুপৰি পৰিয়ালটোক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা